পাতনি
অসমীয়া উপন্যাস জগতত ব্যতিক্ৰমী উপন্যাস ৰচনা কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে।তেওঁ নিজৰ সংগ্ৰামময় জীৱন তথা বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত উপন্যাসবোৰ ৰচনা কৰিছে।উপন্যাসবোৰৰ পটভূমি কেৱল অসমেই স্থান পোৱা নাই ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পটভূমিও ঠাই পাইছে।বাস্তৱ জীৱনৰ ঘটনা-পৰিঘটনাক কাহিনীৰ মাজেৰে উপস্থাপন কৰিবলৈ যাওঁতে গোস্বামীয়ে বিষয়বস্তুৰ নতুনত্ব,গাম্ভীৰ্য,সমাজৰ কুসংস্কাৰৰ বিৰোধিতা, নাৰীৰ বিভিন্ন সমস্যা, সমাজৰ ভণ্ডামি,দুখীয়া সমাজৰ যন্ত্ৰণা তথা অৰ্থনৈতিক দুৰাৱস্থাৰ লগতে উপন্যাসৰ কথনশৈলীয়ে উপন্যাসবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা। চিত্ৰকল্প বৰ্ণনাৰে তেখেতে মানুহৰ কাৰ্য্যকলাপত প্ৰাধান্য, ৰাজনৈতিক, ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰথাসমূহক গুৰুত্ব দিছে।কেনেকৈ জীৱনধাৰা, শাৰীৰিক অস্তিত্ব (gender), বয়স,দাৰিদ্ৰ্য, আৰু সংঘাটতে তেওঁক প্ৰভাৱ বিস্তাৰ কৰিছিল এই সকলোবোৰ দিশ উপন্যাসকেইখনৰ মাজেৰে স্পষ্টভাবে প্ৰকাশ পাইছে।গোস্বামীয়ে সন্মুখীন হোৱা সকলো ঘটনা-পৰিঘটনাক কোনো লুক-ঢাক নকৰাকৈ আত্মজীৱনীখনত উপস্থাপন কৰিছে।আত্মজীৱনীখনত প্ৰতিখন উপন্যাস ৰচনাৰ পৃষ্ঠভূমি,তাৰ কাহিনী, চৰিত্ৰ আদি সকলো দিশৰ কথা উল্লেখ পোৱা যায়।আলোচনাৰ বিষয় অনুসৰি গোস্বামীৰ ৰচিত কেইখনমান নিৰ্বাচিত উপন্যাসৰ মাজত থকা আত্মজীৱনীমূলক উপাদান হিচাপে কাহিনী, চৰিত্ৰ আৰু পটভূমিক বিশ্লেষণ কৰা হৈছে।
"মামণি ৰয়ছম গোস্বামীৰ চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ,মামৰে ধৰা তৰোৱাল,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা,তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা উপন্যাসৰ আধাৰত আত্মজীৱনীমূলক উপাদান বিচাৰ"---- শীৰ্ষক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰোঁতে বাস্তৱ ৰূপায়িত কৰাত সহায় কৰা মোৰ সন্মানীয় প্ৰতিজন ব্যক্তিকে মই কৃতজ্ঞতা জনাইছোঁ।পোনপ্ৰথমে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ প্ৰকল্প প্ৰতিবেদন বিষয়ৰ তত্বাৱধায়ক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰাধ্যাপক ড০ স্বাতী কিৰণ বাইদেউক। বাইদেউৰ দিহা পৰামৰ্শ আৰু তত্ত্বৱধানে মোক অনুগৃহীত কৰিলে।বাইদেউৰ ঐকান্তিক সহযোগিতা অবিহনে মোৰ প্ৰকল্প প্ৰস্তুত কৰা সম্ভৱ ন'হলহেতেঁন।
মোৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাত তথ্যদাতা হিচাপে দিহা-পৰামৰ্শ আগবঢ়োৱা মামণি ৰয়ছম গোস্বামীৰ ভগ্নী সবিতা শৰ্মা গোস্বামী বাইদেউকো এই আপাহতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাইদেউৱে কৰ্মব্যস্ততাৰ মাজতো আমাক সময় দি প্ৰতিবেদনৰ তথ্য প্ৰদান কৰি প্ৰতিবেদনখন পূৰ্ণত সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰকল্প কৰ্মটি সফল কৰাত বিভিন্ন পযাৰ্য়ত সহায়-সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা মোৰ সহপাঠী বৰ্ণালী আৰু মৃদুস্মিতাকো কৃতজ্ঞতা জনাইছোঁ।
পুলিন ফুকন
স্নাতকোত্তৰ তৃতীয় ষান্মাসিক
অসমীয়াবিভাগ
/১২/২০১৯
০.০ প্ৰস্তাৱনা
০.১ বিষয়ৰ পৰিচয়
০.২ অধ্যয়নৰ উদ্দেশ্যে আৰু গুৰুত্ব
০.৩ অধ্যয়নৰ পৰিসৰ আৰু সামগ্ৰী
০.৪ অধ্যয়নৰ পদ্ধতি
০.৫ তথ্য আহৰণৰ উৎস
০.৬ পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা
১.০ প্ৰথম অধ্যায়
উপন্যাস আৰু আত্মজীৱনীৰ চমুপৰিচয়
১.১ উপন্যাসৰ সংজ্ঞা আৰু স্বৰূপ
১.২ আত্মজীৱনীৰ সংজ্ঞা আৰু স্বৰূপ
১.৩ উপন্যাসত আত্মজীৱনীমূলক উপাদানৰ ধাৰণা
২.০ দ্বিতীয় অধ্যায়
মামণি ৰয়ছম গোস্বামী আত্মজীৱনীৰ এটি চমুপৰিচয়
৩.০ তৃতীয় অধ্যায়
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ বিশ্লেষণ আৰু আত্মজীৱনীমূলক উপাদান বিচাৰ
৩.১ "চেনাবৰ স্ৰোত" উপন্যাসত আত্মজীৱনীমূলক উপাদান
৩.১.১ কাহিনী
৩.১.২ চৰিত্ৰ
৩.১.২.১ নাৰী চৰিত্ৰ
৩.১.২.২ পুৰুষ চৰিত্ৰ
৩.১.৩ পটভূমি
৪.০ চতুৰ্থ অধ্যায়
"নীলকণ্ঠী ব্ৰজ" উপন্যাসত আত্মজীৱনীমূলক উপাদান
৪.১ কাহিনী
৪.২ চৰিত্ৰ
৪.২.১ নাৰী চৰিত্ৰ
৪.২.২ পুৰুষ চৰিত্ৰ
৪.৩ পটভূমি
৫.০সপ্তম অধ্যায়
"মামৰে ধৰা তৰোৱাল" উপন্যাসত আত্মজীৱনীমূলক উপাদান
৫.১ কাহিনী
৫.২ পটভূমি
৬.০ ষষ্ঠ অধ্যায়
"দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাসত আত্মজীৱনীমূলক উপাদান
৬.১ কাহিনী
৬.২ চৰিত্ৰ
৬.২.১ নাৰী চৰিত্ৰ
৬.২.২ পুৰুষ চৰিত্ৰ
৬.৩ পটভূমি
৭.০ পঞ্চম অধ্যায়
"তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা" উপন্যাসত আত্মজীৱনীমূলক উপাদান
৭.১ কাহিনী
৭.২ চৰিত্ৰ
৭.২.১ নাৰী চৰিত্ৰ
৭.২.২ পুৰুষ চৰিত্ৰ
৭.৩ পটভূমি
৮.০ উপসংহাৰ
৮.১ সামগ্ৰিক সিদ্ধান্ত
৮.২ ভৱিষ্যত অধ্যয়নৰ সম্ভাৱনীয়তা
০.০ প্ৰস্তাৱনা
০.১ বিষয়ৰ পৰিচয়
অসমীয়া উপন্যাস জগতৰ এগৰাকী ব্যতিক্ৰমী লেখিকা হৈছে মামণি ৰয়ছম গোস্বামী।তেওঁৰ উপন্যাসৰ প্ৰেক্ষাপটত বৰ্ণিত হৈছে ভাৰত তথা ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইৰ প্ৰতিচ্ছবি।বাস্তৱ জীৱনৰ ভিত্তিত, চাক্ষুষ অভিজ্ঞতাত লাভ কৰা বহু ঘটনা তেওঁৰ উপন্যাসৰ মাজত জীৱন্ত হৈ পৰিছে।সেয়েহে তেওঁৰ উপন্যাসে এক অনন্য মাত্ৰা লাভ কৰিছে।বিষয়বস্তুৰ নতুনত্ব,গাম্ভীৰ্য,সমাজৰ কুসংস্কাৰৰ বিৰোধিতা, নাৰীৰ বিভিন্ন সমস্যা, সমাজৰ ভণ্ডামি,দুখীয়া সমাজৰ যন্ত্ৰণা তথা অৰ্থনৈতিক দুৰাৱস্থাৰ লগতে উপন্যাসৰ কথনশৈলীয়ে উপন্যাসবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতা জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা মামণি ৰয়ছম এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা।
বিংশ শতিকাৰ মহিলা ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীয়ে তেৰ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা কৰিছিল আৰু প্ৰথমাৱস্থাত চুটিগল্প ৰচনাৰে আত্মপ্ৰকাশ কৰিছিল। সত্তৰ দশকৰ পৰাহে এগৰাকী ঔপন্যাসিক হিচাপে স্বীকৃত হয়।তেওঁ অসম তথা ভাৰতবৰ্ষ আৰু ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইৰ অভিজ্ঞতা বুটলি কেইবাখনো উপন্যাস ৰচনা কৰিছে।তেওঁ ৰচনা কৰা উপন্যাসবোৰ হ'ল----------চেনাবৰ সোঁত (১৯৭২)নীলকণ্ঠী ব্ৰজ (১৯৭৬)অহিৰণ (১৯৮০),মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (১৯৮৯),ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১),তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪),মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (১৯৯৮),দাশৰথীৰ খোজ (১৯৯৯),ছিন্নমস্তাৰ মানুহটো (২০০১),থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)।তদুপৰি তেওঁ মালায়ালম উপন্যাস"অৰনাষিকনেৰম" ক ১৯৭৮ চনত "আধা ঘণ্টা সময়" নামেৰে অসমীয়ালৈ অনুবাদ কৰে।
সাহিত্য চৰ্চা তেওঁ সৰুৰে পৰা কৰিছিল যদিও সাহিত্য ৰচনাত প্ৰভাৱ পেলাইছিল কিছুমান উপাদানে।এই উপাদানবোৰৰ ভিতৰত প্ৰধান আছিল জীৱনৰ বাটত অনুপ্ৰেৰণা যোগোৱা শিক্ষক, বন্ধুবৰ্গ,পিতৃ-মাতৃ আৰু পিছলৈ স্বামী।আনহাতে বিভিন্ন পৰিৱেশত থাকি ডাঙৰ হোৱা গোস্বামীৰ বাবে সেইবোৰ আছিল সাহিত্য ৰচনাৰ প্ৰধান উৎস।প্ৰথমতে পিতৃৰ চাকৰিসূত্ৰে পোৱা বৃটিছ সংস্কৃতিৰ জাক-জমকতা ,শ্বিলঙত থকা মোহনীয় তথা শান্ত পৰিৱেশ,সত্ৰাধিকাৰ পিতৃৰ পুৰণি ভিঠা।এনে পৰিৱেশত তেওঁ সাহিত্যৰ সৃষ্টিশীল প্ৰতিভাৰ উন্মেষ ঘটিছিল।পিছলৈ তেওঁৰ জীৱনে যি পৰিৱেশ বা অনুপ্ৰেৰণা তেওঁক দেখুৱাইছিল সেই সকলোবোৰ লৈ সাহিত্য ৰচনা কৰিছিল।তেওঁৰ প্ৰায়ভাগ উপন্যাসেই নাৰীকেন্দিক যদিও উপন্যাসবোৰত সমাজৰ আন আন গম্ভীৰ দিশ তুলি ধৰা হৈছে।তেওঁৰ ৰচনাৰাজি বাস্তৱ সমাজৰ চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা ঘটনাৰ উপস্থাপন,য'ত সমাজৰ দুৰ্বল শ্ৰেণীৰ পৰা সবল শ্ৰেণীলৈ,দেশৰ ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ,অতীতৰ পৰা বৰ্তমানলৈ,উচ্চ শ্ৰেণীৰ জীৱন সংগ্ৰামৰ পৰা বনুৱা শ্ৰেণীৰ জীৱন সংগ্ৰামলৈ,সাহসী নাৰীৰ জীৱন বৃত্তান্তৰ পৰা মহীয়সীলৈ তথা ভ্ৰমণকালত লাভ কৰা বহু যাত্ৰাৰ সুন্দৰ অভিজ্ঞতা তেওঁৰ উপন্যাসত সন্নিবিষ্ট আছে।
তেওঁ বাস্তৱ অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাসবোৰ যেন একো একোখন আত্মজীৱনীহে তেনে ধাৰণা হয়।বাস্তৱজীৱন বা নিজেই সন্মুখীন হোৱা কিছুমান ঘটনা বা নিজেই বিভিন্ন ঠাইত লগ পোৱা ব্যক্তি সকলক উপন্যাসবোৰত চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ ঘটাইছে।তেওঁ উপন্যাসবোৰ ৰচনা কৰোঁতে বাস্তৱ অভিজ্ঞতাৰ কাহিনী, পটভূমি আৰু চৰিত্ৰৰ সম্পৰ্কে উপন্যাসৰ পাতনি বা লেখকৰ একাষাৰত এই কথা উল্লেখ কৰিছে।সেয়েহে আত্মজীৱনীমূলক উপাদান বুলি ক'বলৈ গ'লে এখন আত্মজীৱনীত জীৱনীকাৰৰ বাস্তৱজীৱনৰ শৈশৱ অৱস্থাৰ পৰা আৰম্ভ কৰি সমসাময়িক সমাজ জীৱনৰ ঘটনা-পৰিঘটনা, জীৱনীকাৰ আৰু সমসাময়িক শৈক্ষিক অৱস্থা, জীৱনীকাৰৰ কৰ্ম তথা বাস্তৱজীৱন সমগ্ৰৰ সত্য স্বৰূপ আত্মজীৱনীত প্ৰকাশপোৱাটো স্বাভাৱিক।কিয়নো জীৱনীকাৰ বা লেখকজন সমাজতেই বাস কৰে।গোস্বামীয়ে ৰচনা কৰা উপন্যাসবোৰৰ কাহিনী,পটভূমি আৰু চৰিত্ৰবোৰ যে তেওঁ নিজেই দেখা,লগ পোৱা এই কথা তেওঁ উল্লেখ কৰিছে।তেওঁ আত্মজীৱনী খনত উপন্যাসৰ ৰচনাৰ সময়ত কাহিনী, পটভূমি আৰু চৰিত্ৰ কাৰ লগত সাদৃশ্য আছে বা নিজৰ জীৱনৰ কথা যে উপন্যাসখনৰ কোনোবা এটা চৰিত্ৰৰ মাজেৰে প্ৰকাশ কৰিছে তাক গোস্বামীয়ে উল্লেখ কৰিছে।সেয়েহে গোস্বামীৰ উপন্যাসত আত্মজীৱনীমূলক উপাদান বুলি কওঁতে বিশেষকৈ কাহিনী, পটভূমি আৰু চৰিত্ৰৰ কথাই ক'ব লাগিব।
০.২ অধ্যয়নৰ উদ্দেশ্যে আৰু গুৰুত্ব
সাহিত্য আৰু সমাজ এটা মুদ্ৰাৰ দুটা ফাল।কোনো সাহিত্য ৰচনা কৰোঁতে কল্পনা আৰু বাস্তৱজগত উভয়ে প্ৰাধান্য পায়।ব্যক্তিনিষ্ঠ সাহিত্য হিচাপে আত্মজীৱনী লেখকৰ বা জীৱনীকাৰৰ বাস্তৱ জীৱন-অভিজ্ঞতাৰে পৰিপূৰ্ণ ইতিহাস।য'ত সমাজ, ৰাষ্ট্ৰ আৰু বিশ্বৰ পৰিধি অৰ্ন্তনিহিত হৈ থাকে।সাহিত্যৰ অন্য বিধা বা প্ৰকাৰ উপন্যাস,গল্প,কবিতা,নাটক আদিবোৰতো সমাজ,ৰাষ্ট্ৰ আৰু বিশ্বৰ পৰিধিয়ে স্থান পায়।সেয়ে সাহিত্যৰ ভিন্ন বিধা বা প্ৰকাৰবোৰৰ ভিতৰত উপন্যাসত তথা মামণি ৰয়ছম গোস্বামীৰ উপন্যাসতকেনেদৰে আৰু কেনেধৰণৰ আত্মজীৱনীমূলক উপাদান প্ৰকাশ পাইছে তাক অধ্যয়ন কৰিবৰ বাবেই প্ৰকল্পটি প্ৰস্তুত কৰা হৈছে।
সাহিত্যৰ বিধা বা প্ৰকাৰ উপন্যাস সাহিত্যতো আত্মজীৱনীৰ দৰে লেখকৰ বাস্তৱ জীৱন-অভিজ্ঞতা প্ৰকাশ পাব পাৰে।এই দৃষ্টিকোণৰ পৰা উপন্যাস সাহিত্যত আত্মজীৱনীমূলক উপাদানৰ অধ্যয়ন আৰু বিশ্লেষণৰ বাবে প্ৰকল্পটিৰ গুৰুত্ব আছে বুলিব পাৰি।
০.৩ অধ্যয়নৰ পৰিসৰ আৰু সামগ্ৰী
"মামণি ৰয়ছম গোস্বামীৰ চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ,মামৰে ধৰা তৰোৱাল,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা,তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা উপন্যাসৰ আধাৰত আত্মজীৱনীমূলক উপাদান বিচাৰ"----শীৰ্ষক প্ৰকল্প প্ৰতিবেদনখনৰ পৰিসৰ বিস্তৃত আৰু বিশ্লেষণ ব্যাপক।নিৰ্বাচিত উপন্যাসৰ মাজেৰে আলোচনা কৰা প্ৰতিবেদন খনিত মামণি ৰয়ছম গোস্বামীৰ উপন্যাস চেনাবৰ স্ৰোত,নীলকণ্ঠী ব্ৰজ,মামৰে ধৰা তৰোৱাল,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা,তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা উপন্যাস কেইখনৰ মাজত থকা আত্মজীৱনীমূলক উপাদান কাহিনী,চৰিত্ৰ,আৰু চৰিত্ৰৰ ভিতৰত নাৰী আৰু পুৰুষ চৰিত্ৰ আৰু পটভূমিক আলোচনাৰ বিষয়ৰ পৰিসৰত সামৰা হৈছে।
০.৪ অধ্যয়নৰ পদ্ধতি
"মামণি ৰয়ছম গোস্বামীৰ চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা, তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা আৰু মামৰে ধৰা তৰোৱাল উপন্যাসৰ আধাৰত আত্মজীৱনীমূলক উপাদান বিচাৰ"---- শীৰ্ষক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰোঁতে বিষয় বিশ্লেষণ পদ্ধতিৰ সহায় লোৱা হৈছে।
০.৫ তথ্য আহৰণৰ উৎস
প্ৰকল্পটি প্ৰস্তুত কৰোঁতে তথ্য আহৰণৰ উৎস হিচাপে মুখ্য আৰু গৌণ দুয়োটা উৎসৰেই সহায় লোৱা হৈছে।মুখ্য উৎস হিচাপে মামণি ৰয়ছম গোস্বামীৰ চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা, তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা আৰু মামৰে ধৰা তৰোৱাল উপন্যাসকেইখন লোৱা হৈছে। আনহাতে গৌণ উৎস হিচাপে উপন্যাসকেইখনৰ সম্পৰ্কে আলোচিত পুথিৰ লগতে বিভিন্ন গৱেষণা গ্ৰন্থ,আলোচনীৰ সহায় লোৱা হৈছে।
প্ৰকল্পটি প্ৰস্তুত কৰোঁতে গুৱাহাটীস্থিত মামণি ৰয়ছম গোস্বামীৰ বাসগৃহত থকা "ৰামাঞ্জলি" পুথিভঁৰালৰ পৰাও কিছু তথ্য সংগ্ৰহ কৰা হৈছিল।
০.৬ পূৰ্বকৃত অধ্যয়নৰ সমীক্ষা
১/ গৱেষণা গ্ৰন্থঃ
শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত পি.এইচ.ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা "মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ নাৰী চৰিত্ৰ" (২০০৫)-----------শীৰ্ষক গৱেষণা গ্ৰন্থত মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ চমু পৰিচয় আগবঢ়াই উপন্যাসত নাৰীৰ বিচিত্র ৰূপ,নাৰীৰ চিৰন্তন সমস্যা,নাৰীবাদী চেতনা আৰু মানৱতাবাদী দৃষ্টিভংগীৰ লগতে মামণি ৰয়ছম গোস্বামী উপন্যাসৰ ভাষাৰীতি সম্পৰ্কে আলোচনা কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয় পৰা পি.এইচ.ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা "অসমীয়া সাহিত্যলৈ মহিলা লেখকৰ দান"---- হেম বৰাৰ শীৰ্ষক গৱেষণা গ্ৰন্থত মামণি ৰয়চম গোস্বামীৰ উপন্যাসৰ এটি আলোচনা কৰাৰ লগতে অসমীয়া সাহিত্যলৈ আগবঢ়াই যোৱা তেওঁৰ ভিন্নধৰ্মী ভিন্ন পটভূমিত ৰচনা কৰা উপন্যাসৰ বিস্তৃত আলোচনা কৰি অসমীয়া উপন্যাস জগতত মামণি ৰয়ছম গোস্বামীৰ স্থান নিৰ্ণয় কৰিছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তুতুমণি বৰুৱাই এম.ফিল.ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা "মামণি ৰয়ছম গোস্বামীৰ সাহিত্যকৃতি এক অধ্যয়ন"(১৯৯৫-৯৬)-----শীৰ্ষক গৱেষণা গ্ৰন্থত মামণি ৰয়ছম গোস্বামীৰ সমগ্র সাহিত্যৰাজিৰ ওপৰত আলোকপাত কৰি এক প্ৰণালীবদ্ধ অধ্যয়ন কৰিছে।
"আত্মজীৱনী সাহিত্যত সামাজিক চেতনা "-----(নিৰ্ৱাচিত ভাৰতীয় আত্মজীৱনী গ্ৰন্থৰ আধাৰত এটি তুলনামূলক অধ্যয়ন)২০০৫ চনত জ্যোতিময়ী ভট্টাচাৰ্য্যই তেওঁৰ গৱেষণা গ্ৰন্থত মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী "আধালেখা দস্তাবেজ" ত লেখিকাই নিজকে তুলি ধৰা নৈতিক সাহসৰ কথা উল্লেখ কৰিছে।
অৰবিন্দ ৰাজখোৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা "উত্তৰ স্বাধীনতাকালৰ অসমীয়া উপন্যাস সাহিত্যলৈ মহিলা ঔপন্যাসিকৰ অৱদান"(২০১২)---- শীৰ্ষক গৱেষণা গ্ৰন্থত মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ এটি আলোচনা কৰা দেখা যায়।
বসন্ত খনিকৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ২০১২ চনত "স্বৰাজোত্তৰ অসমীয়া উপন্যাসত নাৰীৰ সামাজিক স্থিতিৰ প্ৰতিফলন"---- শীৰ্ষক গৱেষণা গ্ৰন্থত মামণি ৰয়ছম গোস্বামীৰ নিৰ্ৱাচিত উপন্যাস নীলকণ্ঠী ব্ৰজ ,দতাঁল হাতীৰ উঁৱে খোৱা হাওদা উপন্যাস কেইখনৰ আধাৰত সামাজিক অনুশাসনৰ বলি হোৱা নাৰী চৰিত্ৰৰ বিশ্লেষণ আগবঢ়াইছে।
জুলি কোঁৱৰে "মামণি ৰয়চম গোস্বামীৰ উপন্যাসত সামাজিক অৱক্ষয় ছবি" ২০১৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল.ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা কণিকাত নীলকণ্ঠী ব্ৰজ আৰু মামৰে ধৰা তৰোৱাল উপন্যাসৰ কেইখনৰ আধাৰত বিষয়বস্তু বিশ্লেষণ কৰিছে। লগতে উপন্যাসত প্ৰতিফলিত হোৱা নাৰীৰ প্ৰতিবাদী চিন্তাধাৰা বিশ্লেষণ কৰিছে।
"Women's Predicament in the Select of Easterine Kire,Temsula AO, Indira Goswami and Mitra Phukon A Feminist Reading" ----- Watimongla Pongener গৱেষণা গ্ৰন্থত মামণি ৰয়চম গোস্বামীৰ দতাঁল হাতীৰ উঁয়ে খোৱ হাওদা উপন্যাসৰ নাৰী-পুৰুষ চৰিত্ৰ আলোচনা কৰোঁতে পুৰুষ প্ৰধান সমাজত বিভিন্ন পৰিস্থিতিত নাৰীয়ে কিদৰে শোষিত-নিষ্পেষিত অৱস্থা আৰু তাৰ সাহসী প্ৰকাশ আলোচিত চৰিত্ৰবোৰৰ মাজেৰে কেনেদৰে হৈছে তাক গৱেষকে আলোচনা কৰিছে। উপন্যাসখন গৱেষকৰ মতে নাৰীবাদী উপন্যাস নহয় যদিও নাৰীৰ মনোজগত সাহসী উপস্থাপনে উপন্যাসখনে সমাজত নাৰীৰ সামাজিক স্থিতি উদঙাই দিছে।
ড০ মামণি গগৈ বৰগোহাঁইৰ "নাৰীৰ ৰচনাত নাৰী" ,২০০১-শীৰ্ষক গৱেষণা গ্ৰন্থখনত অসমীয়া ঔপন্যাসিকাৰ ৰচনাত নাৰী ভাৱনাৰ ৰূপান্তৰৰ দিশবোৰ আলোচনা কৰিবলৈ যাওঁতে অসমীয়া সাহিত্যৰ দুগৰাকী সাহিত্যিক মামণি ৰয়ছম গোস্বামী আৰু নিৰুপমা বৰগোহাঞিৰ ৰচনাৰাজিৰ মাজত ধৰা দিয়া নাৰীৰ ভাৱনা বিশ্লেষণ কৰিছে। গ্ৰন্থখনৰ তৃতীয় অধ্যায়ত প্ৰতীবাদৰ কণ্ঠঃ মামণি ৰয়ছম গোস্বামী আৰু অন্যান্য বুলি আলোচনা কৰোঁতে গোস্বামীৰ নীলকণ্ঠ ব্ৰজৰ সৌদামিনী,মামৰে ধৰা তৰোৱালৰ নাৰায়ণী,সাপৰ ছালৰ জোতাৰ গায়ত্ৰী,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদাৰ গিৰিবালা চৰিত্ৰৰ বিশেষ উল্লেখেৰে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হোৱা নাৰী চৰিত্ৰৰ ভাৱনা তথা প্ৰতিবাদী ৰূপৰ বিষয়ে আলোচনা কৰিছে।
২/ সম্পাদিত গ্ৰন্থঃ
মামণি ৰয়ছম গোস্বামীৰ সাহিত্য কৰ্মৰ বিষয়ে কেৱল যে গৱেষণাকৰ্ম হৈছে তেনে নহয়। বিভিন্ন ধৰণৰ সম্পাদিত গ্ৰন্থবোৰতো গোস্বামীৰ জীৱন আৰু সাহিত্যকৃতিৰ বিষয়ে সমালোচনামূলক প্ৰৱন্ধ প্ৰকাশ পাইছে।সেইবোৰৰ ভিতৰত-------
প্ৰফুল্ল কটকীৰ "স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ সমীক্ষা"(প্ৰথম প্ৰকাশ১৯৭৯)ত মামণি ৰয়ছম গোস্বামী উপন্যাসৰ প্ৰথম বিদ্যায়তনিক আলোচনা কৰোঁতে চেনাবৰ সোঁত,নীলকণ্ঠী ব্ৰজ,বচিৰুদ্দিনৰ চকু,অহিৰণ এই উপন্যাস কেইখনৰ সমীক্ষাত্মক আলোচনা কৰিছে।
মনজিৎ বৰুৱাই গোস্বামীৰ জীৱন আৰু সাহিত্যকৰ্মক ভিন্ন দেশী-বিদেশী পণ্ডিতৰ দ্বাৰা সংশ্লিষ্ট বিষয়ত আলোচনা সন্নিবিষ্ট কৰি সম্পাদনা কৰিছে "Indira GoswamiঃA Compilation on her Life Works and Achievements "(২০০৭), নামেৰে।আকৌ Kaikous Burjor Salorwala সম্পাদিত "Indira Goswami and her Fictional World --The Search for a sea " গ্ৰন্থখনতো গোস্বামীৰ সাহিত্যকৰ্মৰ বিষয়ে আলোচনা কৰিছে।
ড০ নগেন ঠাকুৰৰ সম্পাদিত "এশ বছৰৰ অসমীয়া উপন্যাস"(২০০২)---শীৰ্ষক গ্ৰন্থত নমিতা ডেকাই "মামণি ৰয়ছম গোস্বামীৰ উপন্যাস" গ্ৰন্থখনত মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ পৰিচয় দিয়াৰ লগতে আধালেখা দস্তাবেজ আৰু হৃদয়ৰ তপস্বিনী গ্ৰন্থ দুখনৰ আলোচনা আগবঢ়াইছে।তদুপৰি উপন্যাসকেইখনৰ পৰিচয় দাঙি ধৰাৰ লগতে চেনাবৰ সোঁত,নীলকণ্ঠী ব্ৰজ,মামৰে ধৰা তৰোৱাল, দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা, সংস্কাৰ, উদয় ভানুৰ চৰিত্র ইত্যাদি উপন্যাসকেইখনৰ বিষয়বস্তুৰ লগতে চৰিত্ৰ সম্পৰ্কে বিশ্লেষণ কৰিছে।
"উপন্যাস বিচাৰ"-- ড০ জাহ্নৱী দেৱী সম্পাদিত গ্ৰন্থত "বিশ্লেষণাত্মক দৃষ্টিৰে দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা ", দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসত সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলন", দতাঁল হাতীৰ উঁয়ে খোৱা হাওদাৰ নান্দনিক অধ্যয়ন"ত গোস্বামীৰ উপন্যাসখনৰ মাজত দেখা পোৱা উপমা প্ৰয়োগৰ কৌশল, প্ৰতীক,প্ৰকাশ ভংগী,বাক্য বিন্যাস পদ্ধতি,শব্দ প্ৰয়োগৰ কৌশল, অলংকাৰ প্ৰয়োগৰ চাৰ্তুয্যতা, ব্যঞ্জনাময় বাক্যৰ প্ৰয়োগে বক্তব্য বিষয়ক প্ৰভাৱশালী কৰা, ফকৰা-যোজনা ,খণ্ডবাক্যৰ ব্যৱহাৰ,কামৰূপী উপভাষা প্ৰয়োগ আদিৰ বিষয়ে পোৱা যায়।
ড০ লক্ষী হাজৰিকাৰ সম্পাদিত "ভাষা -সাহিত্য সংস্কৃতি বীথিকা " শীৰ্ষক গ্ৰন্থত প্ৰকাশ পোৱা ড০ অঞ্জলি শৰ্মাৰ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস " দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাসৰ নাৰী চৰিত্ৰ-- যুগান্তৰ ছবি " --শীৰ্ষক আলোচনাত দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসৰ নাৰী চৰিত্ৰৰ মনস্তাত্বিক দিশ তথা পুৰুষ প্ৰধান সমাজত নাৰী সকলে সন্মুখীন হ'ব লগা সমস্যাৰ দিশবোৰ সুন্দৰ ৰূপত আলোচনা কৰা দেখা যায়।
৩/ অসমীয়া গ্ৰন্থঃ
সত্যেন্দ্ৰনাথ শৰ্মাৰ "অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত" গ্ৰন্থত উত্তৰ-স্বাধীনতা কালৰ সাহিত্য বিষয়ে আলোচনা কৰোঁতে মামণি ৰয়ছম গোস্বামীৰ চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ,অহীৰণ,মামৰে ধৰা তৰোৱাল, উঁয়ে খোৱা হাওদা উপন্যাসৰ বিষয়বস্তুৰ লগত প্ৰত্যক্ষ অভিজ্ঞতা,খুটিনাটি বিৱৰণ প্ৰতি সজাগ,নিম্ন শ্ৰেণীৰ চৰিত্ৰৰ কাৰ্যকলাপ আৰু আশা-আকাংক্ষাৰ প্ৰতি সহানুভূতি কাহিনীবন্ধনৰ শিথিলতা আদি তথ্যভিত্তিক পৰিচয় আগবঢ়াইছে। আকৌ "অসমীয়া উপন্যাসৰ গতিধাৰা"(প্ৰথম প্ৰকাশ ১৯৭৬) গ্ৰন্থখনত স্ত্ৰী ঔপন্যাসিকাৰ বিষয়ে আলোচনা কৰোঁতে ৰয়ছম গোস্বামীৰ উপন্যাসৰ বিশেষত্ব আলোচনা কৰাৰ লগতে চেনাবৰ সোঁত উপন্যাসৰ এটি তথ্যভিত্তিক আলোচনা দাঙি ধৰিছে। আকৌ চৰিত্ৰৰবোৰৰ বিষয়ে আলোচনা কৰাৰ ওপৰি আঞ্চলিক,নদীকেন্দ্ৰিক আৰু জনজাতীয় জীৱনভিত্তিক উপন্যাসৰ বিষয়ক আলোচনাত আঞ্চলিক উপন্যাস নীলকণ্ঠী ব্ৰজৰ বিষয়ে উল্লেখ কৰিছে।
মহেশ্বৰ নেওগৰ "অসমীয়া সাহিত্যৰ ৰূপৰেখা"গ্ৰন্থখনত বৰ্ত্তমান সাহিত্যৰ বিষয়ে আলোচনা কৰোঁতে গোস্বামীৰ নিজস্ব পৰ্যবেক্ষণেৰে সমাজতাত্বিক প্ৰমূল্যৰে ৰচনা কৰা "নীলকণ্ঠী ব্ৰজ"(১৯৭৮), মামৰে ধৰা তৰোৱাল(১৯৮০) নিজৰ চিনাকি আমৰঙা সত্ৰৰ স্মৃতিৰ আধাৰত দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা আৰু সৰু আকৃতিৰ উপন্যাস ৰচনা কৰি সমালোচকৰ বিশেষ দৃষ্টি দাবী কৰিছে বুলি উল্লেখ কৰিছে।
গোৱিন্দ প্ৰসাদ শৰ্মাৰ "উপন্যাস আৰু অসমীয়া উপন্যাস" গ্ৰন্থত "উপন্যাসত সামাজিক বাস্তৱতা মামণি ৰয়ছম গোস্বামীৰ দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা "আৰু "মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজঃ অতিবাস্তৱবাদৰ প্ৰতিফলণ", নাৰীবাদ আৰু অসমীয়া উপন্যাস"গ্ৰন্থত গোস্বামীৰ চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা আৰু ছিন্নমস্তাৰ মানুহটো উপন্যাসত নাৰী ভাৱনা সম্পৰ্কে আলোচনা কৰিছে।
ড০ স্বাতী কিৰণে "সাহিত্য সংস্কৃতি জিজ্ঞাসা"(২০১১)ত মামণি ৰয়ছম গোস্বামীৰ দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসৰ বিষয়ে আলোচনা কৰোঁতে উপন্যাসখনৰ চৰিত্ৰ আৰু কাহিনী আদি সকলো দিশৰ সম্পৰ্কে ফুটাইতোলা দেখা যায়।
ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য্যৰ সমালোচনামূলক গ্ৰন্থ " আধুনিক উপন্যাস" ত অসমৰ সামাজিক উপন্যাস অধ্যায়ৰ আলোচনাত মামণি ৰয়ছম গোস্বামীৰ উপন্যাস " নীলকণ্ঠী ব্ৰজ" উপন্যাসত প্ৰকাশ পোৱা সামাজিক দিশ বিধৱা জীৱনৰ ইতিহাস আৰু "চেনাবৰ সোঁত" উপন্যাসত প্ৰকাশ লাভ কৰা বনুৱা সকলৰ জীৱন যাত্ৰাৰ ছবি প্ৰতিফলিত হোৱাৰ এক তথ্যভিত্তিক পৰিচয় আগবঢ়াইছে।
৩/আলোচনী/বাতৰি কাকতঃ
মামণি ৰয়ছম গোস্বামীৰ সাহিত্য কৰ্মৰ বিষয়ে আলোচনীবোৰতো সাময়িকভাৱে লেখা প্ৰকাশ পাইছে। তাৰ ভিতৰত------------
অৰবিন্দ ৰাজখোৱাৰ(৩০ নৱেম্বৰ ২০১১) চনত "কদৰ্য জীৱনৰ মাজত মাৱতাৰ সন্ধান- মামণি ৰয়ছম গোস্বামীৰ উপন্যাস" শীৰ্ষকেৰে দৈনিক জনমভূমিত সমালোচনামুলক লেখা প্ৰকাশ পাইছিল।
উল্লিখিত আলোচনাবোৰত মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত আত্মজীৱনীমূলক উপাদানৰ সম্পৰ্কে পোনপটীয়াকৈ আলোচনা পোৱা নাযায় যদিওঁ নিৰ্বাচিত উপন্যাসবোৰৰ আলোচনাৰ কিছু তথ্যৰ সমল পোৱা গৈছে।
১.০ প্ৰথম অধ্যায়
উপন্যাস আৰু আত্মজীৱনীৰ চমুপৰিচয়
১.১ উপন্যাসৰ সংজ্ঞা আৰু স্বৰূপ
১.২ আত্মজীৱনীৰ সংজ্ঞা আৰু স্বৰূপ
১.৩ উপন্যাসত আত্মজীৱনীমূলক উপাদানৰ সাধাৰণ ধাৰণা
১.০ প্ৰথম অধ্যায়
উপন্যাস আৰু আত্মজীৱনীৰ চমুপৰিচয়
১.১ উপন্যাসৰ সংজ্ঞা আৰু স্বৰূপ
সাহিত্যৰ অন্যান্য বিধাবোৰৰ দৰে উপন্যাসো আধুনিক সাহিত্যৰ শাখাবোৰৰ ভিতৰত অন্যতম।উপন্যাস এক কথাশিল্প।সাহিত্যৰ আন আন বিধাবোৰতকৈ ই জনপ্ৰিয় কাৰণ ইয়াত মানৱ জীৱনৰ পূৰ্ণাংগ চিত্ৰ বৰ্ণিত হয়।উপন্যাসত মানৱ জীৱনৰ বৈচিত্ৰপূৰ্ণ ঘটনাবোৰক কলাসন্মত গাঁথনিৰে ৰসোত্তীৰ্ণ ৰূপত প্ৰকাশ কৰা হয়।উপন্যাসৰ চৰিত্ৰ আৰু ইয়াৰ ঘটনা কাল্পনিক হলেও কিন্তু বাস্তৱধৰ্মী আৰু প্ৰত্যয়জনক।উপন্যাস মানুহ আৰু ঘটনা বাস্তৱৰ অনুৰূপ যদিও উপন্যাস এক কাল্পনিক মাধ্যম, যাৰ মাজেদি জীৱনৰ অজান বাৰ্তা কিছুমান প্ৰকাশ কৰা হয়।মানুহৰ জীৱনৰ অপ্ৰকাশিত চিৰন্তন সত্য ঘটনা কিছুমান পোহৰলৈ আনি জীৱনৰ সমগ্ৰতা উপন্যাসত প্ৰকাশ কৰাৰ চেষ্টা কৰা হয়।উপন্যাস জীৱনৰ অনুসন্ধান আৰু জীৱনৰ আৱিষ্কাৰ অভিযান।কিন্তু উপন্যাস যিহেতু ক'লা,সেয়েহে উপন্যাসত জীৱনৰ সন্ধান আৰু আৱিষ্কাৰবোৰ কলাসন্মতভাৱে বৰ্ণনা কৰা হয়।
উপন্যাসত জীৱনৰ আদৰ্শ এটাও জড়িত থাকে।জীৱনৰ সম্পৰ্কে ঔপন্যাসিকৰ অভিজ্ঞতাই লেখকজনক এটা আদৰ্শবোধ দিয়ে।কোনো চৰিত্ৰ বিশেষৰ চিন্তা, কাৰ্যাৱলী কাহিনীৰ পৰিণতি তথা উপন্যাসৰ সামগ্ৰিক পৰিণতিৰ মাজেৰে জীৱনাদৰ্শ প্ৰতিফলন হয়।উপন্যাসৰ সম্পৰ্কে ভালে কেইজন পণ্ডিতে সংজ্ঞা আগবঢ়াইছে।তাৰ ভিতৰত-----------
উপন্যাস মানৱ জীৱনৰ সৰ্বাত্মক চিত্ৰণ।ক্লাভা ৰীভেৰ মতে---"The novel is a picture of real life and manners and of the time in which it is written"১ অৰ্থাৎ উপন্যাস বাস্তৱৰ ওপৰত নিৰ্ভৰশীল আৰু মানুহৰ জীৱনৰ ৰীতি-নীতি বা আচৰণৰ বাস্তৱ চিত্ৰ ইয়াত দাঙি ধৰা হয়।
উপন্যাসক কলা বুলি ক'বলৈ গৈ Desmand Makcarthy য়ে কৈছে----"সংগীত, চিত্ৰ, কবিতা বা নাটকৰ দৰেই উপন্যাস এবিধ কলা।সেয়ে ইয়াৰ উদ্দেশ্য হৈছে ৰসানুভূতি আৰু সৌন্দৰ্যানুভূতি প্ৰদান কৰা।ঔপন্যাসিকে মানুহৰ আকাংক্ষাৰ না না সম্পদ সংগ্ৰহ কৰি ইয়াক মিশ্ৰ কলা হিচাপে তৈয়াৰ কৰে।"২
ডব্লিউ, এইচ,হাডচনৰ মতে---------"Most elastic and irregular of all the great froms of literary expression."৩
১.Q.V.Mirrion Allot:Novelists on the Novel,পৃ.১৪
২.ৰাজীৱ ৰাজখোৱা,অসমীয়া সাহিত্য-সংস্কৃতিৰ দাপোন,পৃ.৫৬
৩.উল্লিখিত,পৃ,৫৬
ইয়াৰ দ্বাৰা এইটোৱেই প্ৰতিপন্ন হয় যে ঔপন্যাসিক নিজেই এজন স্ৰষ্টা।ঔপন্যাসিকে যিখন জগত আৰু জীৱনৰ সৃষ্টি কৰে তাৰ শৰীৰি ৰূপ নাথাকিব পাৰে কিন্তু বাস্তৱৰ মানুহৰ গুণগত প্ৰাণৰ স্পন্দন থাকে।হেনৰী জেইমচৰ মতে-------
"The reason for the existence of a novel is that is dose attempt to represent life"৪ অৰ্থাৎ উপন্যাসৰ একমাত্ৰ উদ্দেশ্য হৈছে জীৱনৰ প্ৰতিনিধিত্ব কৰা বা জীৱনৰ প্ৰতিফলন ঘটোৱা।
১.২ আত্মজীৱনীৰ সংজ্ঞা আৰু স্বৰূপ
আত্মজীৱনীহৈছেব্যক্তিৰস্ব-কৃত,যথাযথআৰুকলাসন্মত জীৱনবৃত্ত। ব্যক্তিনিষ্ঠতাই বস্তুনিষ্ঠ জীৱনীৰ পৰা আত্মজীৱনীক পৃথক কৰি ৰাখিছে।পাঠকৰ বাবে আত্মজীৱনী আকৰ্ষণীয়তা আৰু গুৰুত্ব চাৰিধৰণে নিৰ্দেশ কৰিব পাৰে।আত্মজীৱনীৰ মাজেৰে কোনো ব্যক্তিক চিনি পোৱা ,বুজি পোৱা ,ব্যক্তিৰ সমসাময়িক সময় আৰু সমাজ তথা ইতিহাসৰ পৰিচয় লাভ কৰিব পাৰি।জীৱনীৰ অন্য প্ৰকাৰতকৈ আত্মজীৱনীত সত্যৰ অধিকতম প্ৰকাশ কৰাৰ সুবিধা থাকে।নিজৰ কৰ্মৰ নিৰপেক্ষ বিচাৰ সমালোচক হিচাপে আত্মজীৱনীকাৰে ভূমুকি মাৰিব লগা হয়।বিশ্লেষণাত্মক দৃষ্টিৰে নিজৰ জীৱনক পাঠকৰ মাজলৈ লৈ যায়।কিন্তু বিশ্লেষণ কৰোঁতে যাতে ই বিৱৰণীত পৰিণত নহয় তাৰ প্ৰতিও গুৰুত্ব দিব লগা হয়।
জীৱনক বিষয় হিচাপে লৈ সাহিত্য ৰচনা প্ৰক্ৰিয়াই আত্মজীৱনী।আত্মজীৱনী এখনত জীৱনীকাৰৰ বাল্যকাল,যৌৱনকাল আৰু বৃদ্ধাৱস্থা আদিৰ লগতে সমসাময়িক সময়ৰ সমাজ আৰু ঘটনা , দৈনিক কাৰ্যকলাপ আদিবোৰেও স্থান পায়।আত্মজীৱনীৰ সম্পৰ্কে বিভিন্নজন পণ্ডিতে ভিন ভিন মতামত আগবঢ়াইছে।সেইবোৰৰ ভিতৰত------
এনচাইক্লোপেডিয়া ব্ৰিটানিকাৰ মতে------"আত্মজীৱনী ব্যক্তি জীৱনৰ স্বয়ংকৃত দলিল"৫
অক্সফৰ্ড ডিক্সনেৰী মতে --------
১/আত্মজীৱনী ব্যক্তিৰ স্ব-লিখিত ইতিহাস
২/নিজৰ দ্বাৰা লিখি উলিওৱা নিজৰ কাহিনী।৬
এনচাইক্লোপেডিয়া অৱ্ লিটাৰৰেচাৰ মতে-----------" ব্যক্তিৰ নিজৰ বিষয়ে স্বয়ংকৃত আত্মজীৱনীত জীৱনীৰ অন্যান্য প্ৰকাৰতকৈ সত্যৰ অধিকতম সমাৱেশ ঘটে"৭
৪.Henry James ,The art of Fiction ,পৃ.৩৯৩
৫.
৬.
৭.
ডিজাইন এণ্ড ট্ৰুথ ইন অটবায়গ্ৰাফীৰ মতে --------" নিজৰ ৰুচিক কেন্দ্ৰ কৰি লেখা আত্মজীৱনীত ব্যক্তিৰ ব্যক্তিত্বই বিশিষ্টৰূপ পৰিগ্ৰহণ কৰালৈকেহে বাহ্য সংসাৰৰ প্ৰয়োগ ঘটে।"৮
এ গ্লচাৰি অৱ্ লিটাৰেৰী টাৰ্মৰেমৰ মতে ---------" আত্মজীৱনী নিজে নিজৰ বিষয়ে লিখা জীৱনী।"৯
ডিক্সনেৰী অৱ্ ৱৰ্ল্ড লিটাৰেৰী টাৰ্মচৰ মতে -------" আত্মজীৱনী যথাৰ্থতে গভীৰ অন্তদৃষ্টিৰে নাইবা বিস্তৃত পৃষ্ঠভূমিৰ বিপৰীতে সেই জীৱনৰ তাৎপৰ্য বিশ্লেষণেৰে লেখকৰ জীৱনৰ সংযোজক বৃতান্ত।"১০
ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে-------"আত্মজীৱনী ব্যক্তিৰ স্মৃতিৰ সংযোগত গুঁঠি উলিওৱা জীৱন ইতিহাস নহয়।বৰং ই অজ্ঞাত চিত্ৰকৰে কল্পনা অনুসৰি তৈয়াৰ কৰা চিত্ৰ।"১১
গোৱিন্দ প্ৰসাদ শৰ্মাৰ মতে -------"আত্মজীৱনী লেখকে নিজে নিজৰ বিষয়ে লিখা জীৱনী য'ত তেওঁ নিজকে কেনেভাৱে যুঁজিছে তেনেভাৱে অংকন কৰিছে আৰু নিজৰ জীৱনৰ ঘটনাবোৰ যেনেভাৱে গ্ৰহণ কৰিছে সেইবোৰৰ পৰিচয় তেনেভাৱেই দিছে।"১২
আকৌ, কৰবী ডেকা হাজৰিকাৰ মতে -----------"আত্মজীৱনী দিনলিপ আৰু সাহিত্যৰ দোমোজাৰ বস্তু।কিন্তু কেৱল দিনলিপিৰ যথাযথ বিৱৰণ য'ত থাকে তাত সাহিত্যৰ সোৱাদ কম হ'বলৈ বাধ্য আৰু সাহিত্যৰ প্ৰাধান্যয়ো কেতিয়াবা দিনলিপিয়ে সংৰক্ষণ কৰা সঁচা কথা কিছুমান ঢাকি ৰখাৰ আশংকা থাকে।"১৩
উল্লিখিত সংজ্ঞাবোৰৰ কোনোটোৱেই আত্মজীৱনীৰ সঠিক সংজ্ঞা দাঙি ধৰিব পৰা নাই।কিন্তু প্ৰত্যেক সংজ্ঞাই এই শ্ৰেণীৰ সাহিত্যৰ স্ৰষ্টা, বিষয়বস্তু, বিষয়বস্তুৰ যথাৰ্থতা আৰু কলাসন্মত উপস্থাপনৰ একোটা দিশ স্পষ্ট কৰি তুলিছে।
৮.
৯.
১০.
১১.
১২.
১৩.
মুঠৰ ওপৰত ক'বলৈ গ'লে আত্মজীৱনী হ'ল নিজস্ব জীৱনৰ স্ব-লিখিত ,যথাযথ,সত্যতাৰ ওপৰত নিৰ্ভিত কলাসন্মত জীৱনবৃত্ত।ব্যক্তিনিষ্ঠ সাহিত্য, আত্মজীৱনী সাহিত্যতো জীৱনীকাৰৰ বাস্তৱজীৱনৰ শৈশৱ অৱস্থাৰ পৰা আৰম্ভ কৰি সমসাময়িক সমাজ জীৱনৰ ঘটনা-পৰিঘটনা, জীৱনীকাৰ আৰু সমসাময়িক শৈক্ষিক অৱস্থা, জীৱনীকাৰৰ কৰ্ম তথা বাস্তৱজীৱন সমগ্ৰৰ সত্য স্বৰূপ আত্মজীৱনীত প্ৰকাশপোৱাটো স্বাভাৱিক।কিয়নো জীৱনীকাৰ বা লেখকজন সমাজতেই বাস কৰে।আত্মজীৱনীত সমগ্র জীৱন ধৰি ৰখাৰ সম্ভৱ নহয়।বাস্তৱক্ষেত্ৰত পোৱা অভিজ্ঞতা আৰু সন্মুখীন হ'ব লগা সময়ৰ কলাত্মক ৰূপ এটা পোৱা যায় আত্মজীৱনীত।অৰ্থাৎ জীৱনক বিষয় হিচাপে লৈ ৰচনা কৰা মানুহৰ জীৱনৰ পৰিচয় জ্ঞাপক কলা-কুশল ব্যক্তিনিষ্ঠ ৰচনাই আত্মজীৱনী।

মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী এটি চমুপৰিচয়
নিখুট দিনলিপিৰ পিছতে আত্মজীৱনীকাৰক আত্মউদঘাটনত সহযোগিতা কৰে তেওঁৰ স্মৰণ শক্তিয়ে।কিন্তু পৰিপূৰ্ণ বয়স এটাত আত্মজীৱনী লিখিব বিচৰা মানুহজনে তেওঁৰ জীৱনৰ আৰম্ভণীকালৰ সকলো কথা মনত ৰাখিব নোৱাৰে।কিন্তু এনে কিছুমান ঘটনা ঘটে যিবোৰে মনত সাঁচ বহুৱাই।
মামণি ৰয়ছম গোস্বামীৰ "আধালেখা দস্তাবেজ" ত শ্বিলঙত কটোৱা শৈশৱৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা সময়লৈকে জীৱনীকাৰে ধৰি ৰাখিছে।১৯৫৫ চনত শিক্ষাধিকাৰ পিতৃ উমাকান্ত গোস্বামী চাকৰিসূত্ৰে শ্বিলঙত কটোৱা সময়ত লেখিকাৰ জীৱন ইমানেই সৰল আছিল যে পৰিয়ালটোত জন্মদিন পালনৰ পৰম্পৰা নাছিল বাবে লেখিকাই নিজৰ জন্মৰ তাৰিখ সম্বন্ধে নাজানিছিল।
যৌৱনৰ প্ৰথম অৱস্থাতে হতাশা আৰু দুখবোধৰ এক ব্যতিক্ৰমী ভাৱনাই গোস্বামীক আৱৰি থকা মনৰ অৱস্থাৰ কথা প্ৰকাশ কৰিছে। সততাৰে আৰু সাহসেৰে ----'এক অন্য ধৰণৰ ক্ষুধা শৰীৰৰ মঙহত বাজি আছিল এই কথাও সত্য আৰু যে মোৰ প্ৰেমিকৰো অভাৱ নাছিল এই কথাও সত্য।'এনে মানসিক অৱস্থাতে এটা পৰীক্ষাৰ ফলাফলে হতাশ কৰি তোলাৰ বাবে লেখিকাই আত্মহত্যাৰ দৰে ঘৃণনীয় কাৰ্য প্ৰচেষ্টা চলাই সকলোৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছিল। পিতাকৰ মৃত্যুৰ পাছত মাতৃৰ মঙ্গল চিন্তাত জ্যোতিষীৰ শৰণাপন্ন হৈছিল।মাতৃৰ সন্তষ্টিৰ বাবে তেওঁৰ নিৰ্দেশত সকলো কৰিছিল।কিন্তু প্ৰকৃতাৰ্থত এই সময়ছোৱাত সাহিত্যচৰ্চাহে তেওঁৰ প্ৰকৃত আশ্ৰয় আছিল।এই ঘটনা তিনি বছৰৰ পাছত ভিন্ন ঘটনা-পৰিঘটনাৰ মাজেদি লেখিকা ১৯৬৫ চনত মাধবেন আয়েঙ্গাৰৰ সৈতে জগলীয়াৰ পাৰৰ সত্ৰত বিবাহ পাশত আৱদ্ধ হয়।পৰৱৰ্তী সময়ত স্বামীৰ কৰ্মসূত্ৰে ভিন্ন ঠাইত যাব লগা হোৱাত লেখিকাই লাভ কৰা অভিজ্ঞতাই তেওঁৰ সাহিত্যিক জীৱন সমৃদ্ধ কৰিছিল।সৈনিকৰ জীৱন,শ্ৰমিকৰ জীৱনৰ নেদেখা প্ৰতিচ্ছবিবোৰ, জীৱনৰ অনন্য সৌন্দৰ্য্য আৰু দুৰ্ঘটনাত স্বামীৰ মৃত্য হোৱাৰ পাছত জীৱন পুনৰ দুখ আৰু যন্ত্ৰণাৰে ভৰি পৰাৰ কথা আত্মজীৱনীখনত উল্লেখ কৰিছে।
স্বামীৰ মৃত্যুৰ পাছত হঠাতে জীৱনলৈ অহা পৰিৱৰ্তন গ্ৰহণ কৰিবলৈ তেওঁৰ শৰীৰ আৰু মনৰ লগত কি দৰে যুজঁ দিছিল সেই কথা তেওঁ আত্মজীৱনী খনত উল্লেখ কৰিছে।গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰা কালত নিৰাশাৰে ভৰা জীৱনক নতুন প্ৰত্যয় দিবলৈ প্ৰস্তাৱ আগবাঢ়াইছিল এজন শিখ অধ্যাপকে।পিতাকৰ পুৰণা ডায়েৰী আৰু ছেমিংৱেৰ কিতাপবোৰে তেওঁৰ আশ্ৰয় আছিল আৰু নোটবুকট অভিজ্ঞতাবোৰ লিপিবদ্ধ কৰিছিল।এদিন অধ্যাপক লেখাৰুৰ নিমন্ত্ৰণত বৃন্দাবনলৈ গৱেষণা কৰিবলৈ যোৱা আৰু তাত গৈ তেওঁলোকৰ সংস্পৰ্শত থকা কথা,বৃন্দাবনত লাভ কৰা অভিজ্ঞতা আদিবোৰ আত্মজীৱনীখনত স্থান পাইছে।তদুপৰি বিভিন্ন বিশিষ্ট ব্যক্তিৰ সান্নিধ্য আৰু লেখিকাৰ ১৯৭০ চনলৈকেহে জীৱনীকাহিনীৰ উল্লেখ কৰিলেও তাৰ পৰৱৰ্তী দুই এটা ঘটনায়ো ঠাই পাইছে।এই বৃন্দাবনত থকাৰ সময়তে লেখি উলিয়াইছিল "নীলকণ্ঠী ব্ৰজ" উপন্যাসখন।উপন্যাসখনত তেওঁৰ নিজৰ জীৱনৰ প্ৰথম অৱস্থাৰ যন্ত্ৰণা বুলি উল্লেখ কৰিছে।
আত্মজীৱনীখনত তেওঁ লগতে তেওঁৰ জীৱনত সপোনৰ প্ৰভাৱৰ কথা আৰু এই প্ৰসংগতে অমৃতা প্ৰীতমৰ সান্নিধ্যৰ কথাই স্থান পাইছে।গ্ৰন্থখনিত সাহস আৰু সততাৰে নিজৰ জীৱনক তুলি ধৰাত লেখিকাই দেখুওৱা নৈতিক দ্বায়ৱদ্ধতা আৰু মানৱীয় ঐশ্বৰ্য্যৰ পৰিপূৰ্ণতাই লেখিকাৰ ব্যক্তিত্বক সমুজ্জল কৰি তুলিছে।
"আধালেখা দস্তাবেজ" মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিৱেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি প্ৰকাশ।
"আধালেখা দস্তাবেজ" ৰ পাছতে গোস্বামীৰ জীৱনৰ পৰৱৰ্তী সময়ৰ দস্তাবেজ প্ৰকাশ পায় ২০০৭ চনত " দস্তাবেজৰ নতুন পৃষ্ঠা" নামেৰে।চন্দ্ৰ প্ৰসাদ শইকীয়া 'গৰিয়সী'ৰ সম্পাদক হৈ থকাৰ সময়ত খণ্ড খণ্ড কৈ বাৰটা অধ্যায়ত তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা প্ৰকাশ পাইছিল।আৰু পৰৱৰ্তী তিনিটা অধ্যায় গোস্বামীৰ কথা মতে সংযোজন কৰি হৃদয়ানন্দ গগৈয়ে 'দস্তাবেজৰ নতুন পৃষ্ঠা' নামেৰে সম্পাদনা কৰি গোস্বামীৰ দ্বিতীয়খন আত্মজীৱনী প্ৰকাশ কৰে।প্ৰথম অধ্যায়ত বেংকক ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতা,দ্বিতীয় অধ্যায়ত কাঞ্চনাবুৰিলৈ কৰা যাত্ৰাৰ অভিজ্ঞতা আৰু তাত লগপোৱা লোকসকলৰ সান্নিধ্য, জাপানী সৈনিকৰ বৰ্বৰতা,তৃতীয় অধ্যায়ত দ্বিতীয় মহাযুদ্ধৰত গাওঁ অঞ্চলত সৃষ্টি হোৱা ঘটনা তথা নিগ্ৰো সেনাৰ হাতত অত্যাচাৰ বলি হ'ব লগা জীয়ৰী-বোৱাৰীৰ কথা,চতুৰ্থ অধ্যায়ত বিভিন্ন ঠাইলৈ যাওঁতে লাভ কৰা অভিজ্ঞতা তথা কিছুমান ইহুদী সাহিত্যৰ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে ইহুদী সকলৰ ওপৰত কৰা অত্যাচাৰৰ বৰ্ণনা, পঞ্চম অধ্যায়ত জালিৱানৱালাবাগ আৰু লাহোৰ ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰোঁতে জালিৱানৱালাবাগৰ সেই অমানৱীয় ঘটনাৰ সাক্ষী ৰতন দেৱীৰ কাহিনী আৰু পৰৱৰ্তী সময়ত তেওঁ বৰ্ডাৰেৰে লাহোৰত উপস্থিত হোৱা আৰু কেইগৰাকীমান বিশিষ্ট লেখকৰ সৈতে সাক্ষাৎ,দেশবিভাজনৰ সময়ত বলি হোৱা বহু লোকৰ কথা বৰ্ণনা কৰিছে।
ষষ্ঠ অধ্যায়ত বিখ্যাত লেখিকা অমৃতা প্ৰীতমৰ সৈতে কটোৱা জীৱনৰ বিভিন্ন সময়ৰ কথা বৰ্ণনা কৰিছে।সপ্তম অধ্যায়ত অমৃতা প্ৰীতমৰ মৃত্যুৰ কথা বৰ্ণনা কৰাৰ লগতে তেওঁৰ সৈতে কটোৱা কিছুমান বিশেষ মূহুৰ্তৰ কথা উল্লেখ কৰিছে।আকৌ অষ্টম অধ্যায়ত দিল্লীত থাকোঁতে লগ পোৱা কেইগৰাকীমান মহীয়সীৰ কথা উল্লেখ কৰিছে।সংস্কৃতৰ পণ্ডিত কমলা ৰত্নমৰ সৈতে দেখা-সাক্ষাৎ আৰু কিছুমান অন্তৰংগ মূহুৰ্তৰ কথা বৰ্ণনা কৰিছে।পৰৱৰ্তী সময়ত কমলা ৰত্নমৰ আত্মজীৱনী অসমীয়াত ৰচনা কৰিছে আৰু ৰচনা কৰি জীৱন যুজঁত হাৰ মানিব নোখোজা পৰম বিদুষী মহিলা গৰাকীৰ স্নেহ প্ৰীতি লাভ কৰিছে।নৱম অধ্যায়ত কমলাদাস নামৰ আন এগৰাকী বিখ্যাত লেখিকাৰ বিষয়ে উল্লেখ কৰিছে।দশম অধ্যায়ত তেওঁ জীৱনৰ কিছুমান অবিশ্বাস্য সত্যৰ কথা উল্লেখ কৰিছে।দিল্লীত থাকোঁতে তেওঁ ভেনিটি বেগত ৰেজিগনেশ্যনৰ চিঠি কঢ়িয়াই লৈ ফুৰিছিল।বৃন্দাবনত পাৰ কৰা সময়বোৰৰ লগতে গ্ৰাওস চাহাবৰ কথা উল্লেখ কৰিছে।গ্ৰাওস চাহাবৰ ৰামায়ণ সম্পৰ্কীয় অধ্যয়নৰ সম্পৰ্কে তেওঁ এই অধ্যায়ত আলোচনা কৰিছে।তদুপৰি ৰামায়ণ সম্পৰ্কে অধ্যয়ন কৰা আন এগৰাকী বেলজিয়ামৰ ফাদাৰ বুল্কে কথাও তেওঁ আলোচনা কৰাৰ লগতে বৃন্দাবনত বহু সাধু-সন্যাসীৰ মুখামুখি হোৱাৰ কথা উল্লেখ কৰিছে।
একাদশ অধ্যায়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰীবাস " অপ্সৰা গৃহ" ৰ লগত জড়িত স্মৃতি বৰ্ণনা কৰিছে।দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা বিভাগৰ লেকচাৰৰ পদত নিয়োজিত আৰু ছাত্ৰীৱাসৰ সমস্যাবোৰৰ সৈতে সন্মুখীন হোৱা আৰু সমাধান কৰা আদি ঘটনাবোৰ এই অধ্যায়ত বৰ্ণনা কৰিছে।দ্বাদশ অধ্যায়ত তেওঁ অপ্সৰা গৃহৰ লগত জড়িত অন্যান্য কিছুমান অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে।এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য,ছাত্ৰী সকলৰ সমস্যা আৰু দেৱবালা নামৰ এগৰাকী ছাত্ৰীক নিজ পিতৃয়ে বলাৎকাৰ কৰা ঘটনা আৰু তাৰ পৰৱৰ্তী সকলো ঘটনা এই অধ্যায়ত উল্লেখ কৰিছে।ত্ৰয়োদশ অধ্যায়ত তেওঁ চীনত হোৱা আন্তঃৰাষ্ট্ৰীয় ত্ৰয়োদশ ৰামায়ণ সন্মিলনৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে।আৰু পৰৱৰ্তী অধ্যায়ত তেওঁ শৈশৱৰ খেল-ধেমালিৰ লগতে মল্লযুজঁৰ শিক্ষক গুৰু হনুমানৰ সৈতে দেখা সাক্ষাৎৰ বৰ্ণনা দিছে।তদুপৰি পিতৃৰ কথা ,প্ৰিয় অভিনেত্ৰী হেডী লামাৰ আৰু ভিক্টৰ মেছিৰ প্ৰতি আকৰ্ষণৰ কথা উল্লেখ কৰাৰ লগতে আৰু কিছুমান অভিজ্ঞতা বৰ্ণনা কৰিছে।

৩.১ "চেনাবৰ সোঁত" উপন্যাসত আত্মজীৱনীমূলক উপাদান

গোস্বামীয়ে ৰচনা কৰা 'চেনাবৰ সোঁত' উপন্যাসখনৰ কাহিনীৰ মাজত আত্মজীৱনীমূলক উপাদান বিচাৰ কৰিবলৈ গ'লে কাহিনীটোৰ বিশ্লেষণৰ প্ৰয়োজন আছে।কিয়নো উপন্যাসখনৰ কাহিনী গোস্বামীয়ে নিজেই প্ৰত্যক্ষ কৰা।আৰু কাহিনী বিশ্লেষণ কৰিলেই উপন্যাসখনৰ কাহিনীৰ কোনবোৰ দিশত আত্মজীৱনীমূলক উপাদান পয়োভৰ ঘটিছে তাক উদঘাটন কৰাত সহায় হ'ব।গোস্বামীয়ে উপন্যাস লিখাৰ সম্পৰ্কে ক'বলৈ গৈ কৈছে-------
"১৯৬৬ চনতে এই উপন্যাস লিখা হৈছিল। কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বন্ধা দলং এখনৰ শ্ৰমিকসকলক কেন্দ্ৰ কৰি এই উপন্যাস ৰচনা কৰা হৈছিল।এয়ে মোৰ প্ৰথম উপন্যাস।সেই সময়ত চেনাবৰ পাৰত শ্ৰমিকৰ কেম্পত থাকি এই উপন্যাস লিখা হৈছে।বয়স কম আছিল বাবে অভিজ্ঞতা কিছু কম আছিল কিন্তু নিজ চকুৰে দেখা শ্ৰমিকৰ জীৱনৰ এয়া এক দলিল আছিল।কিছু ৰহণহে মাত্ৰ দিয়া হৈছে"১৪---- ঔপন্যাসিকাৰ এনে মন্তব্যৰ পৰা অনুমান কৰিব পাৰি উপন্যাসখনৰ কাহিনীভাগত আতৃমজীৱনীমূলক উপাদানৰ সমাহাৰৰ কথা।এই উপন্যাসখন ৰচনাৰ সময়ৰ কথা তেওঁ আত্মজীৱনীখনতো উল্লেখ কৰিছে।
"চেনাবৰ সোঁত" মামণি ৰয়ছম গোস্বামীৰ প্ৰথম উপন্যাস। কাশ্মীৰৰ চেনাব নদীৰ ওপৰত দলং সজা কামত নিয়োজিত শ্ৰমিকসকলৰ জীৱন আৰু যন্ত্ৰণাৰ ভেটিত এই উপন্যাস ৰচনা কৰা হৈছে। 'চেনাবৰ সোঁত' উপন্যাসখনৰ পটভূমি হ’ল কাশ্মীৰ। কাশ্মীৰৰ পটভূমি হ’লেও পিছে ইয়াত কাশ্মীৰৰ থলুৱা জীৱন যাত্ৰাৰ চিত্ৰ নাই। তাৰ পৰিৱৰ্তে কাশ্মীৰত অস্থায়ীভাৱে থাকি শ্ৰমদান দিয়া এদল বনুৱাৰ জীৱন চৰ্যাহে ইয়াত পোৱা যায়। চেনাব নদীৰ ওপৰত চন্দ্ৰভাগা দলং নিৰ্মাণৰ সময়ত তাত বাহৰ পতা অভিযন্তাকে ধৰি সাধাৰণ বনুৱাৰ পত্নী, সন্তানলৈকে বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভুমুকি মাৰিছে। মামনি ৰয়ছম গোস্বামীৰ নিজা ভাষ্য অনুসৰি এই সকলোবোৰ চৰিত্ৰই বাস্তৱৰ পৰা লোৱা।এই সম্পৰ্কে ঔপন্যাসিকাই কৈছে------
"চন্দ্ৰভাগা নদীৰ আন এটা নাম চেনাব।এই চেনাবৰ ওপৰত বন্ধা দলং এখনৰ ৱাৰ্ক চাইটতে মই কেইবামাহো আছিলোঁ।যি সময়ত মই সেই ঠাইত উপস্থিত হৈছিলোঁ সেই সময়ত সেই মহত্বপূৰ্ণ দলংখনৰ পীয়াৰছ সমূহৰ কামহে আৰম্ভ হৈছিল।শ্ৰমিক সকলক ,ইঞ্জিনীয়াৰ সকলক কোম্পানীৰ লগে লগে ঘূৰি ফুৰা বিভিন্ন বনুৱা আৰু পৰিজনসকল,এই সকলোবোৰক তেনেই ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সুযোগ হৈছিল।এই অভিজ্ঞতাক মূলধন কৰি লৈ মই "চেনাবৰ সোঁত"নামৰ উপন্যাসখন লিখিছিলোঁ।"১৫
১৪. মামণি ৰয়ছম গোস্বামী, উপন্যাস সমগ্ৰ, পৃ.৮১৭
১৫.মামণি ৰয়ছম গোস্বামী, ইশ্বৰী, যখমী, যাত্ৰী আৰু অন্যান্য, পৃ.১৬১
উপন্যাসখনত দুটা কাহিনী পৰস্পৰ সমান্তৰালকৈ উপস্থাপিত হৈছে।ঔপন্যাসিকাই ৰঘামা-সদাশিৱৰ কাহিনীৰ সমান্তৰালকৈ সোণীৰ কাহিনী সাৱলীল গতিত আউল নলগাকৈ আগুৱাই নিছে৷ উপন্যাসখনৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ– মালিক পক্ষই দলং নিৰ্মাণত জড়িত শ্ৰমিকসকলক অহৰহ শোষণ কৰাৰ ফলত শ্ৰমিকসকল অভাৱ-অনাটনত জুৰুলা হৈছে৷তেওঁলোক সাংসৰিক জীৱনৰ সাধাৰণ আনন্দ উপভোগৰ পৰা বঞ্চিত হৈ অস্থায়ী শিবিৰতে এক কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে৷ ৰঘামা, সদাশিৱ, সোণী, শিৱান্না, চাহাব আদি বিভিন্ন পৰিৱেশৰপৰা অহা চৰিত্ৰবোৰ উপন্যাসখনত জীৱন্ত ৰূপত ফুটাই তোলা ঔপন্যাসিকাই পাঠকক এই বাস্তৱ সত্যৰ সৈতেও পৰিচয় কৰাই দিছে যে অভাৱীসকলক আৰ্থিক দুৰ্বলতাই উশৃংখল, অত্যাচাৰী আৰু ব্যভিচাৰী কৰি তোলে৷
প্ৰথম কাহিনী মতে ৰাঘামাৰ স্বামী সদাশিৱ চাহাবৰ ৰেষ্ট হাউচত ৰাতিৰ চকীদাৰ নিযুক্ত হয়।এই নিযুক্তি আকৌ ৰাঘামাই সহজভাৱে মানি ল'ব পৰা নাই।কাৰণ ৰাতিৰ চকীদাৰী কাৰ্যই সদাশিৱক ৰাঘামাৰ ওচৰত থকাৰ পৰা বাৰত ৰাখিব।অৱশেষত সদাশিৱই সেই কাম কৰিব যোৱাত পৰিয়ালৰ প্ৰত্যাহিক জীৱন-যাত্ৰাৰ পৰা সিহঁত বিচ্ছিন্ন হৈ পৰিছে।আনফালে বাঈচাহেবহঁতৰ সান্নিধ্য লৈ আহি সদাশিৱ বাঈচাহেবৰ বাহুবন্ধনত সোমাই থাকিবলগীয়া হৈছে।কিন্তু অৰ্থাভাৱত জুৰুলা সদাশিৱই সুযোগ বুজি বাঈচাহেবৰ ডিঙিৰ পৰা হাৰ আৰু কাণৰ কানফুলি পৰ্যন্ত চিঙি লৈ গৈছে।
এদিন নৈশ ভোজত ৱাজ চাহেবে উড়ীয়া চকিদাৰ এটাৰ মুখত মদ ঢালি লগৰ চাহাব মেমৰ লগত ৰংচাই থাকোঁতে সদাশিৱই সহ্য কৰিব নোৱাৰি তীব্ৰ বিৰোধিতা কৰিবলৈ যাওঁতে অমানৱীয় শাস্তিৰ সন্মুখীন হৈ ওলোমা দলঙত বাৰম্বাৰ দৌৰি থাকিবলগীয়া হৈছিল।অৱশেষত মৃতবৎ হৈ পৰা সদাশিৱক ৰক্ষা কৰাৰ বাবে পত্নী ৰাঘামাই সকলোকে কাকূতি-মিনতি কৰিও একো সহাৰি আৰু ৰক্ষা কৰিব নোৱাৰি চাহাবহঁতক গালি -গালাজ কৰিছে।সেইবাৰলৈ মৃত্যুৰ হাতৰ পৰা ৰক্ষা পৰিলেও কিছুদিনৰ পাছত ডিনামাইটত উফৰি অহা বাখৰৰ টুকুৰাৰ আঘাতত সদাশিৱৰ মৃত্যু হয়।এই সদাশিৱ চৰিত্ৰটোৰ যি মৃত্যু তাৰ লগত লেখিকাই চেনাবৰ নদীত বান্ধ নিৰ্মাণ কৰোঁতে ক্ৰেইনৰ পৰা লোহাৰ ৰ'ড এডমৰ ওপৰত বাগৰি পৰা শ্ৰমিকজনৰ দৃশ্যটোক উপস্থাপন কৰোঁতে ঔপন্যাসিকাই সদাশিৱ চৰিত্ৰটোৰ মাজেৰে ঘটনাৰাজি দাঙি ধৰিছে। কাম কৰা বনুৱাজন আৰু সদাশিৱৰ মৃত্যু হোৱা ঘটনাৰ লগত সাদৃশ্য আছে।কিন্তু উপন্যাস খনত চৰিত্ৰৰ নামকৰণ আৰু সংঘটিত ঘটনাত অলপ ৰহন সানিছে যদিও ঘটনাৰাজি বাস্তৱ।লেখিকাই নিজ চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা। ঔপন্যাসিকাই উপন্যাসখনত এই সম্পৰ্কে কৈছে---------------
"অতিৰিক্ত খাৰ-বাৰুদ দি প্ৰকাণ্ড শিল এটা উফৰাই পেলাবৰ সময়ত এই হুইচেল নিদিয়াৰ ফলত ঘটিল এটা মৰ্মান্তিক ঘটনা।......ৰাতি নৌপুৱাওঁতেই এটা প্ৰকাণ্ড ব্লাষ্টিঙৰ শব্দত চাটাইৰ ঘৰবোৰ কঁপি উঠিল।আনকি ওপৰত ওলোমাই থোৱা টিন,হাণ্ডি,খৰিৰ বোজাও ভূমিকম্পৰ দৰে এই জোঁকাৰণিত তললৈ সৰি পৰিল।.................।...........খাটিয়াৰ ওপৰত ওপৰমুৱাকৈ সদাশিৱ পৰি আছে।খাটিয়াৰ তলত পৰি আছে মাত্ৰ তিনি কিলো ওজনৰ এটা শিল।বুলেটৰ বেগেৰে আহি টিনৰ চাল ফুটাই সদাশিৱৰ পেটত পৰা ব্লাষ্টিঙৰ শিল।সদাশিৱৰ উদং পেটটো সামান্য উখহি থকাৰ বাহিৰে ক'তো অলপ জখমৰ চিন নাই।যেন বৰ নিশ্চিত মনে
সদাশিৱ শুই আছে।অথচ সদাশিৱ আৰু নাই।সদাশিৱ মৰিল ! সদাশিৱ মৰিল !!"১৬
দ্বিতীয় কাহিনী মতে সোণীৰ বিয়া হৈছিল বাল্য কালতেই শিৱান্না নামৰ যুৱক এজনৰ লগত।দুৰ্ভিক্ষৰ ভয়ত এদিন সোনীক এৰি শিৱান্না পলাই যায়।অকলশৰীয়া সোনী কিছু জনা হোৱাত পিছত গৌৰীশংকৰ নামৰ বনুৱা এজনৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ হয় যদিও দুৰ্ঘটনাত গৌৰীশংকৰৰ মৃত্যু হোৱাত তাই পুনৰ অকলশৰীয়া হ'ব লগা হয়।পিছত শহুৰৰ লেখীয়া ৰামবীৰ বুঢ়াএজনৰ আশ্ৰয় কৰি জীৱিকাৰ সন্ধানত চেনাবৰ পাৰত উপস্থিত হয় ।ৰামবীৰৰ লগত অহা কাৰণে সোনীয়ে বিভিন্ন জনৰ পৰা বিৰূপ সমালোচনা সন্মুখীন হ'বলগীয়া হৈছিল।এদিন অপ্ৰত্যাশিত ভাবে পূৰ্বৰ বাল্য স্বামী শিৱান্না আহি উপস্থিত হয়।কিন্তু সোনীয়ে তাক প্ৰথমতে প্ৰশ্ৰয় দিয়া নাছিল।কাৰণ শিৱান্না এজনী বাঈচাহেবাৰ প্ৰতি আকৃষ্ট হোৱা কথা তাই শুনিছিল।হ'লেও শেষত সোনী শিৱান্নাৰ পুনৰ মিলন হয়।সময় অভিজ্ঞতাই থুপাই লোৱা সোনী-শিৱান্না নতুন প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যায়।শোষক শ্ৰেণীয়ে যাতে সিহঁতৰ সন্তানক ফটা জোতাৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে সেই দৃঢ়মত হৃদয়ত ৰাখি নতুন উদ্যমেৰে আগবাঢ়ি যোৱাতেই উপন্যাসখনৰ কাহিনীৰ যৱনিকা পৰে।এই বিষয়ে উপন্যাসখনত লেখিকাই কৈছে এনেদৰে -------- ‘
গোটেইজাক মানুহৰ মাজত এটা চেপা উত্তেজনাই দেখা দিলে৷ কোম্পানীৰ এনেকুৱা একচিডেন্ট ইতিমধ্যে কেইবাটাও ঘটি গৈছে৷ ক্ৰেইনৰ বাল্টি পৰি, কুঁৱা খন্দাৰ সময়ত, আনকি গাৰ্ডাৰৰ ওপৰৰপৰা চেনাবৰ বুকুত সৰি পৰা কেইবাটাও দুৰ্ঘটনা ঘটি গৈছে৷ সামান্য কেইটিমান টকা দি কোম্পানীয়ে সিহঁতৰ মুখ বন্ধ কৰি থোৱাৰ বাহিৰে একো কৰা নাই… চৰকাৰতকৈ ইহঁত বেছি শোষক, ৰক্তপিপাসুৰ দল৷ সময়ে-অসময়ে ইহঁতে শ্ৰমিকক ফটা জোতাৰ দৰে ব্যৱহাৰ কৰিছে৷ সুদীৰ্ঘকাল কোম্পানীয়ে ইহঁতক জোতা কৰিয়েই ব্যৱহাৰ কৰি আহিছে৷ ‘ছাল’ এৰাই যোৱা আৰু ‘গেৰোৱা’ খহি পৰাৰ লগে লগে উদং পথলৈ এই জোতাক দলিয়াই পঠিয়াইছে৷’ ঔপন্যাসিকাই শ্ৰমিকসকলৰ অৱহেলিত অৱস্থাটো ফটা জোতাৰ কল্পচিত্ৰৰে প্ৰকট কৰি তোলাৰ বিপৰীতে নতুন প্ৰজন্মৰ প্ৰতি পোষণ কৰিছে গভীৰ আশাবাদ –‘অলপতে তাই এটা নতুন শিশুৰ জন্ম দিব৷ কিন্তু, সি সেই শিশুটিৰ কুসুমকোমল ছালখনক কোম্পানীৰ মালিকক ফটা জোতা কৰি পিন্ধিবলৈ দিব নোৱাৰে৷’'১৭
দৰাচলতে উপন্যাসখনত শ্ৰমিকৰ ওপৰত চলি অহা শোষণৰ ছবি এখন অতি সুন্দৰকৈ ফুটি উঠিছে।উপন্যাসখনত লেখিকাই শ্ৰমিক জীৱনৰ কষ্ট, নিৰাপত্তাহীনতা শোষন,বঞ্চনা,শ্ৰমিক জীৱনৰ প্ৰেম,যৌনতা, দুৰ্ভিক্ষপীড়িত কালাহাণ্ডিৰ ছব,নাৰীৰ সমস্যা আদি বিভিন্ন দিশ।সামৰি উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে।এই সম্পৰ্কে হৃদয়ৰ তপস্বিনীত কৈছে---------
" 'চেনাবৰ সোঁত' প্ৰথমছোৱাৰ ৰচনা বাবে বোধকৰো তাৰ কাহিনীভাগ বৰ বেছি সংলগ্ন নহয়,উপন্যাসখনৰ চৰিত্ৰ বিস্তাৰো কিছু সীমিত প্ৰকাৰৰ।বিক্ষিপ্ত চৰিত্ৰ তথা ঘটনাবোৰক এডাল সূতাৰে লগলগাই ৰাখিছে চেনাবৰ সোঁতে।নদীয়েই সিহঁতৰ জীৱন ধাৰাৰ বাহক ।সিহঁতৰ শুষ্ক জীৱন সিক্ত কৰে চেনাবে জীৱনধাৰাৰ সমল যোগান ধৰে।লগতে সিহঁতৰ প্ৰাচুৰ্যৰ
১৬.হেমন্ত কুমাৰ ভৰালী, মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ.৮৫৯
১৭.উল্লিখিত,পৃষ্ঠা.৮৫৯
প্ৰত্যাশাও চেনাবক কেন্দ্ৰ কৰিয়েই দুৰ্ভিক্ষপীড়িত কালাহাণ্ডিৰ ছবি এই মানুহমখাৰ অতীত দুৰ্বহ,দুৰ্বিসহ তাৰ কাহিনী।তাৰ তুলনাত চেনাবৰ পানীয়ে ধুৱাই যোৱা সিহঁতৰ বৰ্তমানো বহুগুণে সহনীয়।তাৰ মাজতো অৱশ্যে আছে ৰ'দে পোৰা অভিজ্ঞতাৰ মিঠা তিতা ভৰাঁল।স্বপ্ন আৰু আশাভংগৰ দোমোজাত থকা এই মানুহখিনিৰ দুৰ্দান্ত আকুতি লেখিকাই ইমান সহৃদয়তাৰে বৰ্ণনাইছে যেন তেওঁ এবিধ Introspective ছেমাৰ আঁৰৰ পৰাহে সকলো পৰ্যবেক্ষণ কৰিছে।লেখিকা Omniscient Narrator সেয়ে তেওঁ বৰ্ণিত প্ৰত্যেকটো ঘটনাতে প্ৰকাশ পাইছে এই খাটিখোৱা মানুহজাকৰ প্ৰতি থকা অনুকম্পা আৰু আৱেগ"।১৮
উপন্যাসখনত শ্ৰমিক জীৱনৰ দুখলগা অধ্যায়ৰ অৱতাৰণা কৰা হৈছে।সমাজত অভিজাত্যৰ মুখা পিন্ধি থকা এচাম অত্যাচাৰী মানুহে কেনেদৰে বনুৱা সকলক নিজৰ ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি লিয়ে সেয়া উপন্যাসখনৰ পাতে পাতে বৰ্ণনা কৰা হৈছে।বনুৱাসকলো যে মানুহ সিহঁতৰো যে এটা জীৱন আছে,ইচ্ছা আছে,আকাংক্ষা আছে সেইবোৰ ভাবিবলৈ ভোগবাদী সমাজৰ জ্ঞানৰ অভাৱ,এখন সুবিশাল হৃদয়ৰ অভাৱ।ৱাজচাহাবহঁতৰ দৰে পাষণ্ড মানুহবোৰৰ বাবে সদাশিৱ,শিৱান্না, ৰাঘামা আদিবোৰ হৈছে তেওঁলোকৰ ভৰিৰ জোতাসদৃশ।সেয়েহে তেওঁলোকে এই দুখীয়া শ্ৰেণীটোৰ ওপৰত নিজৰ শক্তি দেখুৱাই তেওঁলোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে।আনহাতে ৰাঘামা,সোনী,বাঈচাহাব সৰ্বমতী আদি নাৰী চৰিত্ৰৰ মাজেৰে নাৰী জীৱনৰ যন্ত্ৰণা, যৌনক্ষুধা,পুৰুষে নাৰীৰ ওপৰত কৰা অত্যাচাৰ আদি দিশবোৰো উপন্যাসখনৰ কাহিনীত উন্মুক্ত হৈ পৰিছে।
৩.১.২ চৰিত্ৰ
৩.১.২.১ নাৰী চৰিত্ৰ
ক) ৰাঘামাঃ
ৰাঘামা চৰিত্ৰটোৰ মাজতো গোস্বামীৰ জীৱনৰ কিছু অংশ বিচাৰি পোৱা যায়।ৰাঘামা হ'ল বনুৱা নাৰী।বিয়াৰ পাছত ৰাঘামাৰ স্বামী সদাশিৱ ৰাতিৰ চকিদাৰী কামত নিয়োজিত হোৱাৰ বাবে ৰাঘামাৰ পৰা আতৰি থাকিব লগা হৈছিল।ঠিক তেনেদৰে গোস্বামীৰ স্বামী এজন অভিযন্ত্ৰা হোৱাৰ বাবে বিভিন্ন ঠাইত কাম চাবলৈ যাবলগীয়া হৈছিল।তেনদৰে কাম চাবলৈ বুলি চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা বান্ধৰ কাম চাবলৈ বুলি মাধবেন আয়েঙ্গাৰ অৰ্থাৎ গোস্বামীৰ স্বামী যাব লগা হৈছিল।ওখ ওখ পাহাৰৰ সৰু সৰু টিলাবোৰৰ মাজেমাজে দিন-ৰাতি অহা যোৱা কৰিব লগা হৈছিল।ৰাঘামাৰ স্বামী সদাশিৱক চাহাব সকলে মদ খুৱাই ওলোমা দলঙৰ ওপৰেৰে দৌৰি থাকিবলৈ দিয়া আৰু খৰশ্ৰোতা চেনাবত পৰিব পাৰে আৰু চেনাবত পৰা মানেই মৃত্যু যে অৱশ্যম্ভাৱী সেইয়া ৰাঘামাই জানিছিল।কাশ্মীৰৰ চেনাব নদীৰ বান্ধৰ কাম চাবলৈ বুলি কোম্পানীৰ আদেশত দিনে-ৰাতিয়ে ওখ ওখ পাহাৰৰ টিলাৰ মাজেৰে গৈ থাকোঁতে হঠাৎ গাড়ীৰ পৰা খহি পৰিলেই যে স্বামীৰ মৃত্যু এই দিশ দুটাৰ মাজত একাকীত্ব অনুভৱ হয়।
কোনো নাৰীয়ে স্বামীৰ এনে হোৱাটো নিবিচাৰে আৰু বিধৱা হ'ব নিবিচাৰে।স্বাভাৱিক
১৮. ৰাণী গোহাঁই, হৃদয়ৰ তপস্বিনী,পৃ.২১
মৃত্যুৰ কথা বেলেগ।মদ খুৱাই বেহুচ কৰি পেলোৱা সদাশিৱ খৰশ্ৰোতা চেনাবত পৰিব পাৰে আৰু চেনাবত পৰা মানেই মৃত্যু যে নিশ্চিত সেই কথা ৰাঘামাই জানিছিল।ফলত ৰাঘামাই সেই দৃশ্য দেখি সকলো ভয়-সংকোঁচ পৰিহাৰ কৰি চিঞঁৰি চিঞঁৰি তাইৰ স্বামীক বচাবলৈ নিৰ্বাক সকলোকে কাকূতি-মিনতি কৰি ভাগৰি পৰিছিল।উপন্যাসখনত লেখিকাই কৈছে--------
"সবকে সব নামৰ্দ হো! ক্যা দেখ ৰহে হো !
ঐয়ে কিয়া ! তোমহাৰা মা বহিন নেহী হেই।
ৱে নামৰ্দ, কিউ নহী মেৰে মৰ্দ কো বচাতে হো !"১৯
এদিন ৰাঘামাই নভবা ঘটনাটোৱেই ঘটিল যি সদাশিৱক লৈ তাই সবধা হৈ আছিল এদিন হঠাৎ দিনামাইটে ফুটাই দিয়া শিলৰ টুকুৰা আহি সদাশিৱৰ বুকুত পৰাত তাৰ মৃত্যু হয় আৰু ৰাঘামা বিধৱা হয়।গোস্বামীৰ স্বামী স্বাভাৱিকভাৱে কাম চাবলৈ যোৱাৰ দৰে সেইদিনাও কাম চাবলৈ ৰাতিপুৱা সোনকালেই যাব লগা হৈছিল।ঘন কুৱঁলীৰ মাজে মাজে পাহাৰৰ টিলাত গাড়ী চলাই গৈ থাকোঁতে পাহাৰৰ ওপৰৰ পৰা গৈ মাধৱেনৰ গাড়ী তলত পৰিছিল।আৰু সেই দুৰ্ঘটনাত মাধৱেনৰ মৃত্যু হয়।ৰাতিপুৱা গোস্বামীয়ে খবৰ পোৱা পাছত গোস্বামীৰ বিধৱা ৰূপ ল'ব লগা হোৱা দৃশ্য আৰু ৰাঘামাই বিধৱা হ'ব লগা দৃশ্য দুয়োটা একাত্ম হৈ পৰিছে।উপন্যাসখনত লেখিকাই কৈছে-------
"বিজলী মহাদেউত মই সেন্দুৰ পিন্ধিছিলোঁ।তহঁতে কি চাই আছ ? মোৰ সেন্দুৰ মচি দে ! দে ঐ মচি দে। অ' মা অ' মা !----- তাই আজুঁৰি গাৰ গহনা আৰু সাজপাৰ খুলিব ধৰিলে।"২০
স্বামীৰ সেই মৃত্যুৰ কাৰণে যে কোম্পানীৰ চাহাবেই দায়ী সেয়া ৰাঘামাই নিশ্চিত কৈ বুজিছিল আৰু সেয়ে বনুৱা নাৰীৰ স্বভাৱসুলভ ব্যৱহাৰেৰে তাই সকলোকে গালি পাৰিছিল---------- "ছালে হাৰামী,মেৰে মৰ্দ কো মাৰ ডালা ছালে,কম্পানী কে কুত্তে !
ছালে সুঅৰ !
মাৰ ডালা ।"২১
এয়া স্বামী বিৰহত কাতৰ এগৰাকী পতিব্ৰতা পত্নীৰ বিননি।মুঠতে ৰাঘামা চৰিত্ৰটোৰ মাজেৰে লেখিকাই নিজৰ জীৱনৰ পৰা স্বামী আতৰি থাকিব লগা আৰু স্বামীৰ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনা ৰাঘামা চৰিত্ৰটোৰ মাজেৰে প্ৰকাশ ঘটাইছে।
খ) বাঈচাহেবাঃ
বাঈচাহেবা এগৰাকী অতৃপ্ত নাৰী।তাই যেন স্বামীৰ মৰম ,বাসনাৰ পৰা
১৯. মামণি ৰয়ছম গোস্বামী, নীলকণ্ঠী ব্ৰজ, পৃ.৬৪
২০. উল্লিখিত গ্ৰন্থ, পৃ.৭০
২১. উল্লিখিত গ্ৰন্থ, পৃ.৭১
বঞ্চিত।ৱাজচাহাবক বিয়া কৰোৱাৰ পিছৰে পৰা স্বামীৰ সান্নিধ্যৰ বাবে ব্যাকুল বাঈচাহেবাই মনৰ ক্ষুধা চৰিতাৰ্থ কৰাত যেন বাধাগ্ৰস্ত হৈছে।স্বামীৰ অনিহাই তাইৰ সেই যন্ত্ৰণাৰ মূল কাৰণ।অথচ স্বামীক পশ্চিমীয়া সংস্কৃতিৰ নিয়মৰ দৰে বিবাহ বিচ্ছেদো কৰিব পৰা নাই।অৱশেষত বাঈচাহেবাই নাৰীৰ কেৱল স্বাভাৱিক যৌন ক্ষুধা নিৰ্বাৰণৰ বাবে কেইবাজনো বনুৱা পুৰুষৰ ওচৰ চাপিবলৈ বাধ্য হৈছে।এনে কৰাতেই বাঈচাহেবা হৈ পৰিছে বেশ্যা সদৃশ নাৰী।প্ৰথমতে তাই সদাশিৱ নামৰ বিবাহিত বনুৱাজনৰ ওচৰত নিজকে সমৰ্পন কৰি নিজৰ স্বৰূপ উদঙাই দিছে।পৰিস্থিতিয়ে বাঈচাহেবাক বাধ্য কৰাইছে।এই চৰিটোৰ লগত ঔপন্যাসিকাই স্বামীৰ সৈতে চেনাব নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰিৰ সময়ত কেম্পত থাকোঁতে দেখা পোৱা বেশ্যাৰ জনীৰ লগত সাদৃশ্য আছে।কেম্পত থাকোঁতে গোস্বামীয়ে নাকৈয়া তেলেগু শ্ৰমিক আৰু বনকৰা উৰিয়া বুঢ়ী জনীৰ সৈতে পীৰক চাবলৈ গৈ থাকোঁতে জোপাহা এটাৰ আৰঁত এগৰাকী মহিলা আৰু দুটা মিলিটাৰীয়ে যৌন বাসনা পূৰণ কৰি থকা অৱস্থাত দেখা পাইছিল। গোস্বামীৰ সতে যোৱা পদ্মাবায়ে কৈছিল তাই কোম্পানীৰ মানুহ সাৰেংখাৰাৰ দৰঙৰ কুঁৱাত পৰি তাইৰ গিৰিয়েক মৰিছে।অৰ্থাৎ গোস্বামীয়ে যি দেখিছে তাকে উপন্যাসৰ কোনো এক চৰিত্ৰৰ মাজেৰে প্ৰকাশ কৰিছে।
যৌন ক্ষুধা নিৰ্বাৰণ কৰিব নোৱাৰা বাঈচাহেবৰ মনত সেই দুখ এদিন শিৱান্না নামৰ আন এজন বনুৱাৰ ওচৰত ব্যক্ত কৰিছে।আনকি তাই স্বামীয়ে তাইৰ মনৰ হেপাঁহ পূৰণৰ বাবে যে আগ্ৰহী নহয় সেই কথাও শিৱান্নাৰ আগত ব্যক্ত কৰিছে।উপন্যাসখনত কৈছে-------
"জান শিৱান্না, তোৰ চাহাবক মই মাতিছিলোঁ........সৌ ঘূলিত সাতুৰিম.......আহা ! তোৰ চাহাবে ক'লে..........শ্লেব কংক্ৰিট চাবলৈ অহা নতুন চাহাবৰ লগত আহিবলৈ।সময় নাই তেওঁৰ।"২২
এনে উক্তিৰ পৰা বুজা যায় যে বাঈচাহেবা স্বামীৰ উপেক্ষিতা নাৰী।এনেদিশৰ পৰা অনুমান কৰিব পৰি গোস্বামীয়ে নাকৈয়া তেলেগু শ্ৰমিক আৰু বনকৰা উৰিয়া বুঢ়ী জনীৰ সৈতে পীৰক চাবলৈ গৈ থাকোঁতে জোপোহাৰ এটাৰ আঁৰত দেখা মিলিটাৰী দুটাৰ সৈতে একেবাৰে নাঙঠ মহিলা গৰাকী আৰু বাঈচাহেবাই স্বামীৰ উপেক্ষিতাত বনুৱা শ্ৰমিকৰ দ্বাৰা যৌন ক্ষুধা নিৰ্বাৰণৰ দিশটোত গোস্বামীয়ে দেখা বাস্তৱ জীৱনৰ চাক্ষুষ অভিজ্ঞতাৰ সাদৃশ্য আছে।
৩.১.৩ পটভূমি
চেনাবৰ স্ৰোত উপন্যাসখনৰ পটভূমি হ’ল কাশ্মীৰ। কাশ্মীৰৰ পটভূমি হ’লেও পিছে ইয়াত কাশ্মীৰৰ থলুৱা জীৱন যাত্ৰাৰ চিত্ৰ নাই। তাৰ পৰিৱৰ্তে কাশ্মীৰত অস্থায়ীভাৱে থাকি শ্ৰমদান দিয়া এদল বনুৱাৰ জীৱন চৰ্যাহে ইয়াত পোৱা যায়। চেনাব নদীৰ ওপৰত চন্দ্ৰভাগা দলং নিৰ্মাণৰ সময়ত তাত বাহৰ পতা অভিযন্তাকে ধৰি সাধাৰণ বনুৱা,বনুৱাৰ পত্নী, সন্তানলৈকে বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভুমুকি মাৰিছে। মামনি ৰয়ছম গোস্বামীৰ নিজা ভাষ্য অনুসৰি এই সকলোবোৰ চৰিত্ৰই বাস্তৱৰ পৰা লোৱা।এই তিনি শ্ৰেণী মানুহৰ সংমিশ্ৰণত আৰম্ভ হোৱা দলংসজা কামটো ।ঔপন্যাসিকে উপন্যাসখনৰ পটভূমি সম্পৰ্কে ক'বলৈ গৈ কৈছে------
২২. উল্লিখিত গ্ৰন্থ, পৃ.৬৭
"চন্দ্ৰভাগা নদীৰ আন এটা ৱাম চেনাব।এই চেনাবৰ ওপৰত বন্ধা দলং এখনৰ ৱাৰ্ক চাইটতে মই কেইবামাহো আছিলোঁ।যি সময়ত মই সেই ঠাইত উপস্থিত হৈছিলোঁ সেই সময়ত সেই মহত্বপূৰ্ণ দলংখনৰ পীয়াৰছ সমূহৰ কামহে আৰম্ভ হৈছিল,শ্ৰমিক সকলক ,ইঞ্জিনীয়াৰ সকলক কোম্পানীৰ লগে লগে ঘূৰি ফুৰা বিভিন্ন বনুৱা আৰু পৰিজনসকল,এই সকলোবোৰক তেনেই ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সুযোগ হৈছিল।এই অভিজ্ঞতাক মূলধন কৰি লৈ মই "চেনাবৰ সোঁত"নামৰ উপন্যাসখন লিখিছিলোঁ।"২৩
চেনাব বা চন্দ্ৰভাগা নদীৰ ওপৰত দলং বন্ধা শ্ৰমিক সকলৰ জীৱনৰ আবেগ-অনুভূতি, পোৱা -নোপোৱা, হা-হুমুনিয়াহৰ বাস্তৱ চিত্ৰ দাঙি ধৰিছে উপন্যাসখনত।কোম্পানীৰ মালিকৰ শোষণৰ বলি শ্ৰমিকসকল। জীয়াই থকাৰ সংগ্ৰামত যুঁজি যুঁজি সিহঁতে পায় মাথোঁ দুখ যাতনা।কোম্পানীক মাথোঁ লাগে কাম।সেয়েহে কেতিয়াবা কোনো দুৰ্ঘটনাত পতিত হ'লেও শ্ৰমিকক নিচেই সামান্য কেইটামান টকা দি মুখ বন্ধ কৰি দিয়া হৈছে।মালিকৰ শোষণ আৰু অন্যায়ৰ বলি এই শ্ৰমিক সকল দাম্পত্য জীৱনৰ সাধাৰণ আনন্দও উপভোগ কৰিবলৈ পোৱা নাই।কোম্পানীৰ মালিকে ভৰিত পিন্ধা জোতাৰ দৰে তেওঁলোকক ব্যৱহাৰ কৰিছে।এই সকলোবোৰ ঘটনা গোস্বামীয়ে চেনাবৰ পাৰত স্বামীৰ সৈতে থকাৰ সময়ত নিজেই প্ৰত্যক্ষ কৰিছে।চেনাব নদীৰ বান্ধ নিৰ্মাণত নিয়োজিত শ্ৰমিক জীৱনৰ এনে দুখ-দুৰ্দশা, শোষণৰ ছবিক দাঙি ধৰি উপন্যাসখনৰ পটভূমি নিৰ্মাণ কৰিছে।
২৩.মামণি ৰয়ছম গোস্বামী, ইশ্বৰী যখমী যাত্ৰী আৰু অন্যান্য, পৃ.১৬১

"নীলকণ্ঠী ব্ৰজ" উপন্যাস আৰু আত্মজীৱনীমূলক উপাদান
৪.১ কাহিনী
গোস্বামীৰ দ্বিতীয় উপন্যাস "নীলকণ্ঠী ব্ৰজ" স্বামী মাধৱেনৰ মৃত্যুৰ পাছত মামণি ৰয়ছম গোস্বামীয়ে ১৯৬৯ চনত ৰামায়ণ সাহিত্যৰ ওপৰত গৱেষণা কৰিবৰ বাবে বৃন্দাবনলৈ যাওঁতে তেওঁ নিজ চকুৰে দেখি লাভ কৰা বৃন্দাবনৰ তথ্যৰ ভিত্তিত এই উপন্যাসখন ৰচনা কৰিছে।গোস্বামীয়ে এই সম্পৰ্কে কৈছে------
"'নীলকণ্ঠী ব্ৰজ' নামৰ উপন্যাসখন লেখিৰ সময়ত বৃন্দাবনত আছিলোঁ।........সেই সময়ত মই নিজে ভোগ কৰা যন্ত্ৰণাৰ ছবি মোৰ নায়িকা সৌদামিনীৰ চৰিত্ৰৰ মাজত সম্পূৰ্ণৰূপে ঢালি দিবলৈ চেষ্টা কৰিছিলোঁ।.......নায়িকাৰ মানসিক অৱস্থা আৰু সেই সময়ত মই নিজ চকুৰে দেখা মন্দিৰ কিছুমানৰ অৱস্থা কথা বৰ্ণনা কৰিছিলোঁ। যি মুৰুলীধৰে জীৱনকালত গ্লানি আৰু অপমানৰ বাহিৰে একো নিদিলে সেই মুৰলীধৰৰ আশ্ৰয়ৰ বাবে এনেধৰণৰ আক্ৰোহী হৈ উঠা বিধৱাসকলক দেখি মই বিষ্ময়ত অভিভূত হৈছিলোঁ।বৈধৱ্যই আজুৰি নিয়া মূৰৰ চুলি ,দেহত শতচ্ছিন্ন পোছাকেৰে সৈতে অস্থি চৰ্মসাৰ এই দেহবোৰৰ সৈতে মোৰ গভীৰ পৰিচয় ঘটিছিল।সিহঁতে বাস কৰা খুপৰীবোৰলৈও মই গৈছিলোঁ।----ঔদ্ধদৈহিকৰ বাবে তেওঁলোকে টকা গোটাইছিল।পাণ্ডা আৰু দালালে কেনেদৰে এই টকা কেতিয়াবা লুটি নিছিল সেই কথাও মোৰ চকুত পৰিছিল।"২৪
নীলকণ্ঠী ব্ৰজ উপন্যাসখন ড° মামণি ৰয়ছম গোস্বামীয়ে বৃন্দাবনক পটভূমি হিচাপে লৈ ৰচনা কৰিছে। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সৌদামিনী, এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধবা। উচ্চ হিন্দু পৰিয়ালৰ বিধবাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীৱন নিৰ্বাহ কৰে, শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে। সৌদামিনীয়ে এজন খ্ৰীষ্টান যুৱকক ভাল পায়।কিন্তু হিন্দু সমাজৰ ধৰ্মীয় গোড়ামীৰ বাবেই তেওঁক নিজৰ কৰি ল'ব পৰা নাই।সৌদামিনীয়ে বিধৱাৰ ব্ৰতচাৰিণী জীৱন-যাপন কৰাটোৱেই তাইৰ ৰক্ষণশীল পিতৃ-মাতৃৰ কামনা।তেওঁলোকৰ ধাৰণা হৈছিল কিছুদিন ব্ৰজত বাস কৰাৰ পাছত সৌদামিনীৰ মনলৈ পৰিৱৰ্তন আহিব।আৰু বাস্তৱৰ সৈতে মুখামুখি হ'ব পাৰিব।সেয়েহে সৌদামিনীৰ জাত-ধৰ্মৰ কথা দোহাই দি হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থধাম ব্ৰজধামলৈ নিয়ে।কিন্তু এই পবিত্ৰ ধামত ধৰ্মৰ নামত চলা অৰ্ধমৰ বেহা ,বিধৱা ৰাধেশ্যামী সকলৰ ওপৰত চলা অত্যাচাৰ-ব্যভিচাৰ আদি দেখি সৌদামিনীৰ মন আধ্যাত্মিকৰ প্ৰতি ধাবিত নহ'ল।তাই শান্তি বিচাৰি আহি ব্ৰজধামত আশান্তিহে পালে।ব্ৰজধামলৈ আহি যৌন ব্যভিচাৰৰ বলি হ'বলগীয়া হৈছে ৰাধেশ্যামীসকল সৌদামিনীয়ে দেখিবলৈ পালে ৰাধেশ্যামী সকলৰ কৰ্দয আৰু দুদৰ্শাগ্ৰস্ত ৰূপ----------
২৪.মামণি ৰয়ছম গোস্বামী, ইশ্বৰী, যখমী, যাত্ৰী আৰু অন্যান্য, পৃ.২১২-২১৩
"...........কিছুমান ভগ্ন খুপৰি।পাৰৰ বাহৰ দৰে খুপৰি এইবোৰ।এজাক বিধৱা ৰাধেশ্যামীয়ে এই খুপৰিবিলাকত বাস কৰে।ইহঁতৰ অস্থি-চৰ্মসাৰ দেহ,গাত বিৰ্বন মলিয়ন ধূতি।কিন্তু কপালত সিহঁতৰ দগমগাই আছে বিভূতি আৰু গোপীচন্দনৰ ৰেখাৰ সমাৰোহ।"২৫
মামণি ৰয়ছম গোস্বামীৰ বাস্তৱ অভিজ্ঞতাৰ কলাত্মক প্ৰকাশ ঘটিছে উপন্যাসখনত।গোস্বামীয়ে ৰামায়ণী সাহিত্যৰ ওপৰত গৱেষণা কৰ্মৰ বাবে হিন্দু সকলৰ পবিত্ৰ ধৰ্মস্থান বৃন্দাবনলৈ গৈছিল।তেওঁ তাত প্ৰত্যক্ষ কৰা সন্যাসিনীৰ জীৱনৰ পটভূমিত উপন্যাসখনৰ কাহিনী ৰচনা কৰিছে।উপন্যাসখনৰ কাহিনী আগুৱাই নিবলৈ বিভিন্ন চৰিত্ৰৰ সমাৱেশ ঘটাইছে।বাস্তৱতে ব্ৰজধামত ধৰ্মৰ বিপৰীতে যি বিষ সেই বিষপান কৰি নীলকণ্ঠী হোৱাৰ চিত্ৰ এখন উপন্যাসখনৰ কাহিনীৰ মাজেৰে প্ৰতিফলিত হৈছে।
নীলকণ্ঠী ব্ৰজ উপন্যাসখনত হিন্দু সকলৰ পবিত্ৰ ধৰ্মস্থান ব্ৰজধামৰ প্ৰাচীনতা ঐতিহ্য, ধৰ্মীয় আদৰ্শ,পূজা-পাৰ্বন,পণ্ডিত ধৰ্মাচাৰ্য,কলাকৃষ্টি, শিল্পী, মুক্তিকামী ৰাধেশ্যামী আদিৰ সবিশেষৰ লগতে ব্ৰজধামৰ গোপন ব্যাধি স্বৰূপ কামনা-বাসনাৰ কুৎসিত ৰূপ এটাও অংকন কৰিছে।দৰিদ্ৰ ছবি ,মন্দিৰৰ পূজাৰী আৰু কতৃৰ্পক্ষৰ দুনীতি, যৌন-ব্যভিচাৰ আদিৰ মাজত বিকৃত হৈ পৰা একালৰ পবিত্ৰ ব্ৰজধামত কটাবলৈ অহা নাৰীসকলৰ কাৰুণ্যই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে।তদুপৰি বিধৱাসকলৰ দুবিৰ্সহ জীৱন উপন্যাসখনৰ মাজেৰে প্ৰকাশ পাইছে।এই কাহিনী আগবঢ়াই নিবলৈ ঔপন্যাসিকাই সৌদামিনী,অবিবাহিতা প্ৰৌঢ়া-বয়স্ক গাভৰু মৃণালিনী আৰু সংসাৰত আপোনবিহীন কুৰি বছৰীয়া শশীক মুখ্য কৰি কাহিনী ভাগ নিৰ্মাণ কৰিছে।
মামণি ৰয়ছমে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ছাৰৰ নিমন্ত্ৰণ অনুসৰি ১৯৬৯ চনত বৃন্দাবনলৈ বুলি ৰামায়ণী সাহিত্যৰ ওপৰত গৱেষণা কৰিবলৈ গৈছিল।গোস্বামীয়ে বৈধৱ্য জীৱন কটোৱা সেই সময়ত না না অভিজ্ঞতা লাভ কৰিছিল।গোস্বামীয়ে এইটো কথা স্বীকাৰ কৰিছে যে উপন্যাসখনৰ নায়িকা সৌদামিনী চৰিত্ৰৰ প্ৰথমাৱস্থা গোস্বামীৰ নিজৰ জীৱন যন্ত্ৰণাৰ প্ৰকাশ।উপন্যাসখনৰ কাহিনী আৰম্ভ হৈছে ডাঃৰায়চৌধুৰীৰ লগত পত্নী অনুপমা আৰু বিধবা জীয়েক সৌদামিনীয়ে টাঙ্গাত উঠি বৃন্দাবনলৈ যোৱা দৃশ্যৰ মাজেৰে।
ডাঃৰায়চৌধুৰীৰ জীয়েক সৌদামিনী বিধৱা আৰু তাই বৈধব্য যন্ত্ৰণাক আতঁৰাবলৈ খ্ৰীষ্টান যুৱক এজনক ভাল পাইছিল।ধৰ্মীয় গোড়ামি পূৰ্ণ সমাজৰ পিতৃ-মাতৃয়ে সেয়া সমৰ্থন কৰিব নোৱাৰি বৈধব্যৰ যন্ত্ৰণাৰ উপশম পাবলৈ সৌদামিনীক বৃন্দাবনত থাকিবলৈ লৈ আহিল।তথাপি সৌদামিনীৰ মন প্ৰেমিক জনৰ পৰা আতৰি নাহিল।বৃন্দাবনত তাই বহু ৰাধেশ্যামীৰ মাজত থাকি বৈধব্য যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰা নাছিল।গোস্বামীয়ে গৱেষণা কৰিবলৈ আহি বৃন্দাবনত বহুতো অভিজ্ঞতা লাভ কৰিছে।বৃন্দাবনলৈ আহি কোনো ধৰণৰ মানসিক শান্তি বিচাৰি পোৱা নাই।লেখাৰুছাৰৰ পত্নীয়ে গোস্বামীক বিভিন্ন মন্দিৰৰ সাধু সন্যাসীৰ ওচৰলৈ গৈছিল কিন্তু শুদ্ধ পথ বিচাৰি নাপলে।বৃন্দাবনলৈ আহি গোস্বামীয়ে দেখা
২৫.মামণি ৰয়ছম গোস্বামী, উপন্যাস সমগ্ৰ, পৃ.১৭৪
পাইছে কামাতুৰ পুৰুষৰ ৰাধেশ্যামীসকলৰ ওপৰত কৰা অত্যাচাৰ, মানুহৰ দুখ যন্ত্ৰণাময় জীৱন, ঠগ-প্ৰৱঞ্চনাৰে পাণ্ডাসকলে কিদৰে ৰাধেশ্যামীসকলৰ পৰা টকা লুটি নিয়ে তাক তেওঁ প্ৰত্যক্ষ কৰিছে।গোস্বামীৰ এই অভিজ্ঞতাক সৌদামিনী চৰিত্ৰৰ মাজেৰে উপস্থাপন কৰি উপন্যাসৰ কাহিনী আগবঢ়াই নিছে।
বৃন্দাবনত থকাৰ সময়ত গোস্বামীক বহু কামাতুৰ পুৰুষে প্ৰস্তাৱ আগবঢ়াইছিল।এই দিশটোও উপন্যাসখনত উপস্থাপন কৰা হৈছে।উপন্যাসখনৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ চিত্ৰ অংকন কৰা হৈছে।সেয়া হৈছে ঠাকুৰ চাহাব,তেওঁৰ পত্নী আৰু জীয়েক মৃণালিনী।ঠাকুৰ চাহাব নাৰী আসক্ত আছিল।বৃন্দাবনত তেওঁলোকৰ এটা মন্দিৰ আছিল কিন্তু অৰ্থৰ অভাৱত সেইটো বিক্ৰী কৰি ৰাধেশ্যামী সকল থকা খুপৰিত থাকিবলৈ লয়।দুকুৰি বছৰীয়া জীয়েক মৃণালিনীয়ে দুটি প্ৰাণীৰ জিন্মা নিজেই লৈ ভিক্ষামাগী পুহপাল দিব লগা হৈছিল।নিজৰ এনে অৱস্থাৰ বাবে ঠাকুৰ চাহাবৰ পত্নী আৰু মৃণালিনীয়ে নিজৰ ভৱিষ্যতক লৈ উন্মাদ হৈ পৰিছিল।শেষত অন্ধ অনুতপ্ত পিতৃয়ে ৰথযাত্ৰাৰ দিনা ৰথৰ চকাৰ তলত পৰি আত্মহত্যা কৰিছে।এই সকলোবোৰ ঘটনা গোস্বামীয়ে নিজেই প্ৰত্যক্ষ কৰা।কেৱল চৰিত্ৰটোক কাল্পনিক ৰহন সানি উপন্যাসখনত উপস্থাপন কৰিছে।এইবিষয়ে গোস্বামীয়ে আত্মজীৱনীত এনেদৰে কৈছে---------
"এইখিনিতে মই মোৰ বান্ধৱী মনুৰ এটা পৰিচয় দিয়া উচিত হ'ব।মনুৰ পিতাক সেন মহোদয় সম্ভ্ৰান্ত পৰিয়ালৰ বঙালী ভদ্ৰলোক আছিল।পৰিয়ালটোৱে শ্বিলঙত অনেক দিন বাস কৰিছিল।সেনবাবুৰ পিতাকে বৃন্দাবনত মন্দিৰ এটা কিনি এক 'ষ্ট্ৰাষ্টফাণ্ড' কৰি সেনবাবুক ট্ৰাষ্ট্ৰী কৰিছিল।মই বৃন্দাবনত থাকোঁতেই সেনবাবুৰ পৰিয়ালটোৱে একপ্ৰকাৰ সৰ্বস্বান্ত হোৱাৰ দৰে শ্বিলঙৰ পৰা আহি বৃন্দাবনত বাস কৰিবলৈ লৈছিল।পিছলৈ টকা-পইচাৰ ইমান বেছি হাহাকাৰ হৈছিল যে বৰ কম দামত তেওঁ মন্দিৰটো বেচি দি পৰিয়ালৰ সৈতে মন্দিৰৰ তলৰ খুপৰি এটাত বাস কৰিবলৈ আৰম্ভ কৰিছিল।মনুৰ মাকে মানসিক সুস্থিৰতা হেৰুৱাইছিল।এই পৰিয়ালটোৰ অৱস্থাই সেইসময়ত মোৰ হৃদয় স্পৰ্শ কৰিছিল।ঐতিহ্যপূৰ্ণ এক পৰিয়ালৰ শেষৰ এই দুৰ্বহ জীৱন-যাত্ৰাৰ ছবি মোৰ বাবে সচাঁকৈয়ে বৰ বিস্ময়কৰ আছিল।"২৬
উপন্যাসখনত গোস্বামীয়ে বাস্তৱ জীৱনৰ হুবহু বৰ্ণনা দিবলৈ অগ্ৰসৰ হওঁতে হাড়াবাৰী আদি ঠাইত বৃন্দাবনৰ কলুষিত অন্ধকাৰ দিশটো দেখিছিল।কিছুমান উদত্ত ডেকা বিধৱা যুৱতীৰ সন্ধানত অনৰ্গল ঘূৰি ফুৰা দেখি মামণি ৰয়ছম সচকিত হৈ পৰিছিল।বিব্ৰত হৈ পৰিছিল।তাৰ ৰেঙনি তেওঁৰ উপন্যাসখনতো পৰিছে।দুই এগৰাকী বয়সীয়া বৃদ্ধা ৰাধেশ্যামীৰ বেশ্যা ৰূপটো দেখি স্তব্ধ হৈছিল।ব্ৰজধামৰ ভক্তসকলৰ লগত যি বিলাক কৰ্দয ৰূপ সেইবোৰে বৃন্দাবনৰ পবিত্ৰতা ম্লান কৰি তুলিছিল।অৱশ্যে এচাম ৰাধেশ্যামী স্বেচ্ছাই কৃষ্ণ ভক্তিত গদ গদ হৈ জীৱনপাত কৰা তেওঁ দেখিবলৈ পাইছিল।এই সকলোবোৰ দিশক সামৰি গোস্বামীয়ে উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে।
কম বয়সতে স্বামীহাৰা হোৱা কুলীন বংশৰ উচ্চশিক্ষিতা মামণি ৰয়ছম নিজ ঘৰৰ গোড়া, বঞ্চনামূলক জীৱন যাপনৰ অৱসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ গুচি যাব পাৰিলেহেঁতেন, তেখেতে কিন্তু তেখেতে
২৬.মামণি ৰয়ছম গোস্বামী, ৰচনা সমগ্ৰ, পৃ.১৭১
"হিন্দু সংস্কৃতিৰ কেন্দ্ৰ" বৃন্দাবনহে গ্ৰহণ কৰিলে। বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ "পাপ" মূৰ পাতি লোৱা বিধৱাসকলৰ গ্লানিপূৰ্ণ জীৱন প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। লাহে লাহে মামণি ৰয়ছমৰ মনৰ আঘাত শুকাবলৈ আৰম্ভ কৰিলে।তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।এই সকলোবোৰৰ প্ৰভাৱ তেওঁৰ "নীলকণ্ঠী ব্ৰজ" উপন্যাসখনত সুন্দৰভাৱে পৰিছে।
৪.২ চৰিত্ৰ
৪.২.১ নাৰী চৰিত্ৰ
ক) সৌদামিনীঃ
"নীলকণ্ঠী ব্ৰজ" উপন্যাসখন ড০ মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয় উপন্যাস।তেওঁ উপন্যাসখন বৃন্দাবনৰ পটভূমিত ৰচনা কৰিছে।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ সৌদামিনী। তদুপৰি উপন্যাসখনত ভালেমান চৰিত্ৰই ভূমুকি মাৰিছে যদিও সৌদামিনী চৰিত্ৰৰ মাজেৰেহে উপন্যাসখনৰ কাহিনীয়ে গতি লাভ কৰিছে।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ সৌদামিনী, এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধৱা।উচ্চ হিন্দু পৰিয়ালৰ বিধৱাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীৱন নিৰ্ৱাহ কৰে,শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে।
উপন্যাসখনৰ কাহিনী আগবঢ়াই নিয়া সৌদামিনী চৰিত্ৰটো ঔপন্যাসিকা নিজেই।এই সৌদামিনী যেন মামণি ৰয়ছমৰ নিজা জীৱনৰ এটা মূৰ্ত প্ৰকাশ।অৰ্থাৎ গোস্বামীয়ে নিজেই সন্মুখীন হোৱা ঘটনাক সৌদামিনী চৰিত্ৰটোৰ মাজেৰে প্ৰকাশ ঘটাইছে।কমবয়সতে স্বামীহাৰা হোৱা কুলীন বংসৰ উচ্চ শিক্ষিতা মামণি ৰয়ছম গোস্বামী নিজ ঘৰৰ গোড়া,বঞ্চনামূলক জীৱন-যাপনৰ অৱসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ যাব পাৰিলেহেঁতেন কিন্তু গোস্বামীয়ে "হিন্দু সংস্কৃতিৰ কেন্দ্ৰ"বৃন্দাবনহে গ্ৰহণ কৰিলে।বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ"পাপ" মূৰ পাতি লোৱা বিধৱাসকলৰ গ্লানিপূৰ্ণ জীৱন-প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে।লাহে লাহে গোস্বামীৰ মনৰ মাজত আঘাত নোহোৱা হৈ পৰিল ।তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।সাহিত্য সাধনাক আশ্ৰয় হিচাপে লোৱা লেখিকাৰ জীৱন স্বামী মাধবেন ৰয়ছম আয়েঙ্গাৰৰ সৈতে কটোৱা দিনবোৰৰ দৰেই বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতায়ো সমৃদ্ধ কৰিছিল।ধৰ্মীয় অনুভূতিৰ আঁৰৰ অন্য এখন জগত তেওঁ বৃন্দাবনত আৱিষ্কাৰ কৰিছিল। ঔপন্যাসিকা নিজেই এই সৌদামিনী চৰিত্ৰৰ কথা কবলৈ গৈ আধালেখা দস্তাবেজৰ এঠাইত এনেদৰে কৈছে------------
"এই উপন্যাসখনৰ নায়িকা সৌদামিনীৰ মনৰ বেদনা আৰু যন্ত্ৰণাৰ কথাখিনি মই হুবহু মোৰ নিজৰ মনৰ মাজত হোৱা ভয়ানক ধুমুহাৰ অনুৰূপ কৰি অংকিত কৰিছিলোঁ।সৌদামিনীৰ প্ৰথম অৱস্থাত হোৱা যন্ত্ৰণা মোৰ নিজৰেই যন্ত্ৰণা আছিল।"২৭
২৭.মামণি ৰয়ছম গোস্বামী, ৰচনা সমগ্ৰ, পৃ,১৪৮
"নীলকণ্ঠী ব্ৰজ" উপন্যাসখনৰ আৰম্ভণিৰ পৰা শেষলৈকে মূল চৰিত্ৰ সৌদামিনীৰ অন্তৰত পুঞ্জীভুত বেদনাৰ মূল প্ৰকাশ ঘটিছে।সেইবেদনাই স্পৰ্শ কৰে সচেতন পাঠকৰ অন্তৰতো।উপন্যাসখনৰ নায়িকা(ঔপন্যাসিকা নিজেই) সৌদামিনী এগৰাকী বিধৱা গাভৰু।স্বামীৰ অকাল মৃত্যুৰ পাছত এজন খ্ৰীষ্টান যুৱকৰে সৈতে প্ৰেমৰ সূত্ৰপাত হোৱা কথাটো ৰক্ষণশীল পৰিয়ালে মানি ল'ব পৰা নাছিল।সেয়ে তাইৰ চৰিত্ৰৰ সংশোধনৰ বাবে মাক-দেউতাকে হিন্দু বিধৱা নাৰীৰ আশ্ৰয়স্থলী ব্ৰজধামলৈ লৈ যায়।সদ্য বিধৱা আৰু তাৰ পাছত এজন খ্ৰীষ্টান যুৱকৰ প্ৰেমত পৰা সৌদামিনীক ব্ৰজৰ পৰিৱেশে মুঠেও পৰিৱৰ্তন কৰিব নোৱাৰিলে।দিনক দিনে তাইৰ মন গভীৰ দুখেৰে ভৰি পৰিল।তাইৰ শৰীৰ ভাঙি পৰিব ধৰিলে আৰু চকুৰ তলতো ক'লা দাগ পৰিল।পিতৃ-মাতৃয়ে ভবাৰ দৰে তাইৰ মন পৰিৱৰ্তন নহল।খ্ৰীষ্টান যুৱকৰ প্ৰেমানুভূতিয়ে আৱৰি ধৰিলে।গোস্বামীয়ে লেখাৰু ছাৰৰ অধীনত ৰামায়ণী সাহিত্যৰ বিষয়ে গৱেষণা কৰিবলৈ বৃন্দাবনলৈ গৈছিল।ছাৰ আৰু ছাৰৰ পত্নীয়ে গোস্বামীক মাধৱেনৰ মৃত্যুৰ কথা আৰু অতীতৰ ঘটনা সমস্ত পাহৰি যাবলৈ কৈছিল।কিন্তু গোস্বামীয়ে পাহৰিব পৰা নাছিল।আৰু মনৰ দুখৱাস্হা সহজতে পাহৰাও সহজতে সম্ভৱ নহয়।তেওঁ এই দিশবোৰ সৌদামিনী চৰিত্ৰৰ মাজেৰে প্ৰকাশ ঘটাইছে।সৌদামিনীয়ে বৃন্দাবনৰ চিকিৎসালয়ত কৰা ৰোগী আৰু ব্ৰজৰ ধৰ্মীয় পৰিৱেশত শান্তি নাপায় পিতৃ-মাতৃক তাই এনেদৰে চিঞৰি কৈছিল-------
"মোৰ গোটেই জীৱনটো মই এনেদৰে আনৰ দয়াপৰৱশ হৈ কটাব নোৱাৰো...............মই মহীয়সী নহও যে তোমালোকৰ দৰে জনকল্যানমূলক কাম কৰি মই মোৰ গোটেই জীৱন অতিবাহিত কৰিব পাৰিম।মই স্বাধীন।মই কাকো ভয় নকৰো.............তোমালোকে যদি মই সলনি হোৱা বুলি ভাবিছাঁ তেতিয়াহ'লে..........." ২৮
ব্ৰজধামৰ দুখীয়া লাঞ্ছিত সকলৰ প্ৰতি সৌদামিনীৰো সমবেদনা আছে,পথৰ পৰা বুটলি অনা কুষ্ঠৰোগীক তাই চোৱাচিতা কৰিছে পিতৃৰ সৈতে।তথাপি এইবোৰৰ মাজতো জীৱনটো শেষ কৰি দিয়াৰ ইচ্ছা সৌদামিনীৰ নাই।শিল্পী চন্দ্ৰভানুৱে যেতিয়া সৌদামিনীক ক্ষূদ্ৰ স্বাৰ্থ কৰি চিকিৎসালয়ৰ ভাৰ লৈ মহিয়সী হোৱাৰ কথা কৈছে ,তেতিয়া সৌদামিনীৰ প্ৰতিবাদী কণ্ঠ বাজি উঠিছে।সৌদামিনীৰ সংবেদনশীল মন আৰু সচেতন দৃষ্টিৰ সন্মুখত দাৰিদ্ৰ্যপীড়িত ব্ৰজধামৰ সমাজৰ ছবিখন ল হে লাহে উদ্ভাসিত হৈ উঠিছে আৰু হাজাৰ হাজাৰ হিন্দু বিধৱা নাৰীৰ আশ্ৰয়স্থল ব্ৰজধাম যে দৰিদ্ৰতা, লোভ, ভ্ৰষ্টাচাৰ,দুনীতি,নাৰীৰ ওপৰত অশ্লীল দৃষ্টি আদিবোৰ লেখিকাই নিজেই প্ৰত্যক্ষ কৰিছে আৰু প্ৰতীয়মান কৰিব পাৰিছে।দৰিদ্ৰ আৰু অৰ্থব ৰাধেশ্যামীসকলৰ পৰা নিৰাপত্তাহীন গাভৰুৰ শৰীৰ জীৱনৰ কাৰুণ্যলৈকে সৌদামিনী চৰিত্ৰৰ মাজেৰে উপন্যাসত প্ৰকাশ ঘটাইছে।ব্ৰজধামলৈ আহি ৰাধেশ্যামীসকল যৌন ব্যাভিচাৰৰ বলি হ'ব লগা হ'ল।সৌদামিনীয়ে দেখিবলৈ পালে ৰাধেশ্যামীসকলৰ দুদৰ্শা আৰু কদৰ্য ৰূপ।এই সকলোবোৰ ঔপন্যাসিকাই ব্ৰজধামত নিজেই প্ৰত্যক্ষ কৰা।--------------
"........সৰু সৰু খুপৰি জাতীয় ঘৰ কিছুমানত তেওঁলোকে জীৱন অতিবাহিত কৰিছিল।সৰহভাগেই পূৰ্ৱবংগৰ দিনাজপুৰ ,ৰাজসাহী ইত্যাদিৰ মানুহ।কিছুমানে ভক্তিভাৱত গদ্ গদ্ হৈ এই স্থানলৈ আহিছিল যদিও বেছিভাগেই পাৰিবাৰিক অশান্তিত থাকিব নোৱাৰি
২৮.. মামণি ৰয়ছম গোস্বামী, নীলকণ্ঠী ব্ৰজ,পৃ.৫৪
ব্ৰজধামত আশ্ৰয় লৈছিল।সৰহভাগৰ কাহিনী বৰ নিৰ্মম আৰু যন্ত্ৰণাদায়ক আছিল।মোৰ লগত পিছলৈ একপ্ৰকাৰ আন্তৰিকতাই স্থাপন কৰা ৰাজসাহীৰ বৃদ্ধা ৰাধেশ্যামী এগৰাকীয়ে ঔষধ আৰু চিকিৎসাৰ অভাৱত অন্ধকাৰ খুপৰি এটাত তিলতিলকৈ মৃত্যুবৰণ কৰিছিল সেই দৃশ্য মই দেখিছিলোঁ।"২৯
উপন্যাসখনৰ নায়িকা সৌদামিনী চৰিত্ৰৰ মাজেৰে বিধৱাৰ প্ৰেম আৰু দৈহিক বাসনাৰ প্ৰতি থকা ক্ষুধাৰ ছবিও প্ৰতিফলিত হৈছে।বিধৱাৰ ওপৰত থকা কঠোৰ সামাজিক অনুশাসন থকাৰ বাবেই এই কাৰ্য গ্ৰহণযোগ্য নহয়।কিন্তু উপন্যাসখনত সৌদামিনীৰ প্ৰেম আৰু বাসনা অতিশয় সংঘাতপূৰ্ণ আৰু আকৰ্ষণীয় ৰূপত ধৰা দিছে।সৌদামিনীৰ অন্তৰত স্বামীৰ স্মৃতি আৰু খ্ৰীষ্টান যুৱকৰ মুখ একাকাৰ হৈ পৰিছে।সৌদামিনীয়ে জানে বিধৱাই কৰোবাৰ পৰা প্ৰেম আৰু প্ৰেৰণা বিচৰাটো সমাজে সহ্য নকৰে।তেনেদৰে গোস্বামীয়ে ব্ৰজধামত থকা সময়ত এজন তৰুণ যুৱকক লগ পাইছে।তৰুণ যুৱকৰ লগত গোস্বামী মথুৰালৈ গৈছিল।যুৱকজনৰ সৈতে গোস্বামীৰো এক প্ৰেমৰ ভাৱ জাগি উঠিছিল।এগৰাকী বিধৱাৰ যেন দৈহিক বাসনা দমন কৰি ৰখা বৰ কষ্টকৰ।কেতিয়াবা সেই স্পহা ইমানেই দুৰ্বাৰ হৈ পৰে যে নীতি-নিয়মৰ প্ৰাচীৰ ভাঙি পেলাব খোজে।ঔপন্যাসিকাই এই নিজৰ দৈহিক বাসনাৰ অনুভৱ ব্যক্ত কৰি আত্মজীৱনীখনত কৈছে---------
"মোৰ এই প্ৰেমিক মোৰ ওচৰত এয়া থিয় হৈ আছে।মই তেওঁক সৰ্বস্ব দিব পাৰোঁ।'মাধু' মৃত্যুৰ পাছত বিধাতাই কাঢ়ি নিয়া এক মানৱীয় ক্ষুধাক এই এতিয়াই মই আকৌ এবাৰ চুই চাব পাৰোঁ।সৌৱা এই তৰুণ যুৱকে একেবাৰে মুগ্ধ হৈ মোৰ ৰেহৰূপ চাই আছে।এতিয়াই এই মূহুৰ্তত সামান্য এটা ইংগিত পালেই তেওঁ মোক সাৱটি ধৰিব।চুমাৰে মোৰ সৰ্বশৰীৰ ঢৌৱাই পেলাব।"৩০
ঔপন্যাসিকাৰ এই মানৱীয় ক্ষুধা উপন্যাসৰ নায়িকা সৌদামিনী চৰিত্ৰটোৰ মাজেৰে অনুভৱ ব্যক্ত কৰিছে।উপন্যাসখনত সৌদামিনীৰ প্ৰেম আৰু বাসনাৰ অভিনৱ আৰু সাহসী উপস্থাপনে আকৰ্ষণীয় কৰি তুলিছে।সৌদামিনীয়ে জানে বিধৱাৰ দৈহিক বাসনা সমাজে কেতিয়াও স্বীকৃতি নিদিয়ে।কিন্তু নিজৰ শৰীৰৰ দাবী তাই স্বীকাৰ নকৰাকৈ থাকিব নোৱাৰে।এই ক্ষেত্ৰত সৌদামিনীৰ অনুভৱ লেখিকাই এনেদৰে দিছে-----------
".......সুন্দৰ নিপোটল তাইৰ শৰীৰ ।যোৱা সাত বছৰৰ মানসিক অত্যাচাৰে তাইৰ শৰীৰত কোনো স্থায়ী চিহ্ন ৰাখিব পৰা নাই।নাই নাই নিজৰ লগত যেন কোনো বুজা পৰা হোৱা নাযায়।"৩১
গতিকে দেখা যায় যে গোস্বামীৰ জীৱনৰ প্ৰথম অৱস্থা সৌদামিনী চৰিত্ৰটোৰ মাজেৰে প্ৰকাশ কৰিছে।গোস্বামী স্বামীহাৰা হোৱা আৰু লেখাৰুছাৰৰ অধীনত ৰামায়ণী সাহিত্য
২৯. মামণি ৰয়ছম গোস্বামী,আধালেখা দস্তাবেজ, পৃ.১৩৮
৩০.উল্লিখিত গ্ৰন্থ,পৃ.১৫৪
৩১. মামণি ৰয়ছম গোস্বামী, নীলকণ্ঠী ব্ৰজ, পৃ,৬১
অধ্যয়ন কৰিবলৈ বুলি গৈ হিন্দু সকলৰ পবিত্ৰ ধৰ্ম স্থান বৃন্দাবনত নিজৰ ক্ষেত্ৰত হোৱা আৰু নিজেই দেখা অভিজ্ঞতাবোৰ সৌদামিনী চৰিত্ৰটোৰ মাজত আৰোপ কৰিছে।গোস্বামীয়ে তেওঁৰ আত্মজীৱনীত এই সকলো কথা সুন্দৰভাবে উপস্থাপন কৰিছে।উপন্যাসখনৰ মাজত থকা এই চৰিত্ৰটোৰ পৰা গোস্বামীৰ জীৱনৰ কথা অতি সুন্দৰভাবে উমান পাব পাৰি।গোস্বামীয়ে যদিও চৰিত্ৰটোৰ নামকৰণ কাল্পনিক তথাপি চৰিত্ৰটো যেন গোস্বামী নিজেই তেনে অনুভৱ হয়।এইফালৰ পৰা ক'বলৈ গ'লে গোস্বামীৰ "নীলকণ্ঠী ব্ৰজ" উপন্যাসখনৰ সৌদামিনী চৰিত্ৰটোৰ মাজত আত্মজীৱনীমূলক উপাদান নিশ্চিত।
খ) শশীপ্ৰভাঃ
নীলকণ্ঠী ব্ৰজ উপন্যাসখনৰ আন এক বিধৱা দুখী নাৰী চৰিত্ৰ হৈছে শশীপ্ৰভা।এই চৰিত্ৰটোও লেখিকাই বৃন্দাবনত গৱেষণা কৰি থকাৰ সময়ত লগ পোৱা এটি নাৰী চৰিত্ৰৰ আধাৰতেই সজাই তুলিছে।লেখিকাই এই সৰ্ন্দভত নিজৰ আত্মজীৱনীত এনেদৰে লিখিছে-------- "গোপীনাথ বজাৰৰ ব্ৰহ্মকুণ্ডৰ আমি থকা মন্দিৰৰ সন্মুখত আৰু এটা মন্দিৰ আছিল।ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনতে কোনোবা বঙালী ভক্তই এই মন্দিৰটোৰ নামেৰে এটা ট্ৰাষ্ট খুলি দিছিল।এগৰাকী ওখ,হটঙা,পৰিস্কাৰ ধৰণৰ বঙালী পূজাৰীয়ে মন্দিৰৰ পূজা পৰ্ব চলাইছিল।পূজাৰীৰ লগত একেটা কোঠাতে আৰু এগৰাকী ৰাধেশ্যামী থাকে।তাই বয়সীয়া তিৰোতা।পূজাৰীক ভাত-পানী ৰান্ধি দিয়ে।বিগ্ৰহৰ ভোগো ৰান্ধে।পিছলৈ জানিছিলোঁ দুয়োৰে বিয়া হোৱা নাই।তেনেদৰে অনেকেই থাকে।"৩২
সৰুতেই বৈধব্যৰ জীৱন কটোৱা বৃন্দাবনত নিজৰ বাকীছোৱা জীৱন সুৰক্ষিতভাৱে অতিবাহিত কৰিবলৈ সুন্দৰী শশীপ্ৰভাই আলমগড়ী নামৰ মন্দিৰৰ বুঢ়া পুৰোহিত এজনৰ লগত একেটা কোঠাতে থাকিবলৈ বাধ্য হৈছে।পুৰোহিতজন নপুংসক হোৱা বাবে তাই নিশ্চিন্ত মনেৰে দিন অতিবাহিত কৰিব পাৰিছিল।কিন্তু তাইৰ এই নিৰাপত্তাৰ দিন বেছি দিনলৈ টিকি নাথাকিল।মৃণালিনীয়ে যেতিয়া মন্দিৰ বিক্ৰী কৰাৰ কথা শশীৰ ওচৰত ব্যক্ত কৰিছে তেতিয়া তাইৰ মূৰত আকাশী সৰগ ভাগি পৰাৰ দৰে উপক্ৰম হৈছে।নিজৰ অনাগত জীৱনৰ ভৱিষ্যতৰ কথা ভাবি তাইৰ মন ভাগি পৰিছে।লেখিকাৰ ভাষাৰে"শশীয়ে আৰু কথা ক'ব নোৱাৰিলে।তাই অনুভৱ কৰিলে তাইৰ যেন দুয়োটা চকু পুৰিছে।মন্দিৰ বেছি দিয়া মানেইতো একপ্ৰকাৰ সকলো শেষ হোৱাৰ দৰে কথা।"
বিধৱা নাৰীৰ প্ৰধান সমস্যা হৈছে নিৰাপত্তাহীনতা। আৰ্থিক, সামাজিক আৰু শাৰীৰিক নিৰাপত্তাহীনতাই পুৰুষ প্ৰধান সমাজত নাৰীক অসহায় অৱস্থালৈ লৈ যায়।আলমগড়ী বুঢ়া পুৰোহিত এজনৰ লগত তেনেদৰে থকা বাবে তাইক অনেকেই তুচ্ছ-তাচ্ছিল্য কৰিছিল কিন্তু সেইবোৰলৈ কোনো গুৰুত্ব নিদিলে।মন্দিৰ বিক্ৰী হোৱাৰ পাছত তাই সেই গাভৰু দেহাটো কেনেদৰে ব্ৰজৰ সেই ৰাং কুকুৰবোৰৰ পৰা ৰক্ষা কৰিব সেই ভাবি চিন্তাৰ শেষ হোৱা নাছিল।হৰিণাৰ মাংসই বৈৰীৰ দৰে তাইৰো একেই অৱস্থা।সেয়েহে নিৰাপত্তাৰ বাবে তাইৰ মনে হাহাকাৰ কৰিছিল।মন্দিৰ বিক্ৰী হৈ যোৱাৰ পাছত শশীয়ে আন আন ৰাধেশ্যামীৰ
৩২.মামণি ৰয়ছম গোস্বামী, আধালেখা দস্তাবেজ,পৃ,১৩৯-১৪০
লগত অন্ধকাৰ খুপৰিত বাস কৰিবলৈ লয়।কিন্তু তাই তাত শান্তিৰে থাকিব নোৱাৰিলে মাংসৰ গোন্ধ লৈ ফুৰা এচাম কামুক পুৰুষৰ দৃষ্টি তাইৰ শৰীৰৰ ওপৰত পৰিছিল।মাজৰাতি তাইৰ দুৱাৰত টুকুৰীয়াই তাইক হাৰাশাস্তি কৰিছিল।এবাৰ এজন পাণ্ডা আহি তাইক'যুগল উপাসনাৰ'লোভ দেখুৱাই তেওঁৰ লগত একেলগে থকাৰ বাবে প্ৰস্তাৱ আগবঢ়াই কৈছিল-------
"শুনা ময়ো এটা প্ৰস্তাৱ দিব আহিছোঁ মানে মোৰো মন্দিৰ আছে আৰু মোকো সহায় কৰা তিৰোতা এজনী লাগে।তুমি আলমগড়ীক যেনেদৰে সহায় কৰিছিলা মোকো তেনেদৰে কৰিব লাগিব মানে দৰকাৰ হ'লে মোৰ লগত শুবও লাগিব।"৩৩
কিন্তু শশীয়ে এই প্ৰস্তাৱত সন্মতি নিদিলে।নিজৰ ওপৰত থকা বিশ্বাসৰ বাবে এই কামুক পুৰুষবোৰৰ ওচৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব পাৰিছিল।আলমগড়ী মৃত্যুৰ পাছত খবৰে তাইৰ অন্তৰ আত্মাক গভীৰ আঘাত কৰিছিল।আলমগড়ীয়ে তেওঁৰ সাচঁতীয়া টকা কিছুমান শশীৰ নামত কৰি থৈ গৈছিল কিন্তু আলমগড়ী ভগ্নীয়ে আপত্তি কৰিছিল।শশীয়ে তেওঁৰ সেই টকালৈ কোনো লোভ নকৰি লবলৈ অস্বীকাৰ প্ৰকাশ কৰিছিল আৰু কৈছে-----
"শুনা আলমগড়ীৰ টকা মোক নালাগে।মই তেওঁক শেষবাৰৰ বাবে চাবলৈ আহিছিলোঁ মাথোঁ।"৩৪ ইয়াৰ মাজেৰে শশীৰ মহানতা তথা আলমগড়ীৰ প্ৰতি থকা তাইৰ কৃতজ্ঞতাবোধৰ চিত্ৰখন স্পষ্ট হৈ পৰিছে।
স্বামীৰ মৃত্যুৰ যন্ত্ৰণা, কঠোৰ বৈধব্যৰ ব্ৰত ,সমাজৰ গ্লানি,লাঞ্চিত হৈও নিজে সামাজিক অনুশাসনৰ বলি হোৱা সত্ত্বেও ব্ৰজৰ অৱহেলিত দুখী নাৰীক অসহায় অৱস্থাত সহায় কৰি শশীয়ে মহানুভৱতাৰ পৰিচয় দিছে।কোমল হৃদয়ৰ অধিকাৰী শশীয়ে উৎকট দুগন্ধৰ মাজত মৃত্যুৰ ক্ষণ গনা ৰুগীয়া ৰাধেশ্যামীৰ মুখত পানী এটুপি দিয়ে।
আলমগড়ী মৃত্যুৰ পাছত ৰাধেশ্যামী সকলে শশীক খুপৰিত থাকিবলৈ অনুমতি নিদিলে।কিয়নো তাইক বিচাৰি পুৰুষবোৰ আহিব ধৰিছিল।সেয়েহে শশী নিৰুপাই হৈ মৃণালিনীৰ ওচৰ চাপিছেগৈ।এই আন্ধাৰ খুপৰিটোৰ ভিতৰতে তাই নিজৰ অনাগত ভৱিষ্যতৰ ভয়ংকৰ ৰূপ কল্পনা কৰি শিহৰি উঠিছে।ইমানতেই এই উপন্যাসখনত চৰিত্ৰটোৰ যতি পৰিছে।ইয়াৰ পাছত শশীপ্ৰভাৰ কি হ'ল সেই কথা ঔপন্যাসিকাই উল্লেখ কৰা নাই।
ওপৰৰ আলোচনাৰ পৰা এই কথা ক'ব পাৰি যে শশীও সৌদামিনীৰ দৰে সামাজিক অনুশাসনৰ বলি হোৱা নাৰী।অনুশাসনৰ বাবে বিধৱা হোৱাৰ পাছত শশীও পুনৰ বিবাহ পাশত আৱদ্ধ হ'ব পৰা নাই।মন্দিৰৰ পূজাৰী আলমগড়ীৰ সতে যুগল উপাসনাৰ নামত একেখন চালিতে থকাৰ পাছত তেওঁৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছে। গোস্বামীয়ে আত্মজীৱনীত উল্লেখ কৰিছে তেওঁ বৃন্দাবনত থাকোঁতে এজন পূজাৰীৰ লগত একেটা কোঠাত এগৰাকী ৰাধেশ্যামী বাস কৰাৰ কথা।এই ৰাধেশ্যামী সকলক গোস্বামীয়ে চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা।এই ৰাধেশ্যামী গৰাকীৰ জীৱনৰ প্ৰতিটো দুখ-যন্ত্ৰণা শশীপ্ৰভা চৰিত্ৰটোৰ মাজেৰে ঔপন্যাসিকাই প্ৰকাশ
৩৩.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ ২০২
৩৪. উল্লিখিত গ্ৰন্থ, পৃ, ২১৮
কৰিছে।বৃন্দাবনত থকা সেই ৰাধেশ্যামী গৰাকীৰ ওপৰত কামাতুৰ পুৰুষ সকলৰ ব্যৱহাৰ আৰু সমাজৰ গ্লানি আদি দিশবোৰ শশীপ্ৰভাৰ মাজেৰে সুন্দৰ ৰূপত উপন্যাসখনত পোৱা যায়।
গ) মৃণালিনীঃ
নীলকণ্ঠী ব্ৰজ উপন্যাসখনত বৰ্ণিত মৃণালিনী হৈছে নাৰীৰ দুখত সমভাগী আন এক সহযাত্ৰী।লেখিকাই এই চৰিত্ৰটো তেওঁৰ বান্ধৱী মনুৰ আধাৰত সজাই-পৰাই তুলিছে।বৃন্দাবনত থকাৰ সময়ত তেওঁ মনু(মৃণালিনী)ক লগ পায়।এই সম্পৰ্কে তেওঁ আধালেখা দস্তাবেজত এনেদৰে উল্লেখ কৰিছে---------
"এইখিনিতে মই মোৰ বান্ধৱী মনুৰ এটা পৰিচয় দিয়া উচিত হ'ব।মনুৰ পিতাক সেন মহোদয় সম্ভ্ৰান্ত পৰিয়ালৰ বঙালী ভদ্ৰলোক আছিল।পৰিয়ালটোৱে শ্বিলঙত অনেক দিন বাস কৰিছিল।সেনবাবুৰ পিতাকে বৃন্দাবনত মন্দিৰ এটা কিনি এক 'ষ্ট্ৰাষ্টফাণ্ড' কৰি সেনবাবুক ট্ৰাষ্ট্ৰী কৰিছিল।মই বৃন্দাবনত থাকোঁতেই সেনবাবুৰ পৰিয়ালটোৱে একপ্ৰকাৰ সৰ্বস্বান্ত হোৱাৰ দৰে শ্বিলঙৰ পৰা আহি বৃন্দাবনত বাস কৰিবলৈ লৈছিল।পিছলৈ টকা-পইচাৰ ইমান বেছি হাহাকাৰ হৈছিল যে বৰ কম দামত তেওঁ মন্দিৰটো বেচি দি পৰিয়ালৰ সৈতে মন্দিৰৰ তলৰ খুপৰি এটাত বাস কৰিবলৈ আৰম্ভ কৰিছিল।মনুৰ মাকে মানসিক সুস্থিৰতা হেৰুৱাইছিল।এই পৰিয়ালটোৰ অৱস্থাই সেইসময়ত মোৰ হৃদয় স্পৰ্শ কৰিছিল।ঐতিহ্যপূৰ্ণ এক পৰিয়ালৰ শেষৰ এই দুৰ্বহ জীৱন-যাত্ৰাৰ ছবি মোৰ বাবে সচাঁকৈয়ে বৰ বিস্ময়কৰ আছিল।
ইতিমধ্যে সেনবাবুৰ দৃষ্টিশক্তি হেৰুৱাই একেবাৰে অন্ধ হৈ পৰিছিল।এই অন্ধ সেনবাবু আৰু তেওঁৰ মানসিক ব্যাধিগ্ৰস্ত পৰিবাৰে মন্দিৰৰ তলৰ এই অন্ধকূপত তিলতিলকৈ জীৱন অতিবাহিত কৰি মৃত্যু সাবটি লৈছিল।পিছলৈ তেওঁলোকৰ অন্ত্যোষ্টিক্ৰিয়া ইত্যাদি মনুৱে অকলেই কৰিছিল।মনুৰ ত্যাগ,ধৈৰ্য আৰু পিতৃ-মাতৃৰ প্ৰতি থকা অনন্য ভক্তিৰ ছবিয়ে সেইসময়ত মোক এক প্ৰকাৰ স্তব্ধ কৰি ৰাখিছিল। পিছলৈ মই বুজিছিলো যে সম্ভৱ তেওঁ বিয়া বাৰুও পিতৃ-মাতৃৰ পৰিৰ্চযাত ঘটিব বুলি কৰোৱা নাছিল।বয়সত তাই মোতকৈ ডাঙৰ আছিল যদিও বৃন্দাবনত তাই মোৰ লগৰীৰ দৰে হৈ পৰিছিল।"৩৫
উপন্যাসখনত মনুক লেখিকাই মৃণালিনী নামেৰে বিভূষিত কৰিছে।তাইৰ বৃদ্ধ পিতৃৰ নাম হৈছে কৃষ্ণকান্ত ঠাকুৰ আৰু মাকৰ নাম উল্লেখ কৰা নাই।দুকুৰি বছৰ গৰকা মৃণালিনীয়ে সংসাৰ জীৱনৰ পাতনি নেমেলি বৃদ্ধ পিতৃ-মাতৃক চোৱা চিতাৰ গভীৰ দ্বায়িত্ব পালন কৰিছে।প্ৰথমতে তেওঁলোকৰ অৱস্থা তেনে নাছিল।এখন আঢ্যৱন্ত ঘৰৰ ছোৱালী আছিল তাই।কিন্তু লম্পট স্বভাৱৰ পিতৃৰ বাবে আজি তেওঁলোকৰ হাতীৰ পেটত পানী নোহোৱা হোৱা অৱস্থা এটা হৈছে।ফলত বৃন্দাবনলৈ আহি এটি সৰু পজাঁত থাকিবলগীয়া হৈছে।মৃণালিনীয়ে অন্ধ পঙ্গু বাপেক আৰু উন্মাদ মাতৃৰ ভৰণ পোষণৰ দ্বায়িত্ব পালন কৰিছে।নিজৰ সৰ্বস্ব ইচ্ছা-আকাংক্ষাক ত্যাগ কৰি পিতৃ-মাতৃৰ শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ কৰিছে।কিন্তু গাধৰ দৰে দ্বায়িত্ব পালন কৰি তাইৰ ধৈৰ্য্যৰ বান্ধ কেতিয়াবা হেৰাই যায় আৰু দেউতাকক তেওঁ কৰা অন্যায়ৰ বিষয়ে
৩৫. মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ.১৭১
সজাগ কৰি তেওঁৰ লগত তৰ্কত লিপ্ত হৈ মনৰ ক্ষোভবোৰ বাহিৰ কৰে।সকলো নাৰীৰে মনত এখন সুখৰ সংসাৰৰ ছবি থাকে কিন্তু মৃণালিনীয়ে সেই ছবি আঁকিব নোৱাৰিলে কেৱল তাইৰ পিতৃৰ মইমতালি আৰু লম্পট স্বাভৱৰ বাবে।এই লৈ তাইৰ মনত অহৰহ এটি ক্ষোভৰ ভাবনা উপঙি থাকে।লেখিকাই তাইৰ ক্ষোভক ব্যক্ত কৰিছে এনেদৰে-------------
" কথাখিনি শেষ কৰি মৃণালিনীয়ে এটা অদ্ভুত কাম কৰিলে।পিন্ধি থকা ব্লাউজটোৰ এবখলা তাইৰ হাতেৰে আজুৰি ফালি পেলালে--'ৰাধেশ্যামী'হঁতৰ আগত নিজৰ স্তনদ্বয়ক উন্মুক্ত কৰি চিঞৰি উঠিলঃ তহঁতে ক' মই জানো মাক হ'ব নোৱাৰিলোঁহেতেন? মই জানোঁ এটি 'ভগৱান'জন্ম দিব নোৱাৰিলোঁহেতেন?কি কাৰণে মই দুটা প্ৰেতাত্মাৰ প্ৰহৰী হৈ থাকিবলগীয়া হ'ল?গোটেই জীৱন দুটা প্ৰেতাত্মাৰ প্ৰহৰী?হৈছেনে তহঁতৰ এনে অৱস্থা?তহঁত খুপৰীবাসী,দৰিদ্ৰ'ৰাধেশ্যামী' হৈছেনে তহঁতৰ এনে অৱস্থা ?"৩৬
এই কথাখিনিৰ মাজেৰেই তাইৰ অন্তৰত পুঞ্জীভুত হৈ থকা ক্ষোভৰ উমান পাওঁ।সিহঁতৰ ব্ৰজধামত থকা 'বিহৰী কুঞ্জ' মন্দিৰটি বিক্ৰী হৈ যোৱাৰ পাছত তাই পিতৃ-মাতৃৰ পেট প্ৰবৰ্তাবলৈ মন্দিৰৰ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিব লগা হৈছে। মৃণালিনীৰ অন্তৰত লম্পট স্বভাৱৰ পিতৃৰ বাবে ক্ষোভ আছিল ঠিকেই কিন্তু তাই নিজৰ পুত্ৰীৰ দ্বায়িত্ব পালন কৰিবলৈ বদ্ধপৰিপক্ক আছিল।সেয়েহে সকলো লাজ মান কাটি কৰি ইচ্ছা-আকাংক্ষাক পৰিহাৰ কৰি নিজৰ দ্বায়িত্ব পালন কৰিছে।এয়া তাইৰ ধৈৰ্য, সহনশীলতা ,তথা মহানতাৰ এক চৰম নিদৰ্শন স্বৰূপ।আনহাতে যাইৰ চৰিত্ৰৰ আন এক দিশ হৈছে তাইৰ সততা আৰু সাহস।বৃন্দাবনত থকাৰ সময়ত তাইৰ শশী নামৰ বিধৱা নাৰীগৰাকীৰ লগৰী আছিল।শশীয়ে ভোকাতুৰ কুকুৰবোৰৰ পৰা নিজৰ শৰীৰটো ৰক্ষা কৰিবলৈ আলমগড়ী নামৰ বুঢ়া এটাৰ লগত সুৰক্ষিত দিন কটাইছিল।কিন্তু আলমগড়ী মৃত্যুৰ পাছত তাই অসহায় হৈ মৃণালিনীৰ কাষ চাপে।মৃণালিনীয়ে তাইৰ নিজৰ ঠেৰু চিগা অৱস্থাৰ পিছতো শশীক সাহস দিবলৈ এৰা নাই।দেহৰ গোন্ধ লৈ ফুৰা ভণ্ড বাবাজীবোৰৰ পৰা সাৱধানে থাকিবলৈ তাই শশীক সৰ্তকবাণী শুনাইছে।লেখিকাৰ ভাষাৰে----------
"এতিয়া তোমাৰ মূৰৰ ওপৰত কোনো নাই বুলি সিহঁতে বঢ়িয়াকৈ জানিছে।আৰু শুনা,সেই ঠেৰুছিগা বখবাজীজাকে সুবিধা বুজি তোমাক 'যুগল উপাসনা' ৰ প্ৰস্তাৱ কৰিবহি----খবৰদ্দাৰ। তুমি দ্বিতীয় ভুল নকৰিবা।খাবলৈ নেপাই আলিৰ বুকুত মুখ থেকেচা খাই পৰি মৰিলেও সৎ হৈ মৰাৰ নিচা আছে।"৩৭
এই সততাৰ আৰু সাহসৰ বাবেই তাই বৃন্দাবনত একো বিপদ নোহোৱাকৈ ঘূৰি ফুৰিব পাৰিছিল।নিজৰ দেহটো কামাতুৰ পুৰুষবোৰৰ ওচৰৰ পৰা ৰক্ষা কৰি তাই বৃন্দাবনত চলিব পাৰিছিল কেৱল তাইৰ সততা আৰু সখহসৰ বাবেই।মৃণালিনী চৰিত্ৰটো বিশ্লেষণ কৰিলে দেখা যায় যে তাই সাহসী,সত্যবাদী,কৰ্তব্যপৰায়ণ,মৰমীয়াল,বিদ্ৰোহী আৰু যুক্তিবাদী নাৰী।একমাত্র পিতৃ-মাতৃৰ বাবেই নিজৰ সকলো আশা-আকাংক্ষা ত্যাগ কৰি ব্ৰজধামত
৩৬. উল্লিখিত গ্ৰন্থ, পৃ,২২২
৩৭.উল্লিখিত গ্ৰন্থ, পৃ,২২৫
ভিক্ষাৰীৰ জীৱন অতিবাহিত কৰিছেহি।উপন্যাসখনত আমি মৃণালিনীৰ চৰিত্ৰটোৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটাৰ জৰিয়তে জানিব পাৰিছোঁ।
ঘ) অনুপমা দেৱীঃ
অনুপমা দেৱী "নীলকণ্ঠী ব্ৰজ" উপন্যাসখনৰ বৰ্ণিত অসহায় মাতৃ চৰিত্ৰ।এই চৰিত্ৰটো লেখিকাই তেওঁ গৱেষণা কৰি থকাৰ সময়ত তেওঁৰ গুৰু উপেন্দ্ৰ চন্দ্ৰ লেখাৰু ছাৰৰ পত্নী যাক তেওঁ মাহীদেউ বুলি সম্বোধন কৰিছিল তাৰ আধাৰত চৰিত্ৰটো নিৰ্মিত।কিয়নো বৃন্দাবনত থকাৰ সময়ত গুৰুপত্নীয়ে লেখিকাক বিভিন্ন বাবাৰ ওচৰলৈ নি তেওঁৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিছিল।সৌদামিনীয়ে যেনেদৰে অনুপমা দেৱীৰ সৈতে বৃন্দাবনৰ উৎসৱ পাৰ্বন আদিত ঘূৰি ফুৰিছিল ঠিক তেনেকৈ লেখিকাও তেওঁৰ গুৰুৰ পত্নীৰ লগত বৃন্দাবনৰ মধুৰ বাৰ্তাবৰণ উপভোগ কৰিছিল।পিছলৈ অনুপমা দেৱীৰ স্বাস্থ্য সৌদামিনীৰ চিন্তাত তৰপে তৰপে ভাগি পৰিছিল।
অত্যন্ত গোড়া স্বভাৱৰ নাৰী আছিল অনুপমা দেৱী।সেয়েহে বিধৱা হোৱা জীয়েকে ভাল পোৱা খ্ৰীষ্টান যুৱকজনৰ পৰা আতঁৰাই আনি বৃন্দাবন পোৱাইছেহি।জীয়েকে ধৰ্ম-কৰ্মৰ জৰিয়তে বাকীছোৱা জীৱন পালন কৰিব লাগে বুলি তেওঁৰ অমূলক ধাৰণা এটা গঢ় লৈ উঠিছিল।দিনে-নিশাই সৌদামিনীৰ ভৱিষ্যতৰ কথাই তেওঁক কুৰুকি কুৰুকি খাইছিল।তেওঁ বৃন্দাবনত থকাকালত মণে প্ৰাণে বিচাৰিছিল যে সৌদামিনীয়ে সেই খ্ৰীষ্টান ল'ৰা জনক পাহৰি কেৱল ধৰ্ম কৰ্মত মন নিমজ্জিত কৰে।এফালে তেওঁৰ মাতৃ হৃদয়ে সৌদামিনীৰ দুখত কাতৰ হৈ পৰিছিল আৰু আনফালে তেওঁৰ গোড়া মনোবৃত্তিয়ে বাৰে বাৰে বিচাৰিছিল যে সৌদামিনী ধৰ্মৰ শিকলিৰে বান্ধখাই পৰক আৰু সেই খ্ৰীষ্টান যুৱকৰ পৰা আঁতৰি থাকক।তেওঁৰ চৰিত্ৰৰ আন এক উল্লেখযোগ্য দিশ আছিল তেওঁ ধৰ্মভীৰু।সেয়েহে তেওঁ সৌদামিনীক বৃন্দাবনত থকা বিভিন্ন বাবাৰ ওচৰলৈ নি তেওঁ তাইৰ ভৱিষ্যত সম্পৰ্কে তেওঁলোকৰ লগত আলোচনা কৰিছিল।তেওঁ সৌদামিনীৰ মনৰ আশা-আকাংক্ষা কথা কোনো দিনে ভবা নাছিল।ভাবিছিল কেনেদৰে তাই নিজৰ ধৰ্ম ৰক্ষা কৰি পিছৰ জীৱনটো বৃন্দাবনত ধৰ্ম কৰ্মৰ মাজেৰে পাৰ কৰিব পাৰে।
চৰিত্ৰটোৰ মাজত মাতৃ হৃদয়ৰ মৰম-চেনেহ স্পষ্ট।গোস্বামীয়ে বৃন্দাবনত ৰামায়ণী সাহিত্যৰ বিষয়ে গৱেষণা কৰিবলৈ যাওঁতে লেখাৰু ছাৰৰ ঘৰত আছিল।তেওঁ গোস্বামীক নিজৰ জীয়েকৰ দৰে মৰম-চেনেহ কৰিছিল।গোস্বামী স্বামীহাৰা হোৱা কথা তেওঁলোকে জানিছিল।আৰু সেয়েহে অতীতৰ সমস্ত ঘটনা পাহৰি গৱেষণা কামত মনোযোগ দিবলৈ কৈছিল।এই বিষয়ে ঔপন্যাসিকাই আত্মজীৱনীখনত কৈছে------
"নীলকণ্ঠী ব্ৰজ নামৰ উপন্যাসখন লেখাৰ সময়ত বৃন্দাবনত আছিলোঁ।বৃন্দাবনলৈ গৈছিলোঁ স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ অধীনত 'তুলসী দাস আৰু মাধৱ কন্দলিৰ ৰামায়ণ' চৰ্চাৰ ওপৰত গৱেষণা কৰিবলৈ।স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ লেখাৰু আৰু তেওঁৰ পত্নী প্ৰেমদা লেখাৰুয়ে মোক বৰকৈ মৰম কৰিছিল।ইতিমধ্যে মোৰ স্বামী মাধৱেনৰ মৃত্যু হোৱা ডেৰ-দুবছৰ মান হৈছিল।অতীতৰ ঘটনা ,সমস্ত শোক পাহৰি যাবলৈ কৈছিল।চেষ্টা কৰিছিলোঁ।মই যেন সকলো পাহৰি ৰামশাস্ত্ৰ অধ্যয়নতেই মনোনিৱেশ কৰা।কিন্তু পাহৰিব পাৰি জানোঁ সেইবোৰ কথা ?"৩৮
৪.২.২ পুৰুষ চৰিত্ৰঃ
ক) আলমগড়ীঃ
নীলকণ্ঠী ব্ৰজ উপন্যাসখনৰ এক পুৰুষ চৰিত্ৰ হ'ল আলমগড়ী।বিহাৰীমোহন কুঞ্জ মন্দিৰৰ পূজাৰী আছিল এইজন আলমগড়ী।গোস্বামীয়ে এই চৰিত্ৰটোৰ মাজেৰে ভণ্ড পূজাৰীৰ চিত্ৰ সুন্দৰভাৱে দাঙি ধৰিছে।গোস্বামীয়ে বৃন্দাবনত থকা সময়ত অধ্যাপক লেখাৰু ছাৰৰ পত্নীৰ সৈতে ভালেবোৰ মন্দিৰলৈ গৈছিল। সেই মন্দিৰবোৰৰ পূজাৰীৰ এক নিৰ্লজ্জ স্বৰূপ তেওঁ দেখা পাইছিল।বিহাৰীমোহন কুঞ্জ মন্দিৰ চলোৱাত পূৰ্ণ স্বাধীনতা পোৱা আলমগড়ী চুৰি কাৰ্যতো লিপ্ত হোৱা দেখিবলৈ পোৱা যায়।তেওঁ সেই মন্দিৰৰ মূৰ্ত্তি আৰু সোণৰ অলংকাৰবোৰতো হাত দিয়া দেখা গৈছিল।
শশী এগৰাকী বিধৱা নাৰী আছিল।শশীয়ে আলমগড়ীৰ আশ্ৰয়তে মন্দিৰৰ প্ৰাঙ্গনত থকা দেখিবলৈ পোৱা যায়।কেৱল শশীয়েই আলমগড়ী লগত থকা নাছিল, ইয়াৰ আগতে বহুত বিধৱা আলমগড়ী লগত থাকি গৈছে।আলমগড়ীয়ে ঔদ্ধদৈহিকৰ বাবে সাঁচি থোৱা ধন জমা লৈ মৃত্যুৰ পাছত তেওঁলোকক মৃত্যুৰ সময়ত কৰিবলগীয়া সকলো কাম-কাজ কৰিব বুলি বিধৱা মহিলা সকলক আশ্ৰয় দিছিল।গোস্বামীয়ে নিজৰ ভৱিষ্যতক লৈ নিৰাশাত ভুগিছিল।আৰু সেয়েহে বহু সন্যাসীৰ ওচৰ চাপিছিল।গোস্বামীয়ে এবাৰ এনেদৰে ঘূৰি ফুৰোঁতে শাহজী মন্দিৰৰ ওচৰৰ এটা খুপৰিত বাস কৰা এজন সাধুৰ ওচৰলৈ আহিছিল।এই সাধু সন্যাসীৰ যি চৰিত্ৰৰ স্বৰূপ আলমগড়ীৰ সৈতে সাদৃশ্য আছে।আলমগড়ীয়ে বিধৱা নাৰীক কেনেকৈ ভোগৰ সামগ্ৰী হিচাপে গ্ৰহণ কৰিছে ঠিক তেনেদৰে হিমালয়ৰ পৰা অহা সেই সাধু জনেও গোস্বামীৰ ভৱিষ্যতকলৈ শৰীৰত কোনো কাপোৰ নোহোৱাকৈ ধ্যানত বহিবলৈ কোৱা আদি কাৰ্যৰ মাজেৰে আলমগড়ীৰ দৰে বৃন্দাবনত থকা মন্দিৰৰ পূজাৰীৰ নিৰ্লজ্জ স্বৰূপটো প্ৰকাশ ঘটিছে।
৪.৩ পটভূমি
উপন্যাসখনৰ পটভূমি হিন্দু ধৰ্মৰ পবিত্র স্থান বৃন্দাবন।১৯৭৬ চনত বিধৱাৰ জীৱনৰ আধাৰত গোস্বামীয়ে এই উপন্যাসখন ৰচনা কৰিছিল।স্বামীৰ মৃত্যুৱে তেওঁৰ সুখৰ সপোন ভাঙি চুৰমাৰ কৰি দিছিল যদিও তেওঁৰ শুভাকাংক্ষী সকলৰ অনুপ্ৰেৰণাত মনক দৃঢ় কৰি গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল।আৰু নৈৰাশ্যৰ পৰা বহু পৰিমাণে মুক্তি লাভ কৰিছিল।মামণি ৰয়ছম গোস্বামীয়ে দেউতাকৰ বন্ধু প্ৰফেছৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তত্ত্বাৱধানত বৃন্দাবনৰ 'ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ফিলছ'ফী' ত ৰামায়ণৰ ওপৰত
৩৮.উল্লিখিত গ্ৰন্থ, পৃ,১৭২
গৱেষণা কৰিবলৈ সুবিধা পাইছিল।বৃন্দাবনত তেওঁ ৰামায়ণী সাহিত্যৰ গৱেষণা কৰিছিল আৰু আনফালে ৰাধেশ্যামী সকলৰ দুখেৰে ভৰা জীৱন নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল।এক কথাত ক'বলৈ গ'লে উপন্যাসখনত আৰ্থিকভাৱে বঞ্চিত, নিষ্ঠুৰতাৰ স্বৈৰাচাৰী শাসন,মহিলাৰ কামনা-বাসনা দমাই ৰখা,সিহঁতৰ তেজ মঙহৰ শৰীৰটোক নেদেখাজনৰ ওচৰত অৰ্পন কৰা,নিজৰ শেষকৃত্যৰ বাবে টকা সঞ্চয় কৰা ৰাধেশ্যামীসকলৰ জীৱনৰ দুখৰ কাহিনীবোৰৰ বাস্তৱ প্ৰতিফলন ঘটিছে উপন্যাসখনত।এই সম্পৰ্কে লেখিকাই মন্তব্য কৰিছে-------
"'নীলকণ্ঠী ব্ৰজ' নামৰ উপন্যাসখন লেখিৰ সময়ত বৃন্দাবনত আছিলোঁ।........সেই সময়ত মই নিজে ভোগ কৰা যন্ত্ৰণাৰ ছবি মোৰ নায়িকা সৌদামিনীৰ চৰিত্ৰৰ মাজত সম্পূৰ্ণৰূপে ঢালি দিবলৈ চেষ্টা কৰিছিলোঁ।.......নায়িকাৰ মানসিক অৱস্থা আৰু সেই সময়ত মই নিজ চকুৰে দেখা মন্দিৰ কিছুমানৰ অৱস্থা কথা বৰ্ণনা কৰিছিলোঁ। যি মুৰুলীধৰে জীৱনকালত গ্লানি আৰু অপমানৰ বাহিৰে একো নিদিলে সেই মুৰলীধৰৰ আশ্ৰয়ৰ বাবে এনেধৰণৰ আক্ৰোহী হৈ উঠা বিধৱাসকলক দেখি মই বিষ্ময়ত অভিভূত হৈছিলোঁ।বৈধৱ্যই আজুৰি নিয়া মূৰৰ চুলি ,দেহত শতচ্ছিন্ন পোছাকেৰে সৈতে অস্থি চৰ্মসাৰ এই দেহবোৰৰ সৈতে মোৰ গভীৰ পৰিচয় ঘটিছিল।সিহঁতে বাস কৰা খুপৰীবোৰলৈও মই গৈছিলোঁ।----ঔদ্ধদৈহিকৰ বাবে তেওঁলোকে টকা গোটাইছিল।পাণ্ডা আৰু দালালে কেনেদৰে এই টকা কেতিয়াবা লুটি নিছিল সেই কথাও মোৰ চকুত পৰিছিল।" ৩৯
৩৯.মামণি ৰয়ছম গোস্বামী, ইশ্বৰী, যখমী, যাত্ৰী আৰু অন্যান্য, পৃ.২১২-২১৩
৫.০পঞ্চম অধ্যায়

৫.২ চৰিত্ৰ
৫.২.১ নাৰী চৰিত্ৰ
৫.৩ পটভূমি

উপন্যাসখনৰ কাহিনী সম্পৰ্কে গোস্বামীয়ে মত প্ৰকাশ কৰিছে উপন্যাসখনৰ আৰম্ভণিতে এনেদৰে------
"ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱাডাক্ট বন্ধাৰ সময়ত কিছুদিন ৱাক ছাইটত থকাৰ সুযোগ পাইছিলোঁ।শ্ৰমিকক সকলক ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সৌভাগ্য ঘটিছিল।এই ধৰ্মঘটটিক কেন্দ্ৰ কৰিয়েই এই উপন্যাসখন ৰচনা কৰি হৈছে।দুই-এটি চৰিত্ৰহে মাথো কিছু ৰহন সনা হৈছে।শ্ৰমিক নেতাসকলৰ মাজত একতা ,দূৰদৃষ্টি আৰু ত্যাগৰ অভাৱে ধৰ্মঘটটোক কেনেধৰণৰ ৰূপ দিলে তাক বহলাই আলোচনা কৰা হৈছে।নেতাসকলৰ দূৰ্ৱলতাৰ সুযোগ পুৰা উদ্যমেৰে গ্ৰহণ কৰা লোকেল লীডাৰৰ হাতত ছাৰখাৰ হোৱা এই ধৰ্মঘট ,ইয়াত বলি হোৱা শ্ৰমিকসকলৰ কাহিনী এই উপন্যাসত ৰূপায়িত কৰা হৈছে।"৪০
উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱাডাক্টৰ বন্ধা কামেই উপন্যাসখনৰ মূল উৎস যদিও শ্ৰমিকসকলৰ ধৰ্মঘট সম্পৰ্কীয় বৰ্ণনাইহে কাহিনীত মুখ্য স্থান লাভকৰিছে।যশোৱন্ত,নাৰায়নী,বসুমতীবুঢ়ী,ঠাকুৰচাহাব,লিচুলেঙেৰা,ৰামু,বাবু,বলবীৰ স্বামী,পাছোৱান,শাস্ত্ৰী আদি বিভিন্ন চৰিত্ৰৰ সমাৱেশেৰে উপন্যাসৰ কাহিনী সমৃদ্ধ কৰি তুলিছে।শ্ৰমিকসকলৰ চাটাইৰ কাম আৰম্ভ কৰাত জমাদাৰ পৰা আৰম্ভ কৰি সাধাৰণ শ্ৰমিকৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।হেড-অফিচৰ পৰা দাবী আহিছে 'ডেইলী পেইড' শ্ৰমিকৰ কেজুৱেলবোৰক প্ৰথমে আতঁৰাব লাগে তাৰপাছত আহিব 'ৰেগুলাৰ' আৰু শেষত 'মন্থলি'।ফলত শ্ৰমিক ইউনিয়নৰ লীডাৰ সকলে ধৰ্মঘট কৰাৰ কথা চিন্তা কৰিছে।এই ধৰ্মঘটৰ উদ্দেশ্যে আছিল বখাৰ্স্ত কৰা ডেইলী পেইড শ্ৰমিকসকলক কোম্পানীৰ আন আন ব্ৰাঞ্চত নিয়োগ কৰিবলৈ দাবী জনোৱা।এই সম্পৰ্কে ঔপন্যাসিকাই কৈছে----------
"১৯৭৬ চনত মামৰে ধৰা তৰোৱাল" নামৰ উপন্যাসখন লেখিবলৈ ৰায়বৰেলী 'সাই একোৱাডাক্টৰ' ৱাকচাইটত কেইবামাহো আছিলোঁ।মই থকা সযময়তে একোৱাডাক্টৰ শ্ৰমিকৰ ৰিট্ৰেন্সমেণ্টৰ অৰ্থাৎ শ্ৰমিকৰ বৰ্খাস্তৰ কাম আৰম্ভ হৈছিল।বখাৰ্স্ত কৰা শ্ৰমিক সকলৰ তালিকা চাটাইৰ অফিচতে আঁৰি দিয়া হৈছিল।ডেইলী পেইড বা ক্যাজুৱেল শ্ৰমিকক প্ৰথমেই বখাৰ্স্ত কৰা হৈছিল।টাইম কিপাৰৰ অফিচৰ ব হিৰত এখন এখনকৈ বখাৰ্স্ত হোৱা শ্ৰমিকৰ তালিকা আৰি দিয়া হৈছিল।জামাদাৰৰ পৰা আৰম্ভ কৰি ফিটাৰছ,হেলপাৰছ,চকীদাৰ,লাঙ্গৰৰ ৰান্ধনী,গেষ্ট হাউচৰ লগুৱা আৰু আন আন শ্ৰমিকৰ মাজত হাহাকাৰ লাগিছিল।............এই কৰাল ৰূপৰ কথাকে মোৰ উপন্যাসৰ'' মামৰে ধৰা তৰোৱাল' ত দেখুৱাইছিলো।" ৪১
৪০.মামণি ৰয়ছম গোস্বামী, মামৰে ধৰা তৰোৱাল, আগকথা
৪১. মামণি ৰয়ছম গোস্বামী, ইশ্বৰী, যখমী যাত্ৰী আৰু অন্যান্য, পৃ.১৭১
১৯৮২ চনত সাহিত্য অকাডেমীৰ বঁটা বুটলিবলৈ সক্ষম হোৱা গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল’ত সমাজৰ অৱনত-অৱহেলিত-নিৰ্যাতিত হৰিজন সম্প্ৰদায়ৰ শ্ৰমিকসকলৰ জীৱন সংগ্ৰামৰ মৰ্মন্তুদ চিত্ৰ এখন প্ৰতিফলিত হৈছে৷ শ্ৰমিক সংগঠনত আগতে হৰিজন সম্প্ৰদায়ৰ প্ৰতিনিধি নাছিল,হৰিজনহঁত অস্পৃশ্য সেয়েহে সকলোৱে ঘৃণাৰ চকুৰে চাইছিল।কিন্তু নিজৰ যোগ্যতাৰে হৰিজন শ্ৰমিক যশোৱন্ত ইউনিয়নৰ মেম্বাৰ হিচাবে নিয়োগ হয়।প্ৰথমবাৰৰ বাবে যশোৱন্ত নামৰ শ্ৰমিক জনক সংগঠনত সদস্যৰূপে নিয়োগ কৰা হ’ল৷ সংগঠনটোৰ প্ৰতিনিধিৰূপে যশোৱন্তই ক্ষুধাৰ জ্বালাত শ্ৰমিকসকলে অখাদ্য ভক্ষণ কৰা, নাৰী শ্ৰমিকে দেহ ব্যৱসায়ত জড়িত হোৱা আদি দৃশ্য অসহায়ভাৱে প্ৰত্যক্ষ কৰিছে৷ কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষই শ্ৰমিকসকলৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত ক্ষুধাৰ্ত ধৰ্মঘটকাৰীসকল হিংস্ৰুক হৈ উঠিছে আৰু তেওঁলোকৰ ভয়ত স্থানীয় নেতাসকল পলায়ন কৰিছে৷প্ৰচণ্ড গতিৰে হোৱা ধৰ্মঘটৰ বাবে কোম্পানীৰ কাম বন্ধ হৈ গ'ল।ইউনিয়নৰ লীডাৰবোৰৰ মাজত দুই তিনিজনমানৰ মাজত গোপন মিটিং ঢ়হ'ল।কিন্তু এই গোপন মিটিংত যশোৱন্ত সিং উপস্থিত নাছিল।মিটিং আৰম্ভ হোৱাৰ আগেয়ে লীডাৰবোৰৰ মাজত মদৰ আড্ডা চলে।ইফালে দিন হাজিৰা কৰি জীয়াই থকা লিচু লেঙেৰা ,বেমাৰী শিবু ধাছলা আৰু দুমহীয়া কেচুঁৱাৰে সৈতে তাৰ ঘৈণীয়েক নাৰায়ণী,পাঁচজনী ব্লাউজ পিন্ধাগাভৰু ছোৱালী থকা ছুইপাৰ ভৃগু আৰু মাক বসুমতী বুঢ়ী--সকলোৰে হাহাকাৰ অৱস্থা।ইউনিয়নৰ লীডাৰসকলৰ ওপৰত ভৰসা কৰি সিহঁতেও ধৰ্মঘটত যোগ দিছে।সিহঁতৰ এটাই আশা ----
"এইবাৰ আমি ডলাৰ বগৰী হৈ চাৰিওফালে আৰু ঘুমূটিয়াই ফুৰিব নালাগে।এই ব্ৰান্সৰ পৰা আমি কোম্পানীৰ গাড়ীত উঠি আন এটা ব্ৰান্সলৈ যাম, আমাৰ চাটাই নহয়। আমি পাৰমেণ্টেত হম।"৪২
নাৰায়নী নামৰ হৰিজন নাৰীগৰাকী এদিন নিজৰ ভূলৰ বাবেই এজন ডেকা ইঞ্জিনীয়াৰৰ দ্বাৰা ধৰ্ষিতা হ'ব লগা হৈছিল।পাছত বেমাৰী শিবু ধাছলাৰ সৈতে বায়া হয়।এদিন নাৰায়ণীয়ে স্বামী শিবুক নদীত গা ধুৱাই থাকোঁতে প্ৰচণ্ড ঠাণ্ডা পানী সহ্য কৰিব নোৱাৰি অচেতন হৈ পৰাত যশোৱন্তই তাইক সহায় কৰিবলৈ আহে আৰু তেতিয়াই যশোৱন্তৰ লগত তাইৰ চিনাকি হয়।উপন্যাসখনত নাৰায়ণীক বিদ্ৰোহী নাৰীৰূপত দেখা গৈছে।দৰিদ্ৰতা আৰু সহায় অৱস্থাই নাৰায়ণীৰ মন বিদ্ৰোহী কৰি তুলিছে।অভাৱত ভোগা নাৰায়ণীয়ে দুমহীয়া কেচুঁৱাৰ আহাৰ যোগান আৰু বেমাৰী স্বামীৰ শুশ্ৰূষাৰ বাবে হস্পিতালৰ তেজ-পুঁজ লগা বেণ্ডেজ পুতি দুপইচা আৰ্জন কৰিছে।তাৰোপৰি তাই কোম্পানীৰ মেনেজাৰ ঠাকুৰ চাহাবৰ ঘৰত অন্যান্য কাম কৰি দিয়াৰ লগতে চাহাবৰ ওচৰত নিজৰ দেহ সমৰ্পন কৰিবলগীয়া হৈছে।নাৰায়ণীয়ে বাধ্যত পৰি সেই পথ বাছি লৈছে যদিও এদিন সেই ঠাকুৰ চাহাবক নিৰ্মমভাৱে হত্যা কৰিছে।
আনহাতে কোম্পানীৰ মেনেজমেণ্টৰ পৰা কাগজ আহিল-----------
"লীডাৰহঁত তোমালোকে শ্ৰমিকসকলক ভ্ৰান্তিমূলক পথেৰে নিয়াৰ যো-জা কৰিছা।তোমালোকৰ যুক্তিহীন দাবী পূৰণ কৰিবলৈ কোম্পানীক ভাবুকি দিয়া কাম সমাপ্ত
৪২.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ,পৃ.৩৪১
হোৱাৰ পাছত ক্ৰমান্বয়ে ডেইলী পেইড ৱাৰ্কাৰক চাটাই কৰা হ'ব।এই কথা কোম্পানীৰ বাবে আইন সন্মত কথা "ছুপ্ৰীম কোৰ্টেও"এই কথা মানি ল'ব।"৪৩
ইফালে শ্ৰমিক ইউনিয়নৰ মাজত দুটা দ'লৰ সৃষ্টি হ'ল।এটা দ'লে কেৱল মদখাই আলোচনা বহিল।কিন্তু কোনোধৰণৰ সমাধান নহ'ল।গাওঁবুঢ়াই কোৱা কথাৰে ---------
"তহঁতে ধৰ্মঘট কৰিছ।ল'ৰা-তিৰোতা ভোকত আছে।আমাৰ কৃষকসকলৰ খোৱা পাততো চকু দাছ।আৰু নিজে মদ খাইছ।এই মন লৈ তহঁতে কিবা মহৎ কাম কৰিব পাৰিবিনে ? তহঁতৰ এটাৰো মনত ত্যাগৰ বীজমন্ত্ৰ শাই।কেনেকৈ কৰিবি মহৎ কাম তহঁতে।"
লোকেল লীডাৰ শাস্ত্ৰী মহাশয়ে কোম্পানীৰ 'ফেডাৰেচন'ৰ পৰা সহায় নাহিলেও লীগেল ফাইটৰ দ্বাৰা এই ধৰ্মঘট কৃতকাৰ্য কৰিব পাৰিম বুলি সকলোকে উচতনি দিছিল।কিন্তু কোম্পানীয়ে এই আন্দোলন মষিমূৰ কৰিবলৈ শাস্ত্ৰী মহাশয়ক হাত কৰি লোৱাৰ কথা উপন্যাসখনত প্ৰকাশ পাইছে কোম্পানীৰ মেনেজাৰ আৰু এজন ভদ্ৰলোকৰ কথোপকথনৰ মাজেৰে---------
"শুকান ! নাড়ী-নক্ষত্ৰৰ উমান আমি পাওঁ।তদুপৰি এইটো বাঘ তেনেই লুভীয়া।চিকাৰৰ কানি-কাপোৰ পৰ্যন্ত চেলেকি খোৱা লুভীয়া বাঘ।
---------তেতিয়াহ'লে লোকেল লীডাৰ শাস্ত্ৰী আপোনাৰ পুৰণি চিনাকি ?
--------- চাহাব ! লেবাৰ ইন্সপেক্টৰ এছিছটেণ্ট চাৰৰ প্ৰত্যেকটি লীডাৰ আৰু গুণ্ডাৰ পিতা-পিতামহৰ নাম গোত্ৰ পৰ্যন্ত ক'ব পাৰে।............
কিমানত মান্তি হ'ল সি !
মই আপোনাক কৈছোঁ নহয়।বৰ ঘটিয়া কিচিমৰ মানুহ।........একেবাৰে বেশ্যাৰ দালালৰ দৰে দামদৰ।সি ট্ৰেড ইউনিয়নৰ পকা মানুহ। চাৰি হাজাৰ মানুহৰ এই ধৰ্মঘটত কোম্পানীৰ দৈনিক কিমান লোকচান হৈছে--এই হিচাপ তাৰ আঙুলিৰ মূৰত।এই ধৰ্মঘট আৰু বহুত দিনলৈ সি যে বাহাল ৰাখিব পাৰিব এই বিষয়ে তাৰ কোনো সন্দেহ ৱাই।গতিকে মই একেবাৰে তলৰ পৰা ওপৰলৈ গুটি খেলিবলগীয়া হ'ল।
----------- তেতিয়াহ'লে আমাৰ প্ৰস্তাৱত সি মান্তি হ'ল।"৪৪
অৱশেষত লোকেল লীডাৰ শাস্ত্ৰী মহাশয়ৰ পলায়ন আৰু ইউনিয়নৰ মেম্বাৰসকলে কোম্পানীৰ নিৰ্দেশত চুক্তিত চহী কৰি ‘ফাইনেল’ (বৰ্খাস্ত) লৈ অন্য শাখালৈ বদলি হৈ গৈছে৷ হৰিজন সম্প্ৰদায়ৰ প্ৰতিনিধি যশোৱন্তকো ‘ফাইনেল’ দিয়া হৈছে৷ যশোৱন্তই প্ৰথমাৱস্থাত এই
৪৩.উল্লিখিত গ্ৰন্থ,পৃ,৩৫৭
৪৪. উল্লিখিত গ্ৰন্থ,পৃ,৩৭৯-৩৮০
সুবিধা গ্ৰহণ কৰিলেও পাছত বিবেক দংশিত হৈ মাজবাটৰপৰা উভতি আহিছে৷ সাধাৰণ শ্ৰমিকক তেওঁ প্ৰতাৰণা কৰাৰ কথা ভাবিব নোৱাৰিলে৷ চাটাই হোৱা ক্ষুধাৰ্ত শ্ৰমিকসকলে তেওঁক সাই নদীৰ বালিত পুতি থোৱাৰ ভয় দেখুৱালেও তেওঁ সাইৰ বালিত অকলে অকলে নিৰ্ভয়ে ঘূৰি ফুৰিলে৷ তেওঁৰ সকলোৰে প্ৰতি বিশ্বাস হেৰাই গ’ল৷ তেওঁ দেখিলে, দুবছৰ পাছত স্থানীয় নেতা শাস্ত্ৰীয়েও ভাল স্থানত ঘৰ সাজি বিলাসী জীৱন কটাইছে৷অসফল ধৰ্মঘটৰ পৰিণতিয়ে শ্ৰমিকসকলক কোঙা কৰি পেলালে।শ্ৰমিকসকলৰ বিশেষকৈ হৰিজন সম্প্ৰদায়ৰ দুৰৱস্থা দেখি যশোৱন্ত বিদ্ৰোহী হৈ পৰিছে আৰু দুদিনমানৰ পাছত তেওঁ দোভাগ নিশা ৰায়বেৰেলীৰ চহৰৰ ফিৰোজশ্বাহ কলনিত থকা বিশ্বাসঘাতক শাস্ত্ৰীৰ ঘৰত এখন চিকমিকাই থকা চোকা তৰোৱাল লৈ উপস্থিত হ’ল৷ আৰু লগে লগে উপন্যাসখনৰ কাহিনীভাগো অন্ত পৰিছে।
অন্য উপন্যাসৰ দৰে এক নিটোল কাহিনী নথকা সত্বেও ‘মামৰে ধৰা তৰোৱাল’ৰ কাহিনী শ্ৰমিকসকলৰ শোষিত-নিস্পেষিত জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান অভিজ্ঞতা সম্পন্ন বিক্ষিপ্ত ঘটনাৰ আধাৰত অগ্ৰসৰ হৈছে৷ গোস্বামীয়ে স্বামীৰ লগত সেই শ্ৰমিকসকলৰ জীৱন সংগ্ৰাম ওচৰৰপৰা প্ৰত্যক্ষ কৰিছিল বাবেই তেওঁলোকৰ অভাৱ-অভিযোগ, দুখ-যন্ত্ৰণা আদি মৰ্মস্পৰ্শীভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছিল–
‘'কিছুদূৰ গৈ যশোৱন্তই আৰু এটা মাৰাত্মক দৃশ্য দেখা পালে৷ মুন্সী গছৰ কছাইৰ দোকানৰপৰা ছাগলীৰ ভুঁৰু, ছাল কিছুমান আনি ছুইপাৰৰ ল’ৰা-ছোৱালী এজাকে সাইৰ বুকুত দবৰা-দবৰি লগাই দিছে৷ যোৱা কিছুদিন ধৰি সাইৰ বুকুত বাহ লোৱা শগুণজাক আৰু সিহঁতৰ মাজত এই মুহূৰ্তত আৰু যেন কোনো পাৰ্থক্য নাই৷’'৪৫
মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে মামৰে ধৰা তৰোৱাল। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাইনদীৰ ওপৰত একুৱাডাক্ট বন্ধা কামেই উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেখেতে ৰচনা কৰিছে শ্ৰমিকসকলক ‘চাটাই’ কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰ সকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূৰ পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।এইফালৰ পৰা উপন্যাসখনত আত্মজীৱনীমূলক উপাদান আছে বুলি ক'ব পাৰি কিয়নো ঔপন্যাসিকাই যি দেখিছে তাক তেওঁ আত্মজীৱনীত সন্নিবিষ্ট কৰিছে আৰু তাৰ আধাৰতেই এই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।তাৰ আভাস আমি লেখিকাৰ আত্মজীৱনীত আমি পাওঁ।মুঠৰ ওপৰত উপন্যাসখনত শ্ৰমিক আন্দোলনৰ স্বৰূপ, লীডাৰৰ মানসিকতা,কোম্পানীৰ চল-চাতুৰি,শোষণ,তীব্ৰ খাদ্যভাৱ,নিৰ্যাতন, চৰিত্ৰহীনতা আদিৰ বাস্তৱ প্ৰকাশ ঘটিছে।
৫.২ পটভূমি
উপন্যাসখনৰ পটভূমি হৈছে ৰায়বৰেলী জিলাৰ সাইনদীৰ ওপৰত নিৰ্মাণ কৰা
৪৫.উল্লিখিত গ্ৰন্থ, পৃ,৩৮৩
একুৱাডাক্টৰ কামৰ বাবে অহা শ্ৰমিকসকল ধৰ্মঘট সম্পৰ্কীয় ঘটনাক লৈ।গোস্বামীয়ে ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰাৰ সময়ত নিজ চকুৰে সকলো ঘটনা-পৰিঘটনা প্ৰত্যক্ষ কৰিছে।সেই বান্ধ নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক সকলৰ দুৰাৱস্হাৰ বিষয়ে গোস্বামীয়ে প্ৰত্যক্ষ কৰিছে আৰু বান্ধ নিৰ্মাণৰ বাবে নিয়োজিত শ্ৰমিক সকলক কিদৰে কোম্পানীয়ে অৱহেলা কৰিছে আৰু বৰ্খাস্ত কৰিছে আৰু তাৰ ফলত শ্ৰমিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।তাৰ বাবে শ্ৰমিক সকলে গঢ় দিয়া কোম্পানীৰ বিৰুদ্ধে ধৰ্মঘটক কেন্দ্ৰ কৰি যি কাৰু কাৰ্য সংঘটিত হৈছে আৰু তাৰেই পটভূমিত উপন্যাসখনৰ কাহিনী ৰচনা কৰিছে। এই সম্পৰ্কে ঔপন্যাসিকাই কৈছে--------
"১৯৭৬ চনত মামৰে ধৰা তৰোৱাল" নামৰ উপন্যাসখন লেখিবলৈ ৰায়বৰেলী 'সাই একোৱাডাক্টৰ' ৱাকচাইটত কেইবামাহো আছিলোঁ।মই থকা সযময়তে একোৱাডাক্টৰ শ্ৰমিকৰ ৰিট্ৰেন্সমেণ্টৰ অৰ্থাৎ শ্ৰমিকৰ বৰ্খাস্তৰ কাম আৰম্ভ হৈছিল।বখাৰ্স্ত কৰা শ্ৰমিক সকলৰ তালিকা চাটাইৰ অফিচতে আঁৰি দিয়া হৈছিল।ডেইলী পেইড বা ক্যাজুৱেল শ্ৰমিকক প্ৰথমেই বখাৰ্স্ত কৰা হৈছিল।টাইম কিপাৰৰ অফিচৰ ব হিৰত এখন এখনকৈ বখাৰ্স্ত হোৱা শ্ৰমিকৰ তালিকা আৰি দিয়া হৈছিল।জামাদাৰৰ পৰা আৰম্ভ কৰি ফিটাৰছ,হেলপাৰছ,চকীদাৰ,লাঙ্গৰৰ ৰান্ধনী,গেষ্ট হাউচৰ লগুৱা আৰু আন আন শ্ৰমিকৰ মাজত হাহাকাৰ লাগিছিল।............এই কৰাল ৰূপৰ কথাকে মোৰ উপন্যাসৰ'' মামৰে ধৰা তৰোৱাল'দেখুৱাইছিলো।"৪৬
এইফালৰ পৰা ক'বলৈ গ'লে উপন্যাসখনৰ পটভূমিৰ মাজত আত্মজীৱনীমূলক উপাদানৰ বিচাৰি পোৱা যায়।গোস্বামীয়ে উপন্যাসখনৰ কাহিনী যি পটভূমিত ৰচনা কৰিছে সেই পটভূমি বাস্তৱ জীৱনৰ আৰু তেওঁ নিজেই প্ৰত্যক্ষ কৰা।আৰু এই বিষয়ে তেওঁৰ আত্মজীৱনীতো উল্লেখ কৰিছে।উত্তৰ প্ৰদেশৰ ৰায়বেলী জিলাৰ সাই নদীৰ বান্ধ নিৰ্মাণৰ সময়ত সংঘটিত হোৱা শ্ৰমিক সকলৰ এটা আন্দোলনক কেন্দ্ৰ কৰি গোস্বামীয়ে লিখি উলিয়াইছিল "মামৰে ধৰা তৰোৱাল"উপন্যাসখন।গোস্বামীয়ে একোৱাডাক্টৰ ৱাকচাইটত থকাৰ সময়ত সাধাৰণ শ্ৰমিক সকলে জীৱন যুজঁত নামি পৰা আৰু তাৰ ফলত হোৱা জীৱনৰ দুখ আৰু যাতনাৰ অন্তহীন এক সংগ্ৰামৰ বাদে উপন্যাসখনত একো নাই।কোনো ৰাজনৈতিক দল,কোনো নেতা ব্যস্ত নহয় মৰি মৰি জীয়াই থকা এই মানুহখিনিৰ বাবে।কোনো বাতৰি কাকতত ঠাই নাপায় পেটৰ তাড়নাত নিজৰ সৰ্বস্ব উজাৰি দিবলৈ বাধ্য হোৱা এই দুদৰ্শাগ্ৰস্ত মানুহখিনিয়ে।কি হ'ব এই মানুহখিনিৰ ভৱিষ্যত।কিন্তু কেতিয়াবা কোনো নেতাই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহা দেখিবলৈ পাৱা যায় যদিও ই শোষক দলৰহে প্ৰতিনিধি।এই শ্ৰমিক সকলে নিজৰ প্ৰাপ্য বিৰুদ্ধে কোম্পানীৰ সকলৰ প্ৰতি কৰা ধৰ্মঘটৰ পটভূমিত এই উপন্যাসখন ৰচিত।
৪৬.মামণি ৰয়ছম গোস্বামী, ইশ্বৰী, যখমী যাত্ৰী আৰু অন্যান্য, পৃ.১৭১

সংস্কাৰাচ্ছন্ন মানুহৰ হাতত পৰি লুণ্ঠিত হোৱা মানৱতাৰ কৰুণ ৰূপ প্ৰতিফলিত হৈছে "দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা" উপন্যাসখনত। মানুহ আৰু মানৱীয় চেতনাকৈ সমাজৰ ৰীতিক অধিক মূল্যৱান হিচাপে মূল্যৱান কৰি কেনেকৈ অন্ধকাৰক নিমন্ত্ৰণ জনোৱা হয় তাৰ প্ৰতিচ্ছবি উপন্যাসখনত স্পষ্টকৈ প্ৰকাশ পাইছে। ব্ৰাহ্মণ বিধবাৰ সকৰুণ জীৱনবৃত্ত ইয়াত প্ৰকাশ পাইছে। ভাৰতৰ স্বাধীনতা আন্দোলন সম্পৰ্কীয় দুই এটি প্ৰসংগ ইয়াত উত্থাপন কৰা হৈছে।উপন্যাসখনত বৈজ্ঞানিক ভিত্তিহীন বিশ্বাস আৰু পৰম্পৰাৰ বিৰুদ্ধে এক সবল অন্তঃসলিলা ফল্গুৰ দৰে নিহিত হৈ আছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।
উপন্যাসখনৰ কাহিনীভাগ হ’ল কুৰি শতিকাৰ মধ্যভাগ।ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোড়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ "গোসানী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংশোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকণ কৰিছে। সমাজ উৰ্ধ্বলৈ চেষ্টা কৰা গিৰিবালা নামৰ বিধৱাগৰাকীৰ পদে পদে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ঔপন্যাসিকে প্ৰকাশ কৰিছে। সমাজক প্ৰত্যাহ্বান জনাই গিৰিবালাই অৱশেষত আত্মহত্যা কৰে।উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।
"দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা"- মামণি ৰয়ছম গোস্বামীৰ আন এখন উল্লেখযোগ্য উপন্যাস।দক্ষিণ কামৰূপ বৈষ্ণৱ সত্ৰত কটোৱা শৈশৱ আৰু যৌৱনৰ এছোৱা কালৰ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন ৰচিত যদিও উপন্যাসখনৰ কাহিনী কাল্পনিক।উপন্যাসখনৰ বিষয়ে লেখিকাই কৈছে----------
"ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থকা আমাৰ পূৰ্বপুৰুষসকলৰ সত্ৰ এখনৰ অনুপ্ৰেৰণাত মই এই উপন্যাস লেখিছিলো।শৈশৱত এই সত্ৰখন মোৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আছিল।.................।সেই সময়ত মোৰ বাবে যদি কিবা স্বৰ্গপুৰী আছিল তেতিয়া হ'লে এই সত্ৰই আছিল।............সত্ৰৰ প্ৰায় সকলোবোৰ চৰিত্ৰকে মই চিনি পাইছিলোঁ।কালীয়া বহুৱা,কাউৰীয়া বুঢ়া ,চেৰু বৃদ্ধ চেনীৰাম মহাজন.........অনেক চৰিত্ৰৰ এক অনন্য জগতত বিচৰণ কৰিলোঁ।..........মাটিয়া পাহাৰৰ নামনিত নিজৰ মাটিবাৰিলৈ অকলশৰে বাস কৰা বিধৱা "আবু"এগৰাকী আছিল মোৰ অতি প্ৰিয় চৰিত্ৰ।কানি বৰবিহে ধ্বংস কৰা দৰিদ্ৰ জনগণৰ সৈতে শিশু অৱস্থাতে মোৰ সাক্ষাৎ হৈছিল।............এই উপন্যাস লেখাৰ সময়ত মই অতীতৰ মোৰ প্ৰিয় চৰিত্ৰবোৰৰ লগত এই সত্ৰৰ মাজতে যেন ঘূৰি ফুৰিছিলোঁ।.......উপন্যাসখনৰ কাহিনীভাগত অৱশ্যে কল্পনাৰ ৰহন সনা হৈছিল।নিজৰ প্ৰিয় চৰিত্ৰবোৰৰ মাজৰ পৰা উপন্যাসৰ প্ৰধান চৰিত্ৰবোৰ বুটলি লৈছিলোঁ যদিও এই চৰিত্ৰবোৰত অনেক ৰহন সনা হৈছিল।৪৭
উপন্যাসখনৰ আৰম্ভণিতে ঔপন্যাসিকাই উল্লেখ কৰিছে ১৯৪৭ খ্ৰীষ্টাব্দৰ কথা।ইয়াৰ পৰাই অনুমান কৰিব পাৰি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা আৰম্ভ কৰি ১৯৮১ চনলৈকে অৰ্থাৎ প্ৰায় ১৪ টা বছৰ অবিভক্ত কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত আমৰঙা দামোদৰীয়া সত্ৰৰ বিভিন্ন ঘটনা-উপঘটনাক লৈ উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।লগতে এখন ৰক্ষণশীল সমাজৰ পতন হোৱা,আদবয়সতে বিধৱা হ'বলগীয়া হোৱা সত্ৰৰ গোপীসকলৰ জীৱনৰ কৰুণগাঁথা,নিঃসংগতা,পৰম্পৰাগত ৰীতি-নীতি, উচ্চ গোসাঁই পৰিয়ালৰ মৰ্যাদা, বংশৰ গৌৰৱবোধ,কামনা-বাসনা,কানি নিৰ্বাৰণ আন্দোলন,ভূমি সংস্কাৰ আৰু সাম্যবাদী আন্দোলনৰ ভাৱধাৰা আগমনে সামন্তবাদী সমাজ এখনলৈ অনা পৰিৱৰ্তনৰ কাহিনী উপন্যাসখনত বৰ্ণিত হৈছে। এই কাহিনী আগবঢ়াই নিবলৈ যাওঁতে ঔপন্যাসিকাই বিবিধ সংঘাত,ঘটনা-উপযোগী বিবিধ পৰিস্থিতি আৰুপুৰুষ-স্ত্ৰী ভালেমান চৰিত্ৰ, যিবোৰ ঔপন্যাসিকাই অধিকাংশ শৈশৱৰ স্মৃতিৰ পৰা ওলিয়াই অনি জীৱন্ত ৰূপ দিছে।
"দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা"- উপন্যাসখনত কাহিনীৰ মাজেৰে সমাজত পৰম্পৰাগতভাৱে চলি অহা অন্ধবিশ্বাস, কু-সংস্কাৰ তথা ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধে এক প্ৰতিবাদী আৰু সামন্তবাদী ধ্যান-ধাৰণাৰ অৱসান ঘটাই এখন নতুন সমাজ গঢ়াৰ প্ৰয়াস প্ৰতিফলিত হৈছে।উপন্যাসখনৰ পাতনিত ঔপন্যাসিকাই এই বিষয়ে ক'বলৈ গৈ কৈছে------"এই পৃথিৱীত মানুহে মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব নোপোৱাৰ এক মুক প্ৰতিধ্বনি অন্তঃসলিলাৰ দৰে উপন্যাসখনৰ মাজেৰে প্ৰৱাহিত কৰাৰ চেষ্টা কৰা হৈছে।"
আমৰঙা সত্ৰৰ ভাবী সত্ৰাধিকাৰ হ'ল ইন্দ্ৰনাথ।এই ইন্দ্ৰনাথ চৰিত্ৰটোৱেই উপন্যাসখনৰ মূল চৰিত্ৰ।উচ্চ বংশৰ হ'লেও তেওঁৰ কোনো গৰ্ব,অহংকাৰ ভাৱ নাছিল।সত্ৰীয়াৰক্ষণশীল সমাজৰ ভূৱা নীতিবোৰ তেওঁ অন্ধভাৱে অনুসৰণ কৰা নাছিল।কিয়নো তেওঁ সেইবোৰ বিশ্বাস কৰা নাছিল।তেওঁ সমাজৰ পৰা মূল্যবোধহীন দিশবোৰ নাইকিয়া হোৱাটো বিচাৰিছিল।সেয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে মিলা-মিছা কৰি খোৱাত কোনো আপত্তি কৰা নাছিল।ইন্দ্ৰনাথৰ পেহীয়েক দূৰ্গা আৰু ভনীয়েকে গিৰিবালা বিধৱা নাৰী।চিকাৰহাটীৰ গোসাঁই পৰিয়াললৈ ইন্দ্ৰনাথৰ পেহীয়েকক বিয়া দিয়া হৈছিল।কিন্তু গিৰিয়েকৰ মৃত্যুৰ পাছত দূর্গাক ইন্দ্ৰনাথে আমৰঙালৈ লৈ আহে।বঙৰা সত্ৰৰ লাতু গোসাঁইৰ সৈতে গিৰিবালাৰো বিয়া হৈছিল কিন্তু বিয়াৰ কিছুদিনৰ পাছত পেহীয়েকৰ দৰে স্বামীহাৰা হ'ব লগা হয়।
উচ্চ বৰ্ণৰ হিন্দু বিধৱা নাৰী হিচাপে তাই হিন্দু বিধৱা নাৰীয়ে পালন কৰা কঠোৰ বিধৱা ব্ৰত তাই পালন কৰিবলৈ বাধ্য হয়।কিয়নো সেই সমাজখনৰ ৰক্ষণশীল মানসিকতাৰ
৪৭.মামণি ৰয়ছম গোস্বামী,ইশ্বৰী,জখমী যাত্ৰী আৰু অন্যান্য,পৃষ্ঠা,২১৮-২২১
বাবে।তেনেতে তাইৰ জীৱনলৈ খ্ৰীষ্টান সন্যাসী মাৰ্ক চাহাব আহে।ইন্দ্ৰনাথে গৱেষণা কৰিবলৈ অহা মাৰ্ক চাহাবক পুৰণি পুথি পাজিবোৰ গোটাই দিয়াত সহায় কৰিবলৈ গিৰিৱালাক আগবঢ়াই দিয়ে।কিন্তু গিৰিবালাই সমাজৰ কঠোৰ ৰীতি-নীতিৰ মাজত সীমাবদ্ধ হৈ আছিল যদিও তাইৰ মণিকোঠাত মাৰ্ক চাহাবৰ প্ৰতিচ্ছবিয়ে আমণি কৰিছিল।সেয়েহে সেই নীতি-নিয়ম পৰিহাৰ কৰি মাৰ্ক চাহাবৰ সৈতে এক নতুন পৃথিৱীৰ সপোন দেখিছিল আৰু মাৰ্ক চাহাবকো তাই নিজেই জ্ঞাত কৰিছিল।কিন্তু তাইৰ এই সপোন সপোন হৈ থাকি গ'ল।বৰং তাইৰ প্ৰেমক ব্যাভিচাৰৰ ৰূপ দি সমাজে সেই কাম পাপ বুলি প্ৰায়শ্চিতৰ বিধি উলিয়াই।যাৰবাবে গিৰিৱালা এখন চালিৰ ভিতৰত সুমাই জীৱন্তে অগ্নিদ্ধগ্ধ হ'ব লগা হৈছিল।সময়ত তাইক পুৰোহিতে তাৰ পৰা ওলাই আহিবলৈ চিঞৰি কয় যদিও তাই বিহৰ পটাত গা ঘহোঁৱাৰ দৰে তাতে আত্মজাহ দিয়ে।
এই ঘটনাই ইন্দ্ৰনাথক বাৰুকৈয়ে জোকাৰি যায়।এই উপন্যাসখনত আন বহুতো সৰু বৰ ঘটনাই কাহিনী আগবঢ়াই নিয়াত সহায় কৰিছে।উপন্যাসখনত বৰ্ণিত সৰু গোসাঁনীৰ জীৱনৰ ছবিয়েয়ো উপন্যাসখনৰ কাহিনীক এক নতুন গতি দিছে।সৰু গোসানী সত্ৰৰ অধিকাৰ মহাপ্ৰভুৰ সৰু ভায়েক ৰামান্দ গোস্বামীৰ পত্নী আৰু পাত হালধীয়াৰ জীয়াৰী।তেওঁৰ স্বামী মৃত্যুৰ পিছত তেওঁ নিজেই শিষ্যক শৰণ দিয়াৰ পৰা আৰম্ভ কৰি মাটি-বাৰী সকলো চপাই এক আদৰ্শত পৰিণত হৈছিল।গোসাঁনীয়ে কামৰ চোৱা-চিতা কৰিবলৈ মহীধৰ শৰ্মাক ৰাখিছিল যদিও গোসাঁনীক বিশ্বাসঘাটক কৰিছিল।
ইন্দ্ৰনাথে যশ ভাগৱতীৰ শান্তি হোৱা সুন্দৰী ইলিমনক আপোন কৰি ল'ব বিচাৰিছিল।কিন্তু সেই আশা ,আশা হৈয়ে থাকি গ'ল।কমিউনিষ্ট সকলৰ প্ৰৰোচনাত খেতিয়কসকলৰ হাতত মাটি চহাবলৈ গৈ ইন্দ্ৰনাথৰ মৃত্যু হ'ল।অথচ তেওঁৰ ইচ্ছা আছিল ৰায়তসকলক মাটিৰ মালিকীস্বত্ব দিয়াত।ইন্দ্ৰনাথৰ মৃত্যুৰ লগে লগে উপন্যাসখনৰ কাহিনীও সমাপ্ত হয় যদিও লেখিকাই ৩০ বছৰৰ মূৰত অৰ্থাৎ ১৯৮১ চনৰ ঘটনাবোৰৰ কিছু বিৱৰণ দিছে।এই সুৰ্দীঘ বছৰত সমাজৰ বহু পৰিৱৰ্তন হ'ল।কানি গৰাহৰ পৰা সমাজখন মুক্ত হৈছিল, বিবাহৰ বাবে কোনো উচ্চ-নীচ ভেদভাৱ নোহোৱা হৈ পৰিছিল।এইখিনিতে লেখিকাই ইন্দ্ৰনাথৰ মৃত্যুৰ কাৰণ পাঠকক ব্যঞ্জনাময় ভাষাৰে জানিবলৈ দিয়ে।নিজৰ অনিচ্ছাসত্ত্বেও তেওঁ পৰিয়ালৰ হেচাঁত উঁয়ে খোৱা হাওদাত উঠি ৰায়তক কেঁচা পট্টা দিবলৈ পথাৰলৈ গৈছিল।কমিউনিষ্ট নেতাজনে বলোক সুধিছিল-------
"সঁচাকৈয়ে হাওদাখন উঁয়ে খোৱা আছিলনে?তাৰ উত্তৰত বলোৱে কৈছিল; হাওদাখন ময়ে হাতীৰ পিঠিত তুলি দিছিলোঁ---সেইখন উঁয়ে খোৱা আছিল।" ৪৮
ইয়াৰ ল'গে ল'গে উপন্যাসখনৰ কাহিনীও শেষ হয়।
গতিকে দেখা যায় যে গোস্বামীয়ে প্ৰত্যক্ষ কৰা আমৰঙা সত্ৰৰ কিছুমান দিশ উপন্যাসখনৰ মাজেৰে উপস্থাপন কৰিছে।উপন্যাসখনৰ কাহিনী যদিও কাল্পনিক তথাপি ঔপন্যাসিকাই শৈশৱৰ পৰা যৌৱন কাললৈকে লাভ কৰা অভিজ্ঞতাৰ আধাৰত ৰচনা
৪৮.মামণি ৰয়ছম গোস্বামী,ইশ্বৰী জখমী যাত্ৰী আৰু অন্যান্য, পৃ,১৬৬
কৰিছে।সত্ৰৰ পূৰ্বৰ ৰীতি-নীতি আৰু সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীঘল হোৱা উচ্চ বংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোড়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ "গোসানী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংশোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকণ কৰিছে। সমাজ উৰ্ধ্বলৈ চেষ্টা কৰা গিৰিবালা নামৰ বিধৱাগৰাকীৰ পদে পদে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ঔপন্যাসিকে প্ৰকাশ কৰিছে।
৬.২ চৰিত্ৰ
৬.২.১ নাৰী চৰিত্ৰ
ক) দুৰ্গাঃ
"দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"- উপন্যাসখনৰ এক বিধৱা নাৰী চৰিত্ৰ হ'ল দুৰ্গা।এই চৰিত্ৰটি তেওঁ তেওঁৰ পেহীয়েক নামান বাইক লৈ ৰচনা কৰা ।এই সন্দৰ্ভত লেখিকাই এঠাইত এনেদৰে কৈছে---------
"আমালু বুলি সম্বোধন কৰা আইতাৰ ভনীয়েক এগৰাকীৰ কথা কমলাৰ আত্মজীৱনীত পঢ়ি মই তবধ মানিলো।কাৰণ এই মানুহগৰাকীৰ জীৱন কাহিনী হুবহু মোৰ পেহা নামান বাইৰ সৈতে একে যেন লাগিল।নামান পেহীক লৈ মোৰ উপন্যাস 'উঁয়ে খোৱা হাওদা'ত দুৰ্গা নামৰ প্ৰধান চৰিত্ৰটি আকিছিলোঁ।" ৪৯
আমৰঙা সত্ৰৰ অধিকাৰৰ ভনীয়েক দুৰ্গা চিকাৰহাটীৰ গোসাঁইলৈ বিয়া হয়।সন্তান নোহোৱাকৈয়ে তাই বৈধৱ্যক আকোঁৱালি ল'ব লগাত পৰে।স্বামীগৃহত হোৱা তিক্ত অভিজ্ঞতাৰ পাছত ভতিজাক ইন্দ্ৰনাথে দুৰ্গাক আমৰঙালৈ লৈ আহে।দুৰ্গাক আমতিৰ সময়ত লৈ আহিবলৈ মানুহ পঠাব বুলি শহুৰেকে কথা দিলে।কিন্তু বছৰৰ পাছত বছৰ পাৰ হ'ল কিন্তু কৰো সাক্ষাৎ নঘটিল।দুৰ্গায়ো স্বামী গৃহৰ পৰা কোনোবা আহিব বুলি বাট চায়ে ৰৈ থাকিল আৰু আশা নিৰ্বাপিত হোৱা নাছিল।এই বিষয়ে লেখিকাই এনেদৰে কৈছে------------
"দেওৰহঁতে মক এই নৰকত পৰি থাকিব দিব না।আহিব,নিবা আহিব।"৫০
পৰম্পৰাগত সমাজ ব্যৱস্থাক বিনা বিচাৰ যুক্তিৰে,অন্ধভাৱে দুৰ্গাই মানি লৈছে।পিতৃপ্ৰধান সমাজত বিধৱা হোৱাৰ পাছত মৰম-চেনেহ,আদৰ-সন্মানৰ পৰা বঞ্চিত হৈ,স্বাভাৱিক সামাজিক জীৱনৰ পৰা দেহ-মন বিচ্ছিন্ন হৈ একাকীত্বত ভূগিলেও পিতৃগৃহলৈ আহি দুৰ্গাই পৰম নিষ্ঠাৰে বৈধব্যৰ ব্ৰত পালন কৰিছে।তাই পুৰণিকলীয়া ৰীতি-নীতিত বিশ্বাসী তথা ধৰ্মভীৰু মানুহ।সেয়েহে তাই সমাজৰ ভণ্ড নীতি নিয়মবোৰ আখৰে আখৰে পালন কৰিছিল।দুৰ্গাৰ শহুৰেকে তেওঁৰ পুত্ৰৰ মৃত্যু দুৰ্গাৰ কোষ্ঠীত থকা পাপগ্ৰহৰ বাবে হোৱা বুলি
৪৯.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ , পৃ,৩২৭
৫০.মামণি ৰয়ছম গোস্বামী,দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা,পৃ,১৩
তাইক দোষাৰোপ কৰিছে।তায়ো সেই কথাতে হয়ভৰ দিছে।বিধৱা হোৱাৰ পাছত তাইক সমাজে কোনো মাংগলিক কামত বাগ লবলৈ দিয়া নাই।তায়ো সেই সমাজৰ লাঠি গোৰ খাই তাৰ সোৱাদ পোৱা বিধৰে হৈ পৰিছিল।সমাজৰ মতেই তাইৰ জীৱন পৰিচালিত হ'ল।এই সম্পৰ্কে লেখিকাই উপন্যাসখনত এনেদৰে কৈছে----------
"বিধৱা হোৱাৰ সেই বছৰৰ এটা আমতিৰ পৰা আনটো আমতিৰ অহাৰ সময়লৈকে দুৰ্গা যেন ভূতেই হৈ গ'ল।শহুৰৰ ঘৰত প্ৰেতনীৰ দৰে কাথিত বহি তুঁহ জুই পুৱাই থকা এক প্ৰকাৰ অভ্যাসতেই পৰিণত হ'ল।" ৫১
পুৱা-গধূলি মৃত স্বামীৰ খৰমত ফুল দিছিল, খোৱা বোৱাৰ,পিন্ধা উৰাৰ সকলো নীতি নিয়ম এফালৰ পৰা মূৰৰ চুলি এডালো লৰচৰ নোহোৱাকৈ পালন কৰি গৈছিল। তাইৰ ইচ্ছা আছিল কাশীৰ পাণ্ডাসকলৰ লগত গৈ তীৰ্থ কৰি মৃত স্বামীৰ অস্থি বিৰ্সজন দিয়াৰ।কিন্তু হাতত ফুটা কঢ়ি ঐটাও নথকাত যাই বৌৱেক গোসানীৰ লগত কাজিয়াত লিপ্ত হয়।স্বামীৰ ভাগৰ সম্পত্তিও তাইক কোনেও দিয়া নাই।সকলোৱে তাইৰ অধিকাৰৰ বাবে মাত মাতি কাছাৰীত গৈ স্বামীগৃহৰ বিৰুদ্ধে কেচ দি নিজৰ অধিকাৰ লোৱাৰ দিহা দিছে।কিন্তু সেইয়া কৰা তাইৰ বাবে মহাপাপ।লেখিকাৰ ভাষাৰে---------
"চুপথাক ।এই সত্ৰৰ গহেৰ জীয়াকে মাটি বাৰীৰ বাবে গুৱাহাটীৰ কাছাৰীত উঠিব না ঐ ? সাহাঁত আহিব,চাই থাকিবি সিহাঁত আহিব।
কিন্তু দুৰ্গাৰ আশা কোনো দিনেই পুৰণ হোৱা নাছিল।শৰীৰ শুকাই একেবাৰে প্ৰতনীৰ দৰে হৈ পৰিছিল।দুৰ্গাৰ এনে কুৎসিত ৰূপৰ বৰ্ণনা লেখিকাই দিছে এনেদৰে---------
"হাত ভৰি শুকান, ডিঙিৰ ভিতৰখনো যেন কাঠৰ দৰে শুকান।তিৰোতাবোৰে কয় লেং পেংকে চাওঁৰা তিৰীতুক মেখেলা আৰু গাতালা পিন্ধিলি আজিকালি কাউৰীয়া বুঢ়াই সৰীত বেচিব নিয়া মাটিৰ প্ৰেতনী হান লাগে।"৫২
দুৰ্গায়ে কেৱল নিজেই সেই আতি গুৰি নথকা নিয়মবোৰ পালন কৰা নাই আনকি তাই গিৰিৱালাকো সেই ধিয়মবোৰ পালন কৰিবলৈ বাধ্য কৰোৱাইছে।তাই গিৰিবালাই খাছী মাংস খোৱা প্ৰত্যক্ষ কৰি প্ৰচণ্ড চিৎকাৰ কৰি মাটিত বাগৰি পৰি তাই দুৰ্বল মানসিকতাৰ পৰিচয় দিছে।পদে পদে তাই নিজৰ আতিগুৰি নথকা নিয়মবোৰ পালন কৰোতেই ব্যস্ত আছিল।এবাৰ মাৰ্ক চাহাবৰ ছাঁটো তাই স্পৰ্শ কৰাত গা তিয়াঁই পৰাচিত হৈছিল।লেখিকাৰ ভাষাৰে-----------
" চকিত বহা চাহাবৰ ছাঁটোৱে খুঁটা এটাৰ ওচৰত থিয় হৈ থকা দুৰ্গাক স্পৰ্শ কৰিলে,সাপ গচকি চঁক খোৱা মানুহৰ দৰে দুৰ্গাই লৰি গৈ আকৌ এবাৰ নাদৰ পাৰত উপস্থিত
৫১.মামণি ৰয়ছম গোস্বামী, উক্ত গ্ৰন্থ, পৃ,৯
৫২.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্র, পৃ,৫৩
হ'ল।গা-মূৰ তিয়াই এতিয়াই তেওঁ এই খ্ৰীষ্টিয়ানটিৰ ছাঁ স্পৰ্শৰ পৰা মুক্তি পাব লাগিব।" এইয়া চৰিত্ৰটোৰ দুৰ্বল ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰিছে।"৫৩
স্বামীভিঠা নাৰীৰ বাবে স্বৰ্গ সদৃশ।স্বামীভিঠাত দেহ ত্যাগ কৰিব পৰাটো নাৰীৰ বাবে ভাগ্যৰ কথা।তাহানিৰ চোৰাংচোৱা বুলি জনাজাত তাংখু খোৱাৰ লগৰী শুইমেন্নীয়ে দুৰ্গাক লাজ-মান কাটি কৰি নিজেই স্বামীৰ ভিঠালৈ যাবলৈ পৰামৰ্শ দিছে।চুবুৰীয়া বুঢ়ী এগৰাকীয়েও তাইক পৰামৰ্শ দিছে এই বুলি যে,স্বামীৰ সম্পত্তিৰ ভাগ পাবলৈ হ'লে স্বামী ভিঠালৈ যাবই লাগিব।তিৰোতাজাকৰ পৰা উকীল ধৰি নিজৰ সম্পত্তিৰ ব্যৱস্থা কৰিবলৈ মন্তব্য দিয়াত তাই আৰ্তনাদ কৰি সিহঁত আহিব বুলি নিচিন্ত হৈ পৰম আশাৰে দিন অতিবাহিত কৰিছে।শেষ পৰ্যন্ত কোনো নহাত উপায়ন্তৰ হৈ স্বৰ্গপুৰী স্বামীগৃহলৈ অকলেই দুৰ্গাই যাত্ৰা কৰিছে।
শহৰেকৰ ঘৰতে দুৰ্গা জীৱনৰ প্ৰতি মোহভংগ হৈছে।জীৱনৰ প্ৰতি মায়ামোহ হেৰুৱা দুৰ্গাৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে।দুৰংগাই কেনেধৰণে,কি পৰিস্থিতিত মানসিক ভাৰসাম্যতাহীন অৱস্থাত জীৱন কটাব লগা হৈছে তাৰ সম্পৰ্কে উপন্যাসখনত লেখিকাই কৈছে এনেদৰে--------
"জীৱনৰ প্ৰতি লাহে লাহে ধিক্কাৰ আহিল।ল'ৰা-ছোৱালী নাছিল কাৰণে আগেয়েও এক নৈৰাশ্যৰ দেহ-মন অন্ধকাৰ কৰি ৰাখিছিল।গিৰিয়েক মৰাৰ পিছত এই অন্ধকাৰ গভীৰ ৰাতিৰ অন্ধকাৰ দৰে হৈ পৰিল।শেষ ৰাতিলৈ তুঁহ-জুই পুৱাই বহি থকা মানুহজনী যেন সচাঁকৈয়ে প্ৰেতনীলৈ ৰূপান্তৰ হ'ল।কথাই কথাই খং উঠা হ'ল।মানুহক শাওপাত দিব ধৰিলে।শেষত যিবোৰ শুভাকাংক্ষী আছিল সেইবোৰো এটা এটাকৈ আঁতৰি গ'ল।" ৫৪
চৰিত্ৰটোৰ মাজেৰে পতিব্ৰতা নাৰীৰ দিশটো প্ৰকাশ পাইছে।।নিজৰ স্বামীৰ অস্থি কাশুৰ ধামত নিবৰ বাবে তাই নিজৰ শেষ সম্পদ টিনৰ বাকচটোত থকা সোণৰ চন্দ্ৰহাৰ,এযোৰ ফুটি আৰু চাৰি ভৰি ওজনৰ এটা ডুগডুগী সৰু গোসানীৰ ওচৰত নিৰাপদে লুকুৱাই ৰাখিছে।কিন্তু সৰু-গোসানীৰ ওচৰৰ পৰা বস্তুবোৰ হৰলুকী হোৱাত তাই স্বামীৰ অস্থি বিষৰ্জন দিয়াৰ আশাত চেচাঁপানী পৰিছে আৰু তাই কাঠ হৈ পৰিছে।তাইৰ দুখত সমভাগী হৈ গিৰিৱালাই যেতিয়া নিজৰ গহনাখিনি দিব বিচাৰিছে তেতিয়া দুৰ্গাই তাইৰ গহনা নিয়া পাপ বুলি গিৰিবালাক ইতিকিং কৰিছে।ইয়াৰ জৰিয়তে দুৰ্গাৰ মনত গিৰিৱালাৰ প্ৰতি থকা ঘৃণা ভাবৰ উমান পোৱা যায়।এফালৰ পৰা চাবলৈ গ'লে তাই দয়া-মমতাহীন,ইচ্ছা-আকাংক্ষা নথকা এটা ছাবি দিয়া পুতলাহে হৈ পৰিছিল।তাই নিজস্ব সত্তাক পাহৰি মাত্ৰ নীতি নিয়মবোৰকে আওৰাই থাকিব বিচাৰিছিল।সেয়েহে ভাটৌৱে আওৰোৱা দৰে সদায়ে একেসোপা নীতি নিয়মকে পালৰন কৰি তাই যন্ত্ৰলৈ ৰূপান্তৰিত হৈছিল।ভাটৌৰ দৰে তাই তাকে কৰিছিল যি সমাজে বিধান দিছিল।একসময়ত তাইক শহুৰৰ ঘৰৰ পৰা কোনোবাই নিবলৈ আহিব বুলি তাই ভাগৰি পৰি নিজেই স্বামী গৃহলৈ যোৱাৰ বাবে সাজু হৈছে।সময়ত সকলো অহংকাৰ, ইৰ্ষা,অসূয়া ত্যাগ কৰি তাই স্বামী মৰাৰ পূণ্য ল'বলৈ স্বামী গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছে।
ঔপন্যাসিকাই লগ পোৱা নামান বাইৰ চৰিত্ৰটোৰ আধাৰত নিৰ্মাণ কৰা চৰিত্ৰ হ'ল
৫৩.মামণি ৰয়ছম গোস্বামী, উক্ত গ্ৰন্থ, পৃ,৩৬
৫৪,মামণি ৰয়ছম গোস্বামী, উক্ত গ্ৰন্থ, পৃ,১২০
দুৰ্গা। সত্ৰীয়া সমাজত বসবাস কৰোঁতে নামান বাইৰ জীৱন নিৰ্বাহৰ যি কৰ্দয ৰূপ সেই বাস্তৱভিত্তিৰ আধাৰিত দিশবোৰ কাল্পনিক চৰিত্ৰ দুৰ্গা চৰিত্ৰটোত আৰোপ কৰিছে।নামান বাইৰ চৰিত্ৰটোৰ ক্ষেত্ৰত যি ঔপন্যাসিকাই প্ৰত্যক্ষ কৰিছে তাকে দুৰ্গা চৰিত্ৰটোৰ ওপৰত তাৰ স্বৰূপ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে।যিবোৰ দিশদুৰ্গা চৰিত্ৰটো বিশ্লেষণ কৰিলে দেখা যায়।দুৰ্গা এজনী ধৰ্মভীৰু,স্বামী পৰায়ণা অন্ধবিশ্বাসী দুৰ্বল মানসিকতাৰ নাৰী।তাই ডিঙিত ৰচি লগাই গৰাকীৰ নিয়ম নীতিবোৰ পালন কৰাতেই শান্তি পাইছে।সেই শিকলি চিঙি প্ৰতিবাদ কৰাৰ মানসিকতা তাইৰ নাই।দুৰ্গাক আমি নীতি নিয়ম মানিচলা এটা কাঠৰ পুতলাৰ দৰে প্ৰত্যক্ষ কৰিছোঁ।তাইৰ নিজা কোনো ইচ্ছা-অনিচ্ছা উপন্যাসত দেখা পোৱা নাযায়।তাইৰ জীৱনৰ কৰুণ বিনণিয়ে অৱশ্যে সকলো পাঠকৰ মন-মগজু স্পৰ্শ কৰি যায়।
খ) সৰু গোসানীঃ
"দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা"--- উপন্যাসখনৰ আন এটি বিধৱা নাৰী চৰিত্ৰ হৈছে সৰু গোসানী।এই সৰু গোসানীও গিৰিৱালাৰ দৰে বিদ্ৰোহী আৰু সাহসী।তেওঁ নিজকে বিদ্ৰোহ কৰ্মৰ দ্বাৰা প্ৰতিপন্ন কৰিছে।এই সাহসী গোসানীগৰাকীৰ চৰিত্ৰও লেখিকাই বাস্তৱ জীৱনৰ পৰা তুলি লৈছে।চৰিত্ৰটিৰ সৃষ্টিত গোস্বামীয়ে এনেদৰে কৈছে-------
"তেতিয়া সত্ৰত এগৰাকী গোসানী আছিল,তেওঁক মই "আবু"বুলি মাতিছিলো।তেওঁ মোৰ দেউতাৰ সম্পৰ্কীয় বৌৱেক আছিল।গোসাঁনীয়ে স্বামীৰ মৃত্যুৰ পাছত আচৰিতভাৱে এক সম্পূৰ্ণ অকলশৰীয়া জীৱন কটাইছিল।অৱশ্যে তেওঁৰ নিজা শিষ্য আছিল।"৫৫
ঔপন্যাসিকাই এই চৰিত্ৰটোও বাস্তৱৰ পৰাই গ্ৰহণ কৰা।গোস্বামীয়ে উল্লেখ কৰিছে যে সত্ৰত সেই সময়ত এগৰাকী গোসানী আছিল যি গৰাকী গোস্বামীৰ দেউতাকৰ সম্পৰ্কীয় বৌৱেক আৰু তেওঁক আবু বুলি মাতিছিল।সেই সময়ত সত্ৰত থকা গোসানী আবুৰ আধাৰতেই সৰু গোসানী চৰিত্ৰটো সজোৱা হৈছে।আবু নামৰ গোসানীৰ ক্ষেত্ৰত সত্ৰত থাকোঁতে যিবোৰ ঘটনা ঘটিছিল তাকেই গোস্বামীয়ে সৰু গোসানী নামৰ উপন্যাসৰ চৰিত্ৰটোৰ মাজেদি দিশবোৰ প্ৰকাশ কৰিছে। উপন্যাসখনত চৰিত্ৰটোৰ বিষয়ে এনেদৰে কৈছে---------"সৰু গোসানী অধিকাৰ মহাপ্ৰভুৰ সৰু ভায়েক ৰমানন্দ গোস্বামীৰ পত্নী ইৰু পাত হালধীয়া জীয়ৰী।সত্ৰৰ বছেৰেকীয়া সভাত (যাত্ৰা উৎসৱ)আতচবাজী খেলোতে হোৱা এক দুৰ্ঘটনাত ৰমানন্দ গোসাঁইৰ মৃত্যুৰ মুখত পৰিছিল।সৰু গোসানী একেবাৰে অকলশৰীয়া মানুহ।গোসাঁইৰ মৃত্যুৰ পাছত তেওঁ নিজেই শৰণ দিয়াই মাটি বাৰী চলাই দক্ষিণ পাৰৰ দায়ামোদৰীয়া সত্ৰৰ মাজত একপ্ৰকাৰ যশস্যা অৰ্জন কৰিছিল।"
সৰু গোসানীয়ে সকলোবোৰ সম্পত্তি চোৱা মেলা কৰে যদিও তেওঁ দূৰণিৰ মাটি বাৰীবোৰ তদাৰক কৰিবলৈ হেৰামদৰ মহীধৰ বাপুক নিজৰ সঙ্গী কৰি লৈছে।এজন পুৰুষক এনেদৰে একোটা ঘৰৰ ভিতৰত থোৱাৰ বাবে অনেকেই সৰু গোসানী আৰু মহীধৰ বাপুক লৈ অনেক কথা কয়।কিন্তু সৰু গোসানীয়ে সেইবোৰলৈ কোনো কাণ নিদিয়ে।এয়া তেওঁৰ সাহস।ইন্দ্ৰনাথেও এই সৰু গোসানীৰ সাহসক সন্মান কৰে।সেয়েহে এবাৰ পেহীয়েক দূৰ্গাক সৰু
৫৫.হেমন্ত কুমাৰ ভৰালী,স্বপ্নঃ দুঃস্বপ্নৰ ডায়েৰী,পৃ,৪৬৪
গোসানীৰ দৰে হ'বলৈ উৎসাহ দিয়া দেখা গৈছে।সৰু গোসানীৰ নিঃসংগ জীৱনত সংগী হিচাপে দেখা দিছে মহীধৰ বাপুৱে।তেওঁ মহীধৰ বাপুৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ পৰিছে। কম বয়সতে বিধৱা হোৱা সৌন্দৰ্যৱতী সৰু গোসখনীয়ে স্বাভাৱিকতেই সুস্বাস্থ্যৰ অধিকাৰী মহীধৰ বাপুৰ প্ৰতি কিবা এক আকৰ্ষণ অনুভৱ কৰিছিল। উপন্যাসখনত লেখিকাই সৌন্দৰ্য বৰ্ণনা দিছে এনেদৰে------------
"সৰু গোসাঁনী অত্যন্ত সুগঢ়ী তিৰোতা।মানুহে কয়,অন্ধকাৰ ৰাতিও মানুহে গোঁসানীৰ নাক,চকু,মুখ স্পষ্টভাৱে দেখা পায়।কাৰণ তেওঁৰ গাঁৰ বৰণ যুদ্ধৰ দিনত মিৰ্জাৰ কেম্পত থকা চাহাবসকলৰ গাঁৰ বৰণৰ দৰে।"৫৬
সৌন্দৰ্য্যৰ লগতে সৰু গোঁসানীৰ মনঃস্তত্বৰ বৰ্ণনাও সুন্দৰ ৰূপত লেখিকাই দিছে। সত্ৰৰ ৰক্ষণশীল পৰিৱেশে সৰু গোঁসানীৰ প্ৰম আকলুৱা মনটোক শাসন কৰিব পৰা নাই। তেওঁৰ অন্তৰ আত্মাত মহীধৰ বাপুৱেহে স্থান পালে।সৰু গোসানী মহীধৰ বাপুৰ প্ৰেমত একপ্ৰকাৰ মতলীয়া হৈ পৰিছে।সেয়েহে এবাৰ মহীধৰ বাপু বৰিহাটৰ পিনে যাওঁতে হাতীৰ আক্ৰমণৰ কথা ভাবি তেওঁৰ মন সন্ধিহান হৈ পৰিছে।সেয়েহে ডবা পিতা বৰষুণকো নেওচি তেওঁ মহীধৰ বাপুক বিচাৰি গৈছে আৰু একেবাৰে বৰষুণত তিতি জুৰুৰি- জুপুৰি হৈ পৰিছিল।লেখিকাই উপন্যাসখনত কৈছে---------
" আৰু কিছুদূৰ আগুৱাই যাব নেকি ? যা মৰে যদি মৰক মহীধৰ বাপু ! নাই নাই ,মহীধৰ বাপু মৰাৰ পিছত এই সংসাৰত থাকিব আৰু ভাল নালাগিব।"৫৭
এই উপন্যাসখনত গোঁসানীৰ চৰিত্ৰৰ অন্তদ্বন্দ মনকৰিবলগীয়া।কেতিয়াবা নিজেই নিজক প্ৰশ্ন কৰে মহীধৰ বাপু তেওঁৰ কোন হয় ? মহীধৰ বাপুৰ বাবে তেওঁৰ উন্মাদনাৰ বাবে নিজকে দোষী যেন অনুভৱ হয়।মহীধৰৰ বাবে তেঁওৰ বুকুত ৰৈ থকা ধুমুহাক পিশাচিনী বুলি উপলব্ধি কৰিছে।সেই পিশাচিনীক ডিঙি চেপি হত্যা কৰাৰ কথাও তেওঁ ভাবিছিল।দামোদৰীয়া গোঁসানীক নৰকত ডুবাব পৰা এই উন্মাদনাৰ ব বে তেওঁ ভগৱানৰ ওচৰত ক্ষমা ভিক্ষা মাগিছিল।তথাপি তেওঁ মহীধৰৰ প্ৰতি থকা আকৰ্ষণক দমন কৰিব পৰা নাই।সৰু গোঁসানীয়ে নিজৰ মনৰ লগত সংঘৰ্ষ কৰাৰ দৰে মহীধৰৰো সৰু গোঁসানীৰ বাবে কিবা আকুলতা আছে বুলি অনুভৱ কৰিছিল।কিয়নো মহীধৰো ঢ়াজ বয়সতে সংসাৰ ভঙা মানুহ তেওঁ বিশ্বাস কৰিছিল যে মহীধৰ বাপু থাকে মানে কোনেও তেওঁৰ একো কৰিব নোৱাৰে।দুর্গাই সৰু গোসানীক সন্মান কৰিছিল আৰু বিশ্বাসো কৰিছিল।সৰু গোসানীয়ে সকলোকে সৎ আৰু প্ৰকৃত পথৰ পৰিচয় কৰাই দিছিল।দূর্গা, গিৰিবালা সকলোৰে প্ৰতি তেওঁৰ সমবেদনা আছিল।কাৰো প্ৰতি খাম -খেয়ালিৰ ভাব নাছিল।দূর্গাই নিজৰ টিনৰ বাকচটো থোৱাৰ সময়ত তেওঁ থেৰো গেৰোঁ কৰিছিল।মহীধৰ বাপুক সুধি মেলি তেওঁ সকলো কাম কৰিছিল।অত্যন্ত বিশ্বাস কৰিছিল তেওঁ মহীধৰ বাপুক।দূর্গাৰ পেৰাটোৰ পৰা মূল্যবান সামগ্ৰী চুৰি হোৱাত সকলোৱে মহীধৰ বাপুৰ কথা কৈছিল যদিও সৰু গোসানীয়ে মহীধৰ নিৰ্দোষিতাৰ প্ৰমান
৫৬.মামণি ৰয়ছম গোস্বামী, দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা, পৃ,৫৬
৫৭.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ,৪৯
কৰিছিল।সৰু গোসানীয়ে ধৰিব পৰা নাছিল যে মহীধৰ বাপুৱেই এই কাৰ্যৰ লগত জড়িত।ফলত মহীধৰ বাপুৰ বিশ্বাঘাতকৰ ছবি তেওঁ নিজেই শেষত বিশ্বাস কৰিব পৰা নাছিল।তেওঁক প্ৰতাৰণা কৰাৰ লগতে দুৰ্গাৰ সা-সামগ্ৰীবোৰো মহীধৰ বাপুৰ মোনাত পোৱা গৈছিল।যিটো মানুহক তেওঁ প্ৰাণতকৈ ভাল পাইছিল, যাৰ বাবে তেওঁ সকলো ত্যাগ কৰিবলৈ সাজু আছিল তেওঁৰ এনে কাৰ্যৰ ৰূপ দেখি তেওঁ মূৰ্ছিত হৈ পৰিছ।ধৰ্ম,ত্যাগ আৰু প্ৰেমৰ এনে কৰুণ পৰিণতিত গোঁসানীৰ মানসিক অৱস্থাৰ চিত্ৰণ লেখিকাই ব্যঞ্জনাত্মক ভাষাৰে দিছে এনেদৰে-------------
"সৰু গোঁসানীৰ গাৰ ছালখন কোনোবাই যেন বখলিয়াবলৈ ধৰিলে।"৫৮
সৰু গোসানী এগৰাকী মৰমীয়াল আৰু ন্যায়পৰায়ণ নাৰী আছিল।সেই সময়ত সত্ৰত পুৰুষবোৰে নাৰীবোৰক খেলাৰ সামগ্ৰী কৰি লৈছিল।আগদুৱাৰেদি যদি এজনী পাছ দুৱাৰেদি আকৌ এজনী আনিছিল।এবাৰ ভিখৰু গোসাঁইৰ মাউতৰ ঘৈণীয়েকে বুকুৰ গাখীৰ খাই থকা কেচুঁৱাটো লৈ গোসানীৰ ভৰিত উবুৰি খাই ন্যায়ৰ ভিক্ষা মাগিছিল।বেলেগ এজনী ধাৰীয়ে তাইৰ জীৱন ধ্বংস কৰিবলৈ আহিছিল।সৰু গোসানীয়ে বিধানমতে বাধা দি শিষ্যৰ কাণত এটা কঠোৰ বচন শুনাই দিছিল-------" ঘৰ ভাঙিব আহা তিৰীৰ বংশচ্ছেদ হওক।ঘৰ ভাঙিব আহা তিৰীৰ গতি নৰ হওক।"
গোসানীৰ বাবে গোসাঁইৰ কছাৰী মাউত উদ্ধাৰ হৈছিল।সৰু গোসানী আছিল সকলোৰে দুখত সমভাগী হোৱা এগৰাকী নাৰী।তেওঁৰ মনত মৃত স্বামীৰ প্ৰতি অত্যন্ত শ্ৰদ্ধা আৰু ভক্তি আছিল।তেওঁ মহীধৰৰ প্ৰতি আকৰ্ষিত হৈছিল ঠিকেই কিন্তু তেওঁ নিজৰ অস্তিত্বক বিসৰ্জন দিয়া নাছিল।তেওঁ এগৰাকী সাহসী আৰু চৰিত্ৰবান নাৰী আছিল।সৰু গোসানীৰ চৰিত্ৰটো বিশ্লেষণ কৰিলে দেখা যায় যে সৰু গোসানী এগৰাকী সাহসী,ধৈৰ্যশীল,পতি পৰায়ণ ,মৰমীয়াল,ন্যায়পৰায়ণা,সংযমী আৰু দৃঢ়মনা নাৰী।কিন্তু মহীধৰৰ প্ৰেমত পৰি তেঁও অযোগ্য জনক নিজৰ সংগী কৰি লৈছিল।মহীধৰ তেওঁৰ লগত থকা বাবে অনেকেই তেওঁক বহু কথা কৈছিল যদিও নিজৰ সততাত অলৰ অচৰ।কোনো পৰিস্থিতিৰ দ্বাসত্ব স্বীকাৰ কৰি নলৈছিল।সৰু গোসানী চৰিত্ৰটো মুঠৰ ওপৰত সাহস আৰু সততা নাৰীৰ প্ৰতীক।
৬.৩ পটভূমি
উপন্যাসখনৰ কাহিনীৰ পটভূমি হৈছে দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ।অবিভক্ত কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত আমৰঙা দামোদৰীয়া সত্ৰৰ বিভিন্ন ঘটনা-উপঘটনাক লৈ উপন্যাসখনৰ পটভূমি নিৰ্মাণ হৈছে।লগতে এখন ৰক্ষণশীল সমাজৰ পতন
৫৮.উল্লিখিত গ্ৰন্থ, পৃ,১৫৮
হোৱা,আদবয়সতে বিধৱা হ'বলগীয়া হোৱা সত্ৰৰ গোসাণীসকলৰ কৰুণগাঁথা, নি:সংগতা,পৰম্পৰাগত ৰীতি-নীতি,উচ্চ গোসাঁই পৰিয়ালৰ মৰ্যাদা,ভূমি সংস্কাৰ আৰু সাম্যবাদী আন্দোলনৰ ভাৱধাৰা আগমনে সামন্তবাদী সমাজলৈ অনা পৰিৱৰ্তন কাহিনী উপন্যাসখনত বৰ্ণিত হৈছে।
উপন্যাসখনৰ পটভূমি যিহেতু দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ সেয়েহে অসমৰ জীয়া মাটিৰ পৰশত উদ্দীপ্ত প্ৰাণময় শৈশৱ কালৰ প্ৰাণ প্ৰাচুৰ্যভৰা কাহিনী আৰু পৰিৱেশ সৃষ্টিৰ আত্মীয়তাৰ পৰশ হ'ল উপন্যাসখন।তেওঁ জীৱনৰ এছোৱা সময় দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰত অতিবাহিত কৰিছিল।আৰু যি অভিজ্ঞতা লাভ কৰিছিল তাৰ আধাৰতে উপন্যাসখনৰ কাহিনীৰ পটভূমি ৰচিত।উপন্যাসখনত তেওঁ গোসাঁই ব্ৰাহ্মণ নাৰীৰ যি দুৰ্গতিৰ চিত্ৰ দাঙি ধৰিছে সেয়া তেওঁ ব্যক্তিগত জীৱনত প্ৰত্যক্ষ কৰিছে।এনেদৰে বিচাৰ কৰিলে দেখা যায় যে ঔপন্যাসিকাই তেওঁৰ বাস্তৱ অভিজ্ঞতাৰ ভিতৰত উপন্যাসখনৰ পটভূমি আৰু পৰিস্থিতি অংকন কৰিছে।লেখিকাৰ শৈশৱ কালৰ মধুময় স্মৃতিৰ আধাৰত ৰচিত দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰত অৱনমিত হোৱা সামাজিক অৱস্থানৰ কৰুণ পৰিণতি এটাৰে উপন্যাসখনৰ সামৰণি মৰা হৈছে।উপন্যাসখনৰ মূল উপজীৱ্য হ'ল লেখিকাই ব্যক্তিগত ভাৱে লগ পোৱা কেইজনমান জীয়া মানুহৰ জীয়া প্ৰতিচ্ছবি।
৭.০ সপ্তম অধ্যায়

১৯৮৪ চনত দিল্লীত সংঘটিত নৃশংস আৰু ইন্দিৰা গান্ধীক হত্যালীলাৰ ভেটিত"তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা" এই উপন্যাসখন ৰচনা কৰা হৈছে। শিখ সন্ত্ৰাসবাদীয়ে ৰায়তৰ বাবে হিন্দুৰ ওপৰত প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা আক্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ প্ৰেৰণাত মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন লিখিছিল। তেওঁ মানুহে মানুহৰ প্ৰতি কৰা ভয়ংকৰ আচৰণ, হিংস্ৰতা, নাৰীক কৰা চূড়ান্ত অশালীন ব্যৱহাৰ আদিৰ জীৱন্ত চিত্ৰ প্ৰকাশ কৰিছে।লগতে লেখিকাৰ সৈতে সেনা বিষয়া ব্ৰিগেডিয়াৰ নাগিয়ালৰ ঘনিষ্ঠতাৰ কাহিনী।এই সমস্ত কাহিনীয়ে হাতত ধৰা-ধৰিকৈ যেন একেটা উদ্দেশ্যাভিমুখে আগবাঢ়িছে।
১৯৮৪ চনৰ আগে-পাছে শিখ সন্ত্ৰাসবাদীৰ দ্বাৰা উত্তপ্ত দিল্লী আৰু সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰাৰ ফলত সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৱলীৰ পটভূমিত গোস্বামীয়ে উপন্যাসখন ৰচনা কৰে। হিংসা, বিদ্বেষ আৰু বৰ্বৰতাৰ মাজতো সমান্তৰালকৈ প্ৰেম আৰু সহৃদয়তাৰে ভৰা মানৱীয়তা উপন্যাসখন মাজেৰে প্ৰৱাহিত হৈছে।নিজ চকুৰে দেখা ঘটনাক আধাৰ কৰি ৰচনা কৰা উপন্যাসখনত ঔপন্যাসিকা নিজেই প্ৰধান চৰিত্ৰ হিচাপে থাকি ঘটনাবোৰ বৰ্ণনা কৰিছে।উপন্যাসখনৰ বিষয়ে লেখিকাই কৈছে-----------
"মই মোৰ জীৱন কালত অৰ্থাৎ দিল্লীত থকাৰ সময়তে ১৯৮৪ চনত এক ভয়াবহ নৰসংহাৰদেখিছিলোঁ।ইন্দিৰা গান্ধীৰহত্যাৰ পাছত হোৱা এই নৰসংহাৰ সম্ভৱ স্বাধীনতাৰ পাছতহোৱাহত্যাকাণ্ডবোৰৰভিতৰতআটাইতকৈনৃশংসআছিল।.............ঘৰবাৰীআৰুমানুহ পোৰা ধোঁৱাই যে আকাশ এখনৰ ৰং এনেধৰণে তামৰঙীয়াকৰিবপাৰেএইকথামইজনানাছিলোঁ।জুঁয়েপোৰা ...............।....................দিল্লীৰ এই ভয়ানক অভিজ্ঞতাৰ ভেটি কৰি মই "তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা" লিখিছোঁ ।"৫৯
উপন্যাসখনৰ আৰম্ভণিতে উল্লেখ আছে দিল্লীৰ ৰৌশানাৰা বাগিচাত কোনো অজ্ঞাত ব্যক্তিয়ে হত্যা কৰি কোনো ব্যক্তিক ওলোমাই থৈ গৈছে।ইয়াৰ জৰিয়তে প্ৰথমতে দিল্লীৰ এক ভয়াবহ পৰিস্থিতিৰ উমান পাওঁ।সেই ৰৌশানাৰা বাগিচাৰ ওচৰেৰে বিল্ডিং এটাত উপন্যাসৰ নায়িকা (লেখিকা নিজেই) বাস কৰে।তেওঁক এখন থ্ৰী হুইলত সন্তোখ সিং আজনবী নামৰ এজন শিখ যুৱকে অনা-নিয়া কৰে।লাহে লাহে এই শিখ যুৱকজনৰ সৈতে লেখিকাৰ এক ঘনিষ্ঠতা গঢ় লৈ উঠে আৰু দিল্লীৰ ভিন্ন ঠাইত ভ্ৰমণৰ যোগেদি ভিন্ন ঠাই পৰিচিত হয়। দিল্লীৰ অলিয়ে-গলিয়ে সিঁচৰতি হৈ থকা বিট্ৰিছ চৰকাৰৰ বিৰুদ্ধে থিয় দিয়া বিদ্ৰোহীক দমন কৰাৰ নৃশংসতাৰ কাহিনী,১৯৪৬ ত দেশ বিভাজনৰ সময়ৰ অবৰ্ণনীয় কাহিনী।দিল্লী ৰাস্তা-ঘাটত" শ্লাম" অঞ্চলত নায়িকাই লগ পাইছে দেশ বিভাজনত পাকিস্তানৰ পৰা অহা অনেক
৫৯.মামণি ৰয়ছম গোস্বামীঃমামণি ৰয়ছম গোস্বামীৰ প্ৰিয় উপন্যাস,ভূমিকা
নিঃস্ব লোক।যিসকলে ৰাস্তাত নতুবা গোল চক্কৰ ঘাঁহনিত অৰ্ধনগ্ন অৱস্থাত শুই থাকে।ঔপন্যাসিকৰ ভাষাত------------------
"মাজৰাতি সাৰ পালে এই অৰ্ধনগ্ন আৰু একেবাৰে নাঙঠ ল'ৰা-ছোৱালীবোৰক যুদ্ধ ক্ষেত্ৰত পৰি থকা সৈনিকৰ শ-বোৰৰ দৰে লাগে।...........ৰাস্তাৰ নিষ্প্ৰভ লাইটৰ ছাঁ আৰু পোহৰত সিহঁতৰ নাঙঠ দেহবোৰৰ কোনো কোনো অংশ অন্ধকাৰত ডুব খাই থাকে যেনে খণ্ড খণ্ড কৰি কোনোবাই তৰোৱালেহে কাটি থৈ গৈছে। এই মানুহবোৰৰ শৰীৰবোৰ..........।"৬০
দিল্লীৰ পথত আৰু চহৰত চৌৰাস্তাত লেখিকাই/নায়িকাই দেখা পাইছে সেই পৈশাচিক দিনবোৰৰ বহু সাক্ষী আৰু বলি। এই সময়তে চৰম নিষ্ঠুৰতাৰ বলি হ'ব লগা হৈছে ইৰমাইল গাঁৱৰ এজন শিখ বৃদ্ধ।জীয়েক কুলদীপ কৌৰক কোনো গুণ্ডাবাহিনীয়ে ধৰ্ষণ কৰি তাইৰ স্তনদ্বয় কাটি পিপল গছ এজোপাত ওলোমাই থয়।জীয়েকৰ এনে ৰূপ দেখি একেবাৰে বৃদ্ধ মুক হৈ পৰে।দেশ বিভাজনৰ পাছত সৰ্বস্বান্ত হোৱা একালৰ ধনী ব্যৱসায়ী লাহোৰৰ অনাৰ্চ গ্ৰেজুৱেট আৰু বৰ্তমানৰ সকলোৰে গৰিহণা খোৱা মদাহীটো ইত্যাদি।ওচৰৰ শ্লাম গাঁৱত শিখ বৃদ্ধজন মাজৰাতি ঘূৰি-ফুৰিবলৈ ধৰিলে।এই বিষয়ে ঔপন্যাসিকাই বা নায়িকাই কৈছে------------
"মোৰ মুখেৰে বাহিৰ হ'ল ,ইস্ ইস্ ইস্ খানখানা চাহিবত ছোৱালীজনী বিচাৰি হাৰাশাস্তি হোৱা শিখ বাবাক ঘেঁহুৰ পথাৰত পৰি থকা কুলদীপ কৌৰৰ শটো চিনাক্ত কৰিবলৈ লৈ গ'ল।তাইৰ শৰীৰত এখনো কাপোৰ নাছিল।তাইৰ স্তনদ্বয় কাটি হত্যাকাৰী গুণ্ডাহঁতে পিপল গছ এজোপাত ওলোমাই থৈছিল।সেইদিন ধৰি বাবাই আৰু কথা কোৱা নাই।......বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰোঁতে এজন শিখ বৃদ্ধৰ মুখামুখি হৈছিলোঁ।চকুৰ ভ্ৰূ পকি বগা হৈ যোৱা কাৰণেই নে আন কিবা কাৰণেই ক'ব নোৱাৰো বৃদ্ধই ভালদে চকু মেলিবই নোখোজে।এটা গোল চক্কৰৰ পৰা আন এটা গোল চক্কৰ, এটা গলিৰ পৰা আন এটা গলিত ঘূৰিয়েই ফুৰে।মোৰ ইচ্ছা আছিল তেওঁৰ লগত দুটা কথা পাতোঁ,ক'ৰ মানুহ তেওঁ?এই ৰৌশানাৰ ৰ'ডলৈ কেতিয়া আহিল?কিয় তেওঁ ইমান অকলশৰীয়া?নাই কোনো দিনে তেওঁ মূৰ তুলি নেচায়।......................ভাঁহি আহে।" ৬১
চৰকাৰী দমন ,অত্যাচাৰ-অৱহেলাৰে স্বাভিমানী শিখসকলৰ এচামক হাতত অস্ত্ৰ তুলি লবলৈ বাধ্য কৰালে।দ'লে দ'লে উগ্ৰপন্থীৰ জন্ম হ'বলৈ ধৰিলে।ভাৰতীয় সেনাবাহিনী আৰু পুলিচ বাহিনী চাৰিওফালে গিজগিজাই থাকিবলৈ ধৰিলে।এনে সময়তে ১৯৮৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক শিখ উগ্ৰপন্থীৰ হেঁচাত তেওঁৰ দেহৰক্ষীয়ে হত্যা কৰে।ফলত হিন্দুসকলক শিখবিৰোধী কৰি প্ৰতিশোধ পৰায়ন কৰি তোলে।লগে লগে শিখ নিধন যজ্ঞ আৰম্ভ হ'ল আৰু শিখসকলৰ পবিত্ৰ অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, চিকিৎসালয় জ্বলাই দিয়ে।কাৰখানাৰ শৱগৃহত ঠাহখাই পৰিল পোৰা মৰা শ বোৰ ।হত্যা-সন্ত্ৰাসৰ তেজাল ধোঁৱা আচ্ছন্ন দিল্লী আতংকময় হৈ পৰিল।ঔপন্যাসিকাই কৈছে---------------
৬০.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ,৯৫
৬১.উল্লিখিত গ্ৰন্থ, পৃ, ১১২
" .....এইবোৰ বিৰলা মিলৰ আশে-পাশে থকা শ্লামৰ মানুহ আছিল।মোৰ চিনাকি আছিল।তামবৰণীয়া দিল্লীৰ আকাশ লাহে লাহে ক'লা হৈ আহিছিল।...........ইয়াৰ পাছত আৰম্ভ হোৱা হত্যালীলাৰ ঠিক বৰ্ণনা দিয়া নেযায়।চাৰি হেজাৰো অধিক মানুহক হত্যা কৰা হৈছিল।...........।ধ্বংস হৈ যোৱা গুৰুদ্বাৰৰ ভাঙি পৰা টুকুৰা অস্থিপুঞ্জৰ দৰে দ'ম খাই থকা জ্বলি যোৱা বাহনৰ অৱশেষ--চব চকুত পৰিছিল।মানুহৰ নিৰ্মমতা আৰু পাশৱিকতাৰ এক চাক্ষুস প্ৰমাণ মোৰ সন্মুখত পৰি আছিল।ক'ৰপৰা আহিছিল এই পশুৰ দ'ল? নাই নাই কোনো ক'ব পৰা নোৱাৰিছিল।............মাৰ! মাৰ! মাৰ! পলাবলৈ সময় ক'ত?ইন্দিৰা গান্ধীৰ শ'ৰ জুই তেতিয়াও জ্বলি আছিল।"৬২
চকুৰ আগতে মানুহে মানুহক নিঃশেষ কৰাৰ দৃশ্য দেখি নায়িকা(ঔপন্যাসিক নিজেই)নিৰ্বাক হৈ পৰিল।নায়িকাই এই পৰিস্থিতিৰ পূৰ্বে লগ পোৱা সন্তোখ সিং আৰু পুৰণা বাতৰি কাকত বিক্ৰী কৰা বলবীৰ সিংবহীৱালা নামৰ মানুহজনক বিচাৰি চলাথ কৰিলে। কিন্তু এদিন উদ্ধাৰ হ'ল সন্তোখৰ মৃতদেহ।চলবীৰ সিংৰ কোনো সম্ভেদ নাপালে।দিল্লীৰ এই ভয়ানক বৰ্ণনাই হ'ল উপন্যাসখনৰ মূল উপজীৱ্য।মূল বিষয়ৰ লগত ঔপন্যাসিকাই দিল্লীৰ অনেক কৌতূহলপূৰ্ণ এলেকাৰ অলিখিত ইতিহাস উদ্ধাৰ কৰি উপঘটনা হিচাপে উপন্যাসত স্থান দিছে।দিল্লীৰ নিষিদ্ধ ঠাই জি.বি.ৰোডৰ বেশ্যালয়ৰ কথা উপন্যাসত প্ৰতিফলিত কৰিছে।ঔপন্যাসিকাই নিজেই গৈ নিৰীক্ষণ কৰিছে।আৰু মজনু টিলালৈ গৈ লেখিকাই লেতেৰা মানুহৰলগতএকেলগেবহিতিব্বতীতিৰোতাইবেচা"সাঙ্গ"খাইছে।অ'টোচালক,ঠেলাৱালা,মেকানিক ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মাজত সোমাই তেওঁলোকৰ জীৱনৰ কাৰুণ্যতা ওচৰৰ পৰা নিৰীক্ষণ কৰি উপন্যাসত উপস্থাপন কৰিছে।এইক্ষেত্ৰত ঔপন্যাসিকাই কৈছে------------------
"মই মানুহক লৈ গৱেষণা কৰি ভালপাওঁ।মানুহৰ শৰীৰৰ তেজ,মানুহৰ দেহৰ ঘ্ৰাণ,মানুহৰ তীব্ৰ বাসনা ,যন্ত্ৰণা.......... চব চব ,মই মোৰ কলমৰ চিয়াঁহী কৰি ল'বলৈ ভালপাওঁ।"৬৩
বন্ধু ব্ৰিগেডিয়াৰ নাগিয়াল, চালক সন্তোখ সিং আজনবী ,বন্ধু কাইকউছ কাজোৰ সাতৰৱালাৰ লগত ঔপন্যাসিকাই দিল্লীৰ কাশ্মিৰী গেট,কুদেচীয়া বাগিচা, দৰিয়াগঞ্জ,উদ্দুবজাৰ দাৰিবা কালান,ফটেহপুৰী বল্লিমৰাণ মাটিয়া মহল আদি ভালেবোৰ ভাল-বেয়া ঠাইত লাভ কৰা বিচিত্ৰ অভিজ্ঞতা উপন্যাসত তুলি ধৰিছে।
হিংসা আৰু বৰ্বৰতাৰে ভৰা উপন্যাসৰ কাহিনীত বেছিভাগ ঠাই আগুৰি আছে যদিও মানৱীয় সহানুভূতিৰ প্ৰতিচ্ছবি ও প্ৰকাশ পাইছে।ভাড়াঘৰৰ মালিক মদন ভাই চাহাবে জখমী শিখকেইজনক নিজৰ ঘৰত আশ্ৰয় দিয়াৰ উপৰি চিকিৎসালয়লৈ নি জীৱন ৰক্ষা কৰা,কাইকউছ আৰু ঔপন্যাসিকাই মজিয়াত পৰি ৰোৱা শিখসকলৰ কলিজাৰ পৰা নিগৰা তেজ হাতেৰে পৰিস্কাৰ কৰা ,ব্ৰিগেডিয়াৰ নাগিয়ালৰ অসৎ অভিসন্ধিৰ কথা গমপোৱাৰ
৬২.উল্লিখিত গ্ৰন্থ, পৃ,১২০
৬৩.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ,১৪৮
পাছত সম্পৰ্ক ছেদ কৰা এনে কাহিনীয়ে উপন্যাসখনক সুখপাঠ্য কৰি তুলিছে।
মুঠতে হত্যাকাণ্ডৰ অমানৱীয় দৃশ্য, লুণ্ঠন,তেজেৰে ৰক্তাক্ত মৃতদেহ আদিৰ বৰ্ণনাত ঔপন্যাসিকাই সাহসিকতাৰ পৰিচয় দিছে আৰু বহু অভিজ্ঞতাসমৃদ্ধ জীৱনৰ বৰ্ণনাই উপন্যাসখনক বৈচিত্ৰ্যময় আৰু আকৰ্ষণীয় কৰি তুলিছে।উপন্যাসখনত ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালে দিল্লী মহানগৰীত বাস কৰা ভাৰতীয় মনৰ তিনিটা স্তৰ উদ্ভাসিত হৈছে।প্ৰথম স্তৰত কঠিন মূল্যবোধ,ব্ৰিগেডিয়াৰৰ সামাজিক শৃংখলা আৰু অন্তৰত লুকাই থকা অসৎ অভিসন্ধি,হুলস্থুলীয়া বস্তিৰ চাকৰি প্ৰাৰ্থীৰ ভিৰ ,অশ্লীল কথা-বাৰ্তা আৰু আচৰণৰ বেশ্যাসকলৰ দিল্লী মহানগৰীৰৰ ৰূপ।দ্বিতীয়তে দেশবিভাজনৰ নিষ্ঠুৰতা ,বীভৎস মানসিকতাই ধ্বংস কৰা জীৱনৰ অৱশিষ্ট আৰু তৃতীয়তে ঐতিহাসিক চিপাহী বিদ্ৰোহৰ সাম্ৰাজ্যবাদী লুণ্ঠনৰ ছবি প্ৰকাশ পাইছে।
৭.২ চৰিত্ৰ
মামণি ৰয়ছম গোস্বামীয়ে "তেজ আৰু ধূলিৰে ধূষৰিত" পৃষ্ঠা উপন্যাসখনৰ কাহিনী আগবঢ়াই লৈ যোৱা চৰিত্ৰবোৰৰ বিষয়ে কৈছে-------
"তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা" ৰ নায়ক-নায়িকা সকলক মই মোৰ জীৱনত লগ পাইছিলোঁ।এই তেজ মাংসৰ মানুহবোৰৰ শৰীৰত সামান্যহে ৰহন সনা হৈছে।"৬৪
৭.২.১ নাৰী চৰিত্ৰঃ
ক) তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠাৰ নামবিহীন নায়িকা
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসবোৰৰ ভিতৰত এখন অন্যতম উপন্যাস"তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা"।১৯৮৪ চনৰ আগে-পাছে শিখ সন্ত্ৰাসবাদীৰ দ্বাৰা উত্তপ্ত দিল্লী আৰু সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰাৰ ফলত সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৱলীৰ পটভূমিত গোস্বামীয়ে উপন্যাসখন ৰচনা কৰে। হিংসা, বিদ্বেষ আৰু বৰ্বৰতাৰ মাজতো সমান্তৰালকৈ প্ৰেম আৰু সহৃদয়তাৰে ভৰা মানৱীয়তা উপন্যাসখন মাজেৰে প্ৰৱাহিত হৈছে।নিজ চকুৰে দেখা ঘটনাক আধাৰ কৰি ৰচনা কৰা উপন্যাসখনত ঔপন্যাসিকা নিজেই প্ৰধান চৰিত্ৰ হিচাপে থাকি ঘটনাবোৰ বৰ্ণনা কৰিছে।গোস্বামীয়ে দিল্লীত বাস কৰা সময়ছোৱাত যি দেখিছে,যি অভিজ্ঞতা লৈছে তাকেই উপন্যাসখনত উপস্থাপন কৰিছে।উপন্যাসখনৰ কাহিনী আগবঢ়াই নিয়াত নায়িকা চৰিত্ৰ(ঔপন্যাসিক নিজেই) ই মুখ্য ভূমিকা পালন কৰিছে।
গোস্বামীয়ে ৰচনা কৰা উপন্যাসখনৰ নামবিহীন নায়িকা গৰাকী হৈছে লেখিকা নিজেই।তেওঁ দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত ১৯৮৪ চনত শিখ নিধনৰ যি পৰিস্থিতি নিজ চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰিছিল তাকে উপন্যাসখনত তুলি ধৰিছে।লেখিকা স্বৰূপ নায়িকা গৰাকী সদায়ে সন্তোষ সিংৰ থ্ৰী-হুইলাৰ এখনত বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰে।এই সন্তোষ সিং নায়িকাৰ প্ৰেমত পৰি একপ্ৰকাৰৰ পাগল দৰে হৈ পৰিছিল।এই কথাৰ
৬৪.মামণি ৰয়ছম গোস্বামী,তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা,লেখিকাৰ কথা
নায়িকাই উমান সন্তোষৰ পৰা নিলগত অৱস্থান কৰিছিল।এদিন নায়িকাই সন্তোষ সিংক নিজৰ "ভাই" বনাই লোৱাত তাৰ আশাত চেঁচা পানী পৰিছিল।এই সন্তোষেই নায়িকাক দিল্লীৰ ভিন্ন ঠাইলৈ লৈ গৈ উপন্যাসৰ সমল যোগোৱাত সহায় কৰিছিল।সেই সন্তোষ সিং এদিন নাইকিয়া হোৱাত তেওঁৰ চকুৱে সন্তোষক বিচাৰি ফুৰিছিল।সেই সন্তোষক দিল্লীৰ অলিয়ে-গলিয়ে বিচাৰি ফুৰিছিল।
এই দিল্লীতে তেওঁ লগপাইছিল বলবীৰ সিং ৰদিৱালাক।নায়িকা আছিল অত্যন্ত অধ্যৱসায়ী নাৰী।বলবীৰে তেওঁক পুৰণা কিতাপ পত্ৰ যোগান ধৰিছিল।তেওঁ উপন্যাসৰ সমল গোটাবলৈ বহু কষ্ট কৰিছিল।উপন্যাসৰ সমল গোটাবলৈ কিছুমান নিষিদ্ধ এলেকালৈ সোমাই গৈছিল যে সাধাৰণ মানুহে সেইবাৰ কল্পনাই কৰিব পৰা নাছিল।উপন্যাসত বেশ্যাবিলাকৰ দুখ-কষ্ট বিৱৰণ দিবৰ বাবে জি.বি.ৰডলৈকে বিনা দ্বিধাৰে গৈছিল।
নায়িকাৰ সৌন্দৰ্যত বহু পুৰুষে আকৰ্ষণ অনুভৱ কৰিছিল।তাৰ ভিতৰত ব্ৰিগেডিয়াৰ নাগিয়ালো অন্যতম।প্ৰথম অৱস্থাত বন্ধুত্বৰ হাত আগবঢ়াই নাগিয়ালে নায়িকা তথা লেখিকাৰ শৰীৰ দখল কৰিব বিচাৰিছিল।নায়িকাই প্ৰথম অৱস্থাত জ্ঞাত নাছিল।শ্লামৰ ল'ৰাবোৰক ফৌজত চাকৰি দিবলৈ নাগিয়ালক খাটনি কৰিছিল।শিখনিধনৰ সময়ত নায়িকা বহু পৰিমাণে ভাগি পৰিছিল।তেওঁৰ অতি প্ৰিয় বন্ধু বলবীৰ সিং আৰু ভাতৃ সন্তোষ সিং ৰ মৃত্যুক লৈ উদ্বিগ্ন হৈ পৰিছিল। আৰু মানসিক ভাৱে বহু আঘাত পাইছিল।তেওঁৰ সংগী কাইকাউছে দিয়া অনেক বাধা নেওচি বলবীৰ সিংক চাবলৈ সেই নিষিদ্ধ এলেকালৈ অকলেই গুঁচি গৈছিল।এদিন নায়িকাই ব্ৰিগেডিয়াৰৰ অসৎ মানসিকতাৰ কথা গম পায় বন্ধুত্ব সম্পৰ্ক ছেদ কৰিছিল।
নায়িকাৰ চৰিত্ৰটো বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ অত্যন্ত অধ্যাৱসায়ী, সহানুভূতিশীল,জেদী,সাহসী আৰু স্পষ্টবাদী নাৰী।উপন্যাসৰ কাৰ্যৰ বাবে তেওঁ দেহে কেহে খাটিছিল।আনহাতে তেওঁ আছিল দুখীজনৰ প্ৰতি অত্যন্ত সহানুভূতিশীল।সেয়েহে শ্লামবস্তিত বাস কৰা ল'ৰাসকলৰ নামবোৰ তেওঁ নিজৰ টোকাবহীত লিখি ৰাখিছিল যাতে তেওঁ এই ধামবোৰ নাগিয়ালক দিব পাৰে।তেওঁৰ চৰিত্ৰৰ আন এক দিশ হ'ল জেদী স্বভাৱ
৭.২.২ পুৰুষ চৰিত্ৰঃ
ক) সন্তোখ সিং আজনবীঃ
দিল্লী বিশ্ববিদ্যালয়ত নামবিহীন নায়িকা তথা ঔপন্যাসিকাই অধ্যাপনা কৰিবলৈ যাওঁতে সদায় থ্ৰি হুইলাৰ এখনত কৰ্মস্থলীলৈ অহা-যোৱা কৰিছিল।চালক আছিল সন্তোখ সিং আজনবী।লাহে লাহে এই শিখ যুৱকজন শিক্ষয়িত্ৰীৰ অতি বেছি অন্তৰংগ হৈ পৰে আৰু দিল্লীৰ বিভিন্ন ঠাইৰ সতে সন্তোখ সিংৰ পৰা নায়িকা তথা ঔপন্যাসিকাই পৰিচিত হোৱাৰ সুযোগ লাভ কৰে।এনেদৰে অভিজ্ঞতা বুটলি ফুৰোঁতে শিক্ষয়িত্ৰী সন্তোখ সিংৰ প্ৰতি আগ্ৰহী হৈ পৰে।এদিন এইজন যুৱকক নায়িকাই মদ খাই অহাৰ বাবে ঘৰৰ পৰা বাহিৰ কৰি দিছিল।ইতিমধ্যে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ ঘটনাই হিন্দু সকলক শিখবিৰোধী কৰি প্ৰতিশোধ পৰায়ণ কৰি তোলে।সাম্প্ৰদায়িক সংৰ্ঘষৰ ফলত শিখ সকলৰ দোকান-পোহাৰ পুৰি পেলোৱা হয়।তাৰ পৰিণতিৰ স্বৰূপে এদিন সন্তোখ সিং আজনবীয়ে মৃত্যুক সাৱটি লব লগা হয়।
খ)ব্ৰিগেডিয়াৰ নাগিয়ালঃ
উপন্যাসখনত নায়িকা চৰিত্ৰৰ পাছতে বেছিকৈ গুৰুত্ব পোৱা চৰিত্ৰবোৰৰ ভিতৰত ব্ৰিগেডিয়াৰ নাগিয়াল চৰিত্ৰটো অন্যতম।গোস্বামীয়ে কলিকতাৰ বিমান বন্দৰৰ লাউঞ্জত প্ৰথম লগ পাইছিল সত্তৰ দশকৰ শেষ ভাগত ব্ৰিগেডিয়াৰক লগ পাইছিল।গোস্বামীয়ে ব্ৰিগেডিয়াৰ নাগিয়াল চৰিত্ৰটো উপন্যাসত হুবহু ৰূপত উপস্থাপন কৰিছে।এই ব্ৰিগেডিয়াৰ হ'ল এজন সেনা বিষয়া।প্ৰথমৱাস্হাত নাগিয়াল গোস্বামীৰ বন্ধুত্বৰ সম্পৰ্কীয় আছিল।কিন্তু পাছলৈ সকলো অৱসান ঘটে।ঔপন্যাসিকাই এই চৰিত্ৰটোক সম্পৰ্কে কৈছে-------
"ব্ৰিগেডিয়াৰ নাগিয়ালৰ বিষয়ে বহু কথা মই যেতিয়া তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা নামৰ উপন্যাসখনত লিখিছিলো, পাছত এদিন তেওঁ আহি মোক প্ৰশ্ন কৰিছিল--তুমি হেনো তোমাৰ উপন্যাসখনত মোক চৰিত্ৰ হিচাপে সজাইচা, হুবহু মোৰ নাম তুলি দিছা ?"৬৫
ইয়াৰ পৰাই ক'ব পাৰি গোস্বামীৰ উপন্যাসখনত কাহিনী আগবঢ়াই নিয়াত সহায় কৰা ব্ৰিগেডিয়াৰ চৰিত্ৰটো গোস্বামীয়ে বাস্তৱ জীৱনত লগ পোৱা সেনা বিষয়াজন।পুৰুষ সুলভ সৈনিকজনৰ ব্যক্তিত্বই শিক্ষয়িত্ৰীক আকৰ্ষিত কৰিছিল।সেয়েহে না না স্থানত নাগিয়ালৰ সৈতে তেওঁ ঘূৰিও ফুৰিছিল।কিন্তু শিক্ষয়িত্ৰীয়ে নাগিয়ালৰ মুখা পিন্ধি থকা ব্যক্তিজনৰ অন্তৰালত থকা অসৎ উদ্দেশ্যৰ কথা গম পোৱা নাছিল।পাছলৈ নাগিয়ালৰ পৰা অশ্লীল কথা-বাৰ্তা,ইংগিত আদিয়ে সকলো গোস্বামীক বুজাই দিছিল আৰু ,কলো গম পোৱাৰ পাছতে তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰে আৰু তেওঁৰ পৰা চিৰদিনৰ বাবে আতৰি আহে।উপন্যাসখনত কৈছে---------
"ব্ৰিগেডিয়াৰে হাতখন থাপ মাৰি ধৰি ক'লে ,তুমি আজি ভিতৰত সোমাবই লাগিব........
ঃ কিয় ?
ঃ ইমান দিন পাৰ হ'ল আমাৰ মাজত একো সম্বন্ধ গঢ়ি উঠা নাই নে ?
ঃ কি সম্বন্ধ ?
তেওঁ কিছু থতমত খালে।..................।"৬৬
গ) বলবীৰ সিংঃ
সন্তোখ সিংৰ দৰে শিক্ষয়িত্ৰী(ঔপন্যাসিকা নিজেই) গোস্বামীয়ে দিল্লী চহৰত থকাৰ সময়ত কাবাৰীৱালা বলবীৰ সিংক লগ পায়। মানুহৰ ঘৰে ঘৰে গৈ পুৰণা কাগজ-পত্ৰ বিচাৰি ফুৰে বলবীৰ সিঙে।শিক্ষয়িত্ৰী ঘৰলৈ প্ৰায় আহে তেওঁ।শিক্ষয়িত্ৰী গৰাকীয়ে এই বলবীৰৰ পৰা দিল্লীৰ অজস্ৰ কাহিনী জানিবলৈ পাইছিল।চাঁদিনী চৌক,ভৰ্দু বজাৰ,কাবাদী
৬৫.উল্লিখিত গ্ৰন্থ, প্ৰসংগ কথা
৬৬.উল্লিখিত গ্ৰন্থ, পৃ,১৬৯
বজাৰ ,সংঘৰ্ষজৰ্জৰিত পৰিস্থিতিৰ অনেক খবৰ শিক্ষয়িত্ৰীক দিছিল।কিতাপৰ প্ৰতি ৰুচি থকা শিক্ষয়িত্ৰীক বলবীৰে মুছলমানৰ ইতিহাসত সবাটোকৈ প্ৰসিদ্ধ গ্ৰন্থ আবু আল ফছল আলমীৰ "আইনী ই আকবৰী" ৰ লকমেনে কৰা ইংৰাজী অনুবাদৰ প্ৰথম সংস্কৰণ ৰদ্দীৰ মাজৰ পৰা নিৰ্বাচন কৰি উপহাৰ দিছিল।এদিন এই বলবীৰো গোস্বামীৰ মাজৰ পৰা আতৰি গৈছিল।
৭.৩ পটভূমি
উপন্যাসখনৰ পটভূমি হ'ল দিল্লী।আশীদশকত সন্ত ভিনদ্ৰেনৱালাৰ নেতৃত্বত বহুতো শিখলোক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত কৰা হিংসাত্মক বিদ্ৰোহ, সেই বিদ্ৰোহ দমনত নিয়োজিত হোৱা ভাৰতীয় সৈন্য বাহিনীৰ অপাৰেচন ব্লুষ্টাৰ,শিখ আৰু হিন্দুৰ সাম্প্ৰদায়িক সংঘৰ্ষ,প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা আৰু ফলত শিখ সকলৰ ওপৰত চলা হিন্দুৰ প্ৰতিশোধ, আইন শৃংখলাৰ অৱনতি আদি বৰ্ণনাই হৈছে উপন্যাসখনৰ তাৎপৰ্যপূৰ্ণ বিষয়।
উপন্যাসখনৰ কাহিনীৰ পটভূমি আগুৱাই নিয়া মূল নায়িকা গৰাকীৰ নাম উপন্যাসখনত উল্লেখ নাই।কিন্তু কাহিনীটো প্ৰথম পুৰুষত বৰ্ণনাৰ পৰাই অনুমান কৰিব পাৰি উপন্যাসখনৰ নায়িকা ঔপন্যাসিকা নিজেই।দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত শিখ নিধন কাৰ্যসূচী আৰু তাৰ ফলশ্ৰুতি নিজ চকুৰে প্ৰত্যক্ষ কৰিছে আৰু তাৰেই পটভূমিত উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰিছে।১৯৮৪ চনৰ আগে-পাছে শিখ সন্ত্ৰাসবাদীৰ দ্বাৰা উত্তপ্ত দিল্লী আৰু সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰাৰ ফলত সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৱলীৰ পটভূমিত গোস্বামীয়ে উপন্যাসখন ৰচনা কৰে। হিংসা, বিদ্বেষ আৰু বৰ্বৰতাৰ মাজতো সমান্তৰালকৈ প্ৰেম আৰু সহৃদয়তাৰে ভৰা মানৱীয়তা উপন্যাসখন মাজেৰে প্ৰৱাহিত হৈছে।নিজ চকুৰে দেখা ঘটনাক আধাৰ কৰি ৰচনা কৰা উপন্যাসখনত ঔপন্যাসিকা নিজেই প্ৰধান চৰিত্ৰ হিচাপে থাকি ঘটনাবোৰ বৰ্ণনা কৰিছে।
১৯৮৪ চনৰ দিল্লীত সংঘটিত নৃশংস আৰু ইন্দিৰা গান্ধীক হত্যালীলাৰ ভেটিত"তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা" এই উপন্যাসখন ৰচনা কৰা হৈছে। শিখ সন্ত্ৰাসবাদীয়ে ৰায়তৰ বাবে হিন্দুৰ ওপৰত প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা আক্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ প্ৰেৰণাত মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন লিখিছিল। তেওঁ মানুহে মানুহৰ প্ৰতি কৰা ভয়ংকৰ আচৰণ, হিংস্ৰতা, নাৰীক কৰা চূড়ান্ত অশালীন ব্যৱহাৰ আদিৰ জীৱন্ত চিত্ৰ প্ৰকাশ কৰিছে।এইফালৰ পৰাই ক'ব পাৰি উপন্যাসখনৰ পটভূমিত আত্মজীৱনীমূলক উপাদানৰ সমাহাৰৰ কথা।এই কলা অধ্যায়ৰ বিষয়ে গোস্বামী উপন্যাসখনৰ আৰম্ভণিতে কৈছে--------
"দিল্লীৰ কিছুমান ভয়াৱহ দিনৰ মই সাক্ষী আছিলোঁ।ভয়াৱহ ঘটনা কিছুমানে মোৰ এই দুই চকুৰ আগত ঘটিছিল।"৬৭
তদুপৰি ঔপন্যাসিকাই প্ৰসংগৰ কথাত উল্লেখ কৰিছে--------" দিল্লীৰ সেই ভয়ানক ৰায়তৰ ছবি মই নগ্ন চকুৰে দেখা পাইছিলোঁ।বেলকণিত থিয় হৈ মই জ্বলাই দিয়া শিখ সকলৰ দোকানৰ জুই দেখা পাইছিলোঁ।দিল্লীৰ আকাশ তাম বৰণীয়া হৈ পৰিছিল।বিভিন্ন বস্তুৰ পোৰা
৬৭.মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ, পৃ,৮৯
ক'লা ছাই বলিত দিয়া পাখিৰ দৰে আকাশত উৰি ফুৰিছিল।পোৰা বস্তুৰ এক অদ্ভুত গোন্ধ চাৰিওফালে বিয়পি পৰিছিল।এইবোৰ কথা মই 'তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা' ত সাম্যকভাৱে দিয়াৰ চেষ্টা কৰিছোঁ।"৬৮
এনেদিশৰ উল্লেখৰ পৰা ক'ব পাৰি উপন্যাসখনত পটভূমিৰ আত্মজীৱনীমূলক উপাদানৰ কথা।আত্মজীৱনী এখনত জীৱনীকাৰে যিদৰে জীৱনৰ বাটত কি কি অভিজ্ঞতা হ'ল,কি কি দেখিলে তাক ধাৰাবাহিকভাৱে বৰ্ণনা কৰে ঠিক সেইদৰে গোস্বামীৰ এই উপন্যাসখনৰ পটভূমিতো তেনে এক দিশৰ সম্ভেদ পোৱা যায়।
৬৮.উল্লিখিত গ্ৰন্থ, প্ৰসংগ কথা
৮.০ অষ্টম অধ্যায়
উপসংহাৰ
৮.১ সামগ্ৰিক সিদ্ধান্ত
৮.২ ভৱিষ্যত অধ্যয়নৰ সম্ভাৱনীয়তা
৮.০ অষ্টম অধ্যায়
উপসংহাৰ
৮.১ সামগ্ৰিক সিদ্ধান্ত
মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাসবোৰৰ পটভূমি,প্ৰতিটো কাহিনী,আৰু চৰিত্ৰ জীৱনৰ লগত জড়িত।এখন আত্মজীৱনীত যিদৰে জীৱনীকাৰে তেওঁৰ অভিজ্ঞতাবোৰ কোনো লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰে তেনেদৰে গোস্বামীৰ নিৰ্বাচিত উপন্যাস কেইখনতো গোস্বামীৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ সমল কিছুমান দিশৰ বিষয়ে আলোচনা কৰা হৈছে। "মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত আত্মজীৱনীমূলক উপাদান"---শীৰ্ষক আলোচনা প্ৰকল্প প্ৰতিবেদনখনিত বিভিন্ন আত্মজীৱনীমূলক উপাদান বিচাৰ কৰাৰ অন্তত কিছুমান সিদ্ধান্তত উপনীত হ'ব পাৰি।তলত ইবোৰ উল্লেখ কৰা হ'ল-------
ক)সামগ্ৰিকভাৱে গোস্বামীৰ উপন্যাসকেইখনৰ কাহিনী পৰ্যালোচনাৰ মাজেৰে বিৰিঙি উঠিছে জীৱনৰ ক্ষন্তেকীয়া আনন্দ, হৰ্ষ-বিষাদ,নিৰ্যাতন আৰু যন্ত্ৰণাৰ ছবি।
খ)'চেনাবৰ সোঁত' আৰু 'মামৰে ধৰা তৰোৱাল' উপন্যাসৰ কাহিনীত নিৰ্যাতিত শোষিত শ্ৰেণীৰ যে কোনো অনুকম্পা নাই সেই কথা কাহিনীৰ প্ৰতিটো দিশটে বিৰাজমান।সেয়েহে উপন্যাস দুখনক শ্ৰমিক ভিত্তিক উপন্যাস বুলিব পাৰি।
গ) 'দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা' আৰু 'নীলকণ্ঠী ব্ৰজ' উপন্যাসত উচ্চ হিন্দু নাৰী বিশেষকৈ বিধৱা জীৱনৰ কাৰুণ্যতা আৰু জীৱনৰ নিৰাপত্তাহীনতা দিশ প্ৰকট হৈ পৰিছে।
ঘ) 'তেজ আৰু ধূলিৰে ধূষৰিত পৃষ্ঠা' উপন্যাসত হত্যা আৰু ধ্বংসলীলা কাহিনীৰ লগতে হিন্দু আৰু শিখৰ প্ৰেমৰ বান্ধোনৰ ছবিখনে মানুহৰ মাজৰ পৰা যে প্ৰেম,মানৱীয়তা হেৰাই যোৱা নাই তাৰ বাৰ্তা আছে।
ঙ) উপন্যাসবোৰত বিষয়বস্তুৰ পাৰ্থক্য, বিষয়বস্তুৰ বৈশিষ্ট্যৰ ভিন্নতা আৰু প্ৰকাশভংগীৰ ওপৰত নিৰ্ভৰ কৰি উপন্যাস কেইখনক শ্ৰেণীবিভাজন কৰিব পাৰি।
চ)" আধালেখা দস্তাবেজ" ত উল্লেখ কৰা অভিজ্ঞতাপূৰ্ণ সমসাময়িক ঘটনা পৰিঘটনাবোৰক কলাত্মক ৰূপেৰে উপন্যাসত চিত্ৰিত কৰিছে।
৮.২ ভৱিষ্যত অধ্যয়নৰ সম্ভাৱনীয়তা
"মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত আত্মজীৱনীমূলক উপাদানৰ"-------- বিষয়টিৰ সম্পৰ্কত বৰ্তমানলৈকে কোনোধৰণৰ অধ্যয়ন হোৱা দেখিবলৈ পোৱা নাযায়।গোস্বামীৰ প্ৰতিখন উপন্যাসতেই আত্মজীৱনীমূলক উপাদান সমাহাৰিত।গোস্বামীয়ে ৰচনা কৰা উপন্যাসবোৰত তেওঁ নিজেই প্ৰত্যক্ষ কৰা বাস্তৱ অভিজ্ঞতা আৰু বাস্তৱিক জীৱনত লগ পোৱা তেজ-মাংসৰ মানুহবোৰৰ কিছুমান চাৰিত্ৰিক দিশক লৈ কাহিনী ৰচনা কৰিছে।বিশেষকৈ গোস্বামীৰ উপন্যাসৰ বিশ্লেষণাত্মক আলোচনাহে হোৱা দেখা গৈছে।কিন্তু গোস্বামীৰ উপন্যাসত থকা আত্মজীৱনীমূলক উপাদান কাহিনী, চৰিত্ৰ আৰু পটভূমি আদি দিশবোৰৰ বিষয়ে কোনো ধৰণৰ আলোচনা হোৱা নাই।সেয়েহে ক'ব পাৰি এই বিষয়ে ভৱিষ্যত অধ্যয়নৰ এক সম্ভাৱনীয়তা আছে।
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত আত্মজীৱনীমূলক উপাদান চৰিত্ৰৰ ক্ষেত্ৰত চালে দেখা যায় মুখ্য চৰিবোৰেহে আলোচনাত স্থান পাই।কিন্তু গৌণ চৰিত্ৰবিলাকৰ ভূমিকাও নুই কৰিব নোৱাৰি।গোস্বামীৰ জীৱনত গৌণ চৰিত্ৰবিলাকৰো প্ৰভাৱ স্পষ্ট।আৰু সেয়েহে গোস্বামীৰ উপন্যাসত থকা গৌণ চৰিত্ৰবোৰৰ সম্পৰ্কেও ভৱিষ্যত অধ্যয়নৰ এক সম্ভাৱনীয়তা আছে।
গ্ৰন্থপঞ্জী
মুখ্য সমলঃ
গোস্বামী, মামণি ৰয়ছম ঃ চেনাবৰ সোঁত
লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী
প্ৰথম প্ৰকাশ, জানুৱাৰী,১৯৭২চন
গোস্বামী, মামণি ৰয়ছম ঃনীলকণ্ঠী ব্ৰজ
লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী
প্ৰথম প্ৰকাশ,ফেব্ৰুৱাৰী,১৯৭৬ চন
গোস্বামী, মামণি ৰয়ছম ঃ দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা,
বাণী প্ৰকাশ, জুলাই,১৯৮৮ চন
গোস্বামী, মামণি ৰয়ছম ঃ মামৰে ধৰা তৰোৱাল,
গোস্বামী, মামণি ৰয়ছম ঃআধালেখা দস্তাবেজ
ষ্টুডেণ্টচ ষ্ট'ৰছ,কলেজ হোষ্টেলৰ'ড
গুৱাহাটী,অষ্টমসংস্কৰণ,
ফেব্ৰুৱাৰী,২০১১
ভৰালী, হেমন্ত কুমাৰ(সম্পা) ঃমামণি ৰয়ছম গোস্বামীৰ উপন্যাস
সমগ্ৰ(দ্বিতীয়খণ্ড),
বনলতা,পাণবজাৰ,গুৱাহাটী
প্ৰথম প্ৰকাশ,২০১১
গৌণ সমলঃ
কিৰণ,স্বাতী ঃসাহিত্য সংস্কৃতি জিজ্ঞাসা
কৌস্তৱ প্ৰকাশন,ডিব্ৰুগড়-৩,
প্ৰথম প্ৰকাশ, জুলাই,২০১১
গগৈ,তৰালি ঃ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি আৰু মামণি ৰয়ছম গোস্বামী
ফৰকাটিং মহাবিদ্যালয়, গোলাঘাট
প্ৰথম সংস্কৰণ ,আগষ্ট,২০১৬
গগৈ,হৃদয়ানন্দ ঃ আধুনিকৰ সন্ধানত মামণি ৰয়ছম গোস্বামী
জ্যোতি প্ৰকাশন,গুৱাহাটী-১ ,
দ্বিতীয় সংস্কৰণ,২০০৫
গোস্বামী, মামণি ৰয়ছম ঃ ঈশ্বৰী জখনী যাত্ৰী আৰু অন্যান্য
জ্যোতি প্ৰকাশন,পাণবজাৰ ,গুৱাহাটী,
প্ৰথম প্ৰকাশ, জানুৱাৰী,১৯৯১
গোহাঁই, ৰাণী(সম্পা.) ঃহৃদয়ৰ তপস্বিনী-মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিত্ব আৰু সাহিত্য,
জ্যোতি প্ৰকাশন,পাণবজাৰ, গুৱাহাটী,
দ্বিতীয় সংস্কৰণ,ফেব্ৰুৱাৰী,২০০৮
ঠাকুৰ, নগেন(সম্পা.) ঃ এশ বছৰৰ অসমীয়া উপন্যাস
বনলতা,নতুন বজাৰ ,ডিব্ৰুগড়-১ ,
সপ্তম প্ৰকাশ, জুলাই, ২০১৫ চন বৰগোহাঁই,মামণি গগৈ ঃ অসমীয়া উপন্যাসঃ নাৰী ৰচনাত নাৰী,
প্ৰভা প্ৰকাশনী,জয়সাগৰ,
প্ৰথম প্ৰকাশ জুলাই,২০০১
ভৰালী,হেমন্ত কুমাৰ ঃ মামণি ৰয়ছম গোস্বামী ৰচনা সমগ্ৰ ,
বনলতা পাণবজাৰ ,গুৱাহাটী-১
প্ৰথম প্ৰকাশ,,জুলাই, ২০১১
হুছেইন, নিকুমণি (সম্পা.) ঃ মামণি ৰয়ছম গোস্বামীৰ আভা আৰু প্ৰতিভা চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১
দ্বিতীয় প্ৰকাশ,২০১১
গৱেষণা গ্ৰন্থঃ(অপ্ৰকাশিত)
কোঁৱৰ, জুলি ঃ মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত সামাজিক অৱক্ষয়ৰ ছবি
অসমীয়া বিভাগ ,ডিব্ৰুগড় বিশ্ববিদ্যালয়
খনিকৰ,বসন্ত ঃস্বৰাজোত্তৰ অসমীয়া উপন্যাসত সামাজিক স্থিতিৰ প্ৰতিফলন,
অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
ঠাকুৰীয়া,শৈলেন্দ্ৰ নাৰায়ণ ঃ মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ নাৰী চৰিত্ৰ
অসমীয়া বিভাগ ,গুৱাহাটী বিশ্ববিদ্যালয়
দেৱী,ৰূপাঞ্জলি ঃ অসমীয়া সাহিত্যত উপন্যাসধৰ্মী আত্মজীৱনী
অসমীয়া বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয়
ভট্টাচাৰ্য, জ্যোতিময়ী ঃ আত্মজীৱনী সাহিত্যত সামাজিক চেতনা,
অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
শৰ্মা,ৰীতা ঃ মামণি ৰয়ছম গোস্বামী আৰু মহাশ্বেতা দেৱীৰ উপন্যাসৰ এটি তুলনামূলক অধ্যয়ন

Very nice information... Thank you for this informationBest Education Site
ReplyDelete