জ্যোতিপ্ৰসাদ আগৰৱালাৰ "শোণিত কুঁৱৰী" নাটকৰ সাংস্কৃতিক গুৰুত্ব
পুলিন ফুকন
জ্যোতিপ্ৰসাদ আগৰৱালাৰ "শোণিত কুঁৱৰী" নাটকখনে অসমীয়া নাট্যসাহিত্যত এক নতুন যুগৰ সূচনা কৰিলে। পৌৰাণিক আখ্যান এটাক বিষয়বস্তু হিচাপে লৈ আধুনিক ভাৱ আৰু ভাষাৰে সমৃদ্ধ কৰি নাট খন ৰচনা কৰিছিল।"শোণিত কুঁৱৰী" নাটকখনৰ বিষয়বস্তু উষা-অনিৰুদ্ধৰ গুপ্ত প্ৰনয়। এই গুপ্ত প্ৰণয়ৰ প্ৰকাশ ঘটাবলৈ যাওঁতে বিষয়ৰ নতুনত্ব, চৰিত্ৰ চিত্ৰণ, গীত-নৃত্য আদিবোৰে নাটকখনৰ সাংস্কৃতিক গুৰুত্ব বৃদ্ধি হোৱাত সহায় কৰাছে।
যদিও জ্যোতিপ্ৰসাদ আগৰৱালাই পুৰাণৰ কাহিনী এটিক লৈ "শোণিত কুঁৱৰী" নাটকখন ৰচনা কৰিছে তথাপি নাটকখনৰ মাজত নাট্যকাৰৰ মৌলিকতা বিশেষভাৱে লক্ষণীয়। অসমৰ সাংস্কৃতিক নৱজাগৰণত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদানৰ বিষয়ে দুনাই কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ সাহিত্যৰ মাজেদি জ্যোতিপ্ৰসাদে ঊনবিংশ শতিকাৰ পৰা আৰম্ভ হোৱা অসমৰ সাংস্কৃতিক নৱজাগৰণ আনিছিল।আমি আলোচনা কৰিবলৈ বিচৰা বিষয়টো হৈছে জ্যোতিপ্ৰসাদৰ "শোণিত কুঁৱৰী" নাটকৰ সাংস্কৃতিক গুৰুত্ব। অৱশ্যে আমি কেৱল নাটক হিচাপে ইয়াৰ গুৰুত্ব বিচাৰ কৰা নাই বৰং বহল অৰ্থত অসমৰ সাংস্কৃতিক নৱজাগৰণত এই নাটক খনৰ সাংস্কৃতিক গুৰুত্ব বিচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। "শোণিত কুঁৱৰী" নাটকখনৰ বিষয়বস্তু হৰিবংশ আৰু ভাগৱত পুৰাণৰ পৰা গ্ৰহণ কৰা যেন লাগিলেও অনন্ত কন্দলিৰ "কুমৰ হৰণ" কাব্যৰ লগতো ইয়াৰ সাদৃশ্য আছে। বিষয়বস্তু প্ৰাচীন কাব্যৰ পৰা গ্ৰহণ কৰিলেও ঊনবিংশ শতিকাৰ সমসাময়িক সমাজ ব্যৱস্থাৰ লগত খাপখোৱাকৈ মৌলিকভাৱে ৰচনা কৰিছে।
সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হৈছে নাটক। আৰু এই নাটকৰ অন্তৰংগ উপাদান হিচাপে গীত অতি গুৰুত্বপূৰ্ণ। কেৱল "শোণিত কুঁৱৰী" নাটক বুলিয়েই নহয়,জ্যোতিপ্ৰসাদে তেখেতৰ নাটক সমূহত সংযোজন কৰা গীত সমূহ ব্যাপক অৰ্থত আধুনিক অসমীয়া সংগীতৰ এক অভিনৱ সংযোজন। নাটক হিচাপে "শোণিত কুঁৱৰী"খন জ্যোতিপ্ৰসাদৰ আগবয়সৰ(১৯১৭) ৰচনা। এইসময়ছোৱাত আধুনিক অসমীয়া সংগীতৰ অৱস্থা তথৈবচ। অসমত অসমীয়া ভাষাত আধুনিক সংগীতৰ চৰ্চ্চা কৰা সংগীতজ্ঞৰ সংখ্যা আঙুলিমূৰত গণিব পৰা। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেইসময়ত অসমত বঙলুৱা আৰ্হিৰ অসমীয়া গীত বা বঙলুৱা গীতৰ প্ৰয়োভৰহে বেছি আছিল।
জ্যোতিপ্ৰসাদে অসমীয়া সংগীতৰ এই শোচনীয় অৱস্থাটোক প্ৰত্যক্ষ কৰিছিল আৰু সেয়েহে তেওঁ ৰচনা কৰা নাটক সমূহত অসমীয়া গীতৰ সংযোজন ঘটাইছিল। অকল সেয়াই নহয় ইয়াৰ সুৰটো আছিল সম্পূর্ণ অসমীয়া। তেখেতে অসমৰ লোকগীতৰ সুৰক আধুনিক অসমীয়া গীতৰ সৈতে সংমিশ্ৰণ ঘটাই এহাতে অসমীয়া লোকগীতক আধুনিক মঞ্চত প্ৰতিষ্ঠা কৰিছিল আৰু আনহাতে আধুনিক অসমীয়া সংগীতক নৱৰূপ প্ৰদান কৰিছিল। এইকথাখিনি আমি আমাৰ আলোচ্য নাটক "শোণিত কুঁৱৰী"ৰ লগত ৰিজাই চাব পাৰোঁ। নাট্যকাৰে নিজেই কৈছে---------"শোণিত কুঁৱৰী" নাটকখন অসমীয়া সংগীত বুৰঞ্জীৰ আটাইতকৈ লাগতিয়াল পাত।" গাঁৱৰ নিভৃত স্থান আৰু সত্ৰৰ ভিতৰৰ পৰা অসমীয়া সংগীতক আৰু অসমীয়া নৃত্যক আদৰি আনি আধুনিক অসমীয়া শিক্ষিত সমাজত আৰু অসমৰ মঞ্চবোৰত "শোণিত কুঁৱৰী"নাটকৰ যোগেদি আগৰৱালাই প্ৰতিস্থা কৰিলে। উদাহৰণ স্বৰূপে আমি নাটকখনৰ আৰম্ভণিতে থকা ব্যঞ্জনাধৰ্মী "গছে গছে পাতি দিলে"শীৰ্ষক গীতটিৰ কথা উল্লেখ কৰিব পাৰোঁ। পিতৃ সংগীতজ্ঞ পৰমানন্দ আগৰৱালাৰ নিৰ্দেশ মৰ্মে অসমীয়া গীত-মাতত এক নতুন সুৰ সংযোগ কৰিলে। তেতিয়াৰে পৰা অসমীয়া বিহুনাম, বিয়ানাম,আইনাম,টোকাৰী গীত,বনগীত বোৰ বহুল প্ৰচলন হ'বলৈ ধৰে। নাট্যকাহিনীৰ পূর্বাভাষ থকা এইগীতটিৰ সুৰটো কিন্তু অসমীয়া লোকগীত বিয়ানামৰ আৰ্হিৰ। সেইদৰে নাটক খনৰ সকলোবোৰ গীতেই চিত্রাকৰ্ষক।কোনোটোত যদি লোকগীতৰ সুৰ আছে কোনোটোত আকৌ কীৰ্তন-ঘোষাৰ সুৰ বিদ্যমান। গতিকে কব পাৰি যে "শোণিত কুঁৱৰী" নাটকখনৰ সৰ্বপ্ৰথম সাংস্কৃতিক গুৰুত্বটো হল ইয়াৰ গীত সমূহ,যিসমূহ গীতে আধুনিক অসমীয়া সংগীতৰ নৱজাগৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
"শোণিত কুঁৱৰী" নাটকৰ সাংস্কৃতিক গুৰুত্ব বিচাৰ কৰোঁতে আমি গুৰুত্ব দিবলগীয়া আন এটি বিষয় হ'ল নাটকখনত ব্যৱহৃত নৃত্য। এই নৃত্যৰ ক্ষেত্ৰটো নাট্যকাৰে অসমীয়া লোকনৃত্যৰ সৈতে আধুনিক নৃত্যৰ সংমিশ্ৰণ ঘটাইছে। অসমীয়া সংস্কৃতি জগতলৈ এক ঐতিহাসিক অৱদান আগৰৱালাৰ "শোণিত কুঁৱৰী" নাটকৰ নৃত্য। সেই সময়ত অসমৰ শিক্ষিত সমাজৰ লোক সকলে অসমীয়া বিহু নাচ আৰু অসমীয়া ভাওনাত থকা কামৰূপী হিন্দু নৃত্যৰ মুল্য বুজা নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই এই বিহু নাচ আৰু ভাওনা নাচক "শোণিত কু্ঁৱৰী" নাটকৰ যোগেদি মঞ্চস্থ কৰিলে।ইয়াৰ উদাহৰণত আমি নাটকখনৰ আৰম্ভণিতে থকা চিত্ৰলেখাৰ "পদুমকলি নাচ"টোলৈ আঙুলিয়াব পৰোঁ। সেইদৰে নাটকখনৰ অন্যান্য গীতসমূহত উল্লেখ থকা নৃত্যক আমি নাট্যকাৰে অসমীয়া নৃত্যক মাৰ্জিত ৰূপত আধুনিক মঞ্চত উপস্থাপন কৰা বুলি কব পাৰোঁ।
পশ্চিমীয়া নাটকৰ মঞ্চ নিৰ্দেশনা অসমীয়া নাটকত প্ৰথমে প্ৰয়োগ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই "শোণিত কুঁৱৰী" নাটকত। নাটকখনত থকা নাটকীয় নিদ্দেৰ্শৱালীৰ ফালৰ পৰা অসমীয়া নাট্য-সাহিত্যত "শোণিত কুঁৱৰী" ক পথ প্ৰদৰ্শক বুলিব পাৰি। কিয়নো নাটকখনত স্থান আৰু সময়ৰ উল্লেখৰ ওপৰি চৰিত্ৰৰ মানসিক অৱস্থাৰো ইংগিত আছে। আগৰৱালাই সৰ্বপ্ৰথমে অসমীয়া নাটকত চেটিং বা মঞ্চ সজ্জাৰ ওপৰত গুৰুত্ব দি অভিনয় কলাক নতুনত্ব প্ৰদান কৰিছিল।
সামগ্ৰীকভাৱে জ্যোতিপ্ৰসাদৰ "শোণিত কুঁৱৰী" নাটকখন হল অসমীয়া সাহিত্য-সংস্কৃতিৰ বাবে এক উল্লেখযোগ্য অৱদান। জ্যোতিপ্ৰসাদে পৌৰাণিক কাহিনীক নাটক খনত নৱৰূপত উপস্থাপন কৰিছে;বিষয়বস্তুক আধুনিকতা প্ৰদান কৰিছে। জ্যোতিপ্ৰসাদে নাটকখনৰ কাহিনীক মূলৰ অলৌকিকতাৰ পৰা বাস্তৱিকতালৈ ৰূপান্তৰ ঘটাইছে। ইয়াত চৰিত্ৰ সমূহক নাট্যকাৰে দেৱ-দেৱীৰ পৰা মাটিৰ মানুহৰ শাৰীলৈ নমাই আনিছে; ফলত নাটক খনৰ বাস্তৱধৰ্মিতা গুণ বৃদ্ধি পাইছে। নাটক খনৰ সাংস্কৃতিক গুৰুত্ব বিচাৰ কৰোঁতে আমাৰ চকুত পৰা আন এটা বিষয় হল যে শিল্পী সম্বন্ধে থকা তেখেতৰ নিজস্ব ধাৰণা যেন "চিত্ৰলেখা'চৰিত্ৰটোৰ মাজেদি প্ৰকাশ ঘটিছে। সংস্কৃতিবান এটা জাতিকহে সভ্য জাতি বুলি গণ্য কৰা হয়। জ্যোতিপ্ৰসাদেও এইকথাষাৰ স্বীকাৰ কৰিছে। তেখেতে বিশ্বাস কৰিছিল যে সংস্কৃতিয়ে সকলো দুষ্কৃৰ্তি নাশ কৰিব পাৰে। জ্যোতিপ্ৰসাদে নাটকখনত "কৃষ্ণ" চৰিত্ৰটোক এজন চিৰন্তন শিল্পী তথা সংস্কৃতিৰ প্ৰতীক ৰূপত গ্ৰহণ কৰিছে। এইকথাষাৰ নাট্যকাৰে "শিল্পীৰ পৃথিৱী" শীৰ্ষক প্ৰবন্ধ এটাত প্ৰকাশ কৰিছে এনেদৰে,"আমি আজি শিল্পীৰ ৰূপেৰেই দুষ্কৃৰ্তি নাশ আৰু সংস্কৃতি গঢ়িবলৈ কৃষ্ণ-সত্যৰ ওপৰতেই আমাৰ অভিযান প্ৰতিষ্ঠা কৰিব পাৰোঁ। এহাতেৰে যুদ্ধ আৰু আন হাতেৰে সৃষ্টি(fight and creat)। শোণিত কুঁৱৰী নাটকখনৰ পৰিনীতিত নাট্যকাৰে ইয়াকে প্ৰতিষ্ঠা কৰিছে। নাটক খনৰ শেষত সত্য,সুন্দৰ তথা সংস্কৃতিয়ে সকলোৰে মঙ্গল সাধন কৰিছে;সকলোৰে মিলন ঘটাইছে।
দূৰভাষঃ৭০৮৬৬৬১৩৪৯